হিজবুল মুজাহিদীনৰ ভাবুকি, হিট লিষ্ট জাৰি কৰিলে ৩০ জনকৈ আৰক্ষীৰ

0
907

NATIONAL DESK NE INDIA : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু আৰক্ষী বিভাগৰ মাজত দৈনন্দিন সংঘটিত হৈছে ভিন্ন সংঘৰ্ষৰ। নিষিদ্ধ ঘোষিত সংগঠন হিজবুল মুজাহিদীনে ৰাজ্যখনত আৰক্ষী তথা সেনা বাহিনীৰ বিৰুদ্ধে জাৰি কৰিছে বিভিন্ন সতৰ্কবাণী। য’ত সংগঠনটোৱে নিৰ্দেশ জাৰি কৰি কৈছে যে, আৰক্ষীৰ লোকসকলে  হয় নিজৰ পদৰ পৰা অৱ্যাহতি লওঁক অন্যথা নিজৰ প্ৰাণ দিবলৈ সাজু হওঁক। এনে সমূহ সতৰ্ক বাণীৰ উপৰিও সংগঠনটোৱে সদ্যহতে এক তালিকা প্ৰকাশ কৰিছে। যত জাৰি কৰা হৈছে জম্মু-কাশ্মীৰৰ আৰক্ষী বিষয়া তথা জোৱানৰ ৩০ জনকৈ লোকৰ নাম। যি সকলে বৰ্তমান সন্ত্ৰাসবাদী সংগঠনটোৰ বিৰুদ্ধে দক্ষিণ কাশ্মীৰ অঞ্চলত অভিযান চলাই আছে। যিসকলক  সংগঠনটোৱে তেওঁলোকৰ হিট লিষ্টত সন্নিৱিষ্ট কৰিছে, আৰু ছ’চিয়েল মাধ্যমযোগে সতৰ্কবাণী প্ৰকাশ কৰি প্ৰাণৰ ভাবুকি প্ৰদান কৰিছে। এতিয়া এই বিষয়ক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিভিন্ন মহলৰ লগতে  ছ’চিয়েল মাধ্যমত। উল্লেখযোগ্য যে, হিজবুল মুজাহিদীনে ৩০ জনীয়া হিট লিষ্টখন ফটোসহকাৰে  এনেদৰে প্ৰকাশ কৰিছে, যি দৰে সুৰক্ষা বিভাগে অপৰাধীসকলৰ হিট লিষ্ট জাৰি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here