Wednesday, March 22, 2023
HomeAssameseহিন্দুত্বৰ হুংকাৰ , ধৰাশায়ী উদ্ধৱ ঠাকৰে চৰকাৰ

হিন্দুত্বৰ হুংকাৰ , ধৰাশায়ী উদ্ধৱ ঠাকৰে চৰকাৰ

হিন্দুত্বৰ হুংকাৰ , ধৰাশায়ী উদ্ধৱ ঠাকৰে চৰকাৰ

বিগত কেবা সপ্তাহ ধৰি চুনামীৰ সৃষ্টি হৈ থকা মহাৰাষ্ট্ৰত ৰাজনীতিত ক্ৰমে স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিবলৈ লৈছে । বুধবাৰৰ দিনটো মহাৰাষ্ট্ৰ ৰাজনীতিৰ বাবে আছিল চৰম উৎকণ্ঠাৰ দিন । গুৱাহাটী পৰা বিসম্বাদী বিধায়কৰ দল গোৱালৈ উৰা মৰা সমান্তৰালকৈ উচ্চতম ন্যায়লয় চলিছিল উৎকণ্ঠাৰে ভৰা এক গোচৰৰ শুনানী । মহাৰাষ্ট্ৰৰ ৰাজ্যপালে ফ্লোৰ টেষ্টৰ বাবে নিৰ্দেশ দিয়াৰ পিচত , সেই নিৰ্দেশ প্ৰত্যাহাৰৰ বাবে সৰ্ব্বোচ্চ ন্যায়লয়ৰ ওচৰ চাপিছিল উদ্ধৱ ঠাকৰে চৰকাৰ । কিন্ত উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰীৰ আসন বহি থকা দুৰ্বাৰ বাসনাত চেচাঁ‌পানী ঢালি সৰ্বোচ্চ ন্যায়লয়ে ফ্লোৰ টেষ্টৰ সপক্ষে ৰায়দান কৰে ।
উপায়বিহীন উদ্ধৱ ঠাকৰেই অৱশেষত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে । নিশা ৰাজ্যপাল ভগত সিঙ কোচিয়াৰীক পদত্যাগ পত্ৰ দাখিল কৰে উদ্ধৱ ঠাকৰে ।
উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিচত সক্ৰিয়তা বৃদ্ধি হয় বিজেপি শিৱিৰত ।
বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি ৪৯ বিধায়কৰ সমৰ্থন পত্ৰ প্ৰদান কৰিব বিসম্বাদী গোটৰ নেতা একনাথ সিন্ধেই । ৩ বজাত একনাথ সিন্ধে আৰু দেবেন্দ্ৰ ফাৰ্ণডবিজে চৰকাৰ গঠনৰ
মহাৰাষ্ট্ৰত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ৰাজ্যপালৰ ওচৰত দাবী উত্থাপন কৰিব ।শেহতীয়া খবৰ অনুসৰি ১ জুলাইত মুখ্যমন্ত্ৰী ৰুপে দেবেন্দ্ৰ ফাৰ্ণডবিজে শপত লোৱাৰ সম্ভাৱনা ।

National Desk , Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments