হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

68
হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

এখন গণতান্ত্ৰিক দেশত নিৰ্ভীক ভাবে চলন- ফুৰণ কৰা, নিজৰ সম্পত্তি সংগ্ৰহ কৰা, চৰকাৰী সা-সুবিধা লাভ কৰা, মন্দিৰ-মছজিদ-গুৰুদ্বাৰলৈ যোৱাৰ অধিকাৰ সকলোৰে থাকে।

তাৰ লগতে থাকে কোনো ধৰ্মীয় শোভাযাত্ৰা, নাম প্ৰসংগ কৰাৰ অধিকাৰ । বৰ্তমান পৰিস্থিতি সাপেক্ষে এনেকুৱা অনুষ্ঠানত পুলিচ-প্ৰশাসনৰ অনুমোদন আৰু ৰক্ষণাবেক্ষণ থকাটো জৰুৰী আৰু বিধিসন্মত হৈ পৰিছে ।

তৎসত্বেও বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইত দেখা যায় বিভিন্ন ধৰণৰ উশৃংখলতাৰ একোখন ভয়ানক ছবি। এই উশৃংখলতা, ভাৰতৰ দৰে বৃহৎ গণতান্ত্ৰিক দেশৰ ৰাজধানী চহৰ দিল্লীতেই বৰ্তমান সৰ্বাধিক যেন ধাৰণা হয়।

এখন সাৰ্বভৌম দেশত সংবিধান প্ৰদত্ত সকলো অধিকাৰ লাভ কৰাৰ পিছত অন্য এক ৰাষ্ট্ৰৰ হৈ “জিন্দাবাদ” ধ্বনি দিয়াটো কেৱল নিন্দনীয়ই নহয়, অপৰাধো।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা
বিগত ১৬ এপ্ৰিলৰ হনুমান জয়ন্তীৰ দিনা হোৱা বিশৃংখল ঘটনাটোৰ কথাও উল্লেখযোগ্য। দিল্লীতেই বাৰে বাৰে সংঘটিত হৈ আহিছে কেইবালানিও হিংসাত্মক ঘটনা।

কোনো এখন দেশ তথা জাতিৰ বাবে বাবে এয়া শুভ লক্ষণ নহয়। এই কথা প্ৰতিজন সুস্থ নাগৰিকে অনুভৱ কৰিছে। দিল্লীত দুখনকৈ চৰকাৰৰ উপস্থিতি যদিয়ো, ঘটনাক্ৰমত দুয়োখনৰ স্থিতি বিপৰীতমুখী।

সেই বাবেই চাগে নিয়ম-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ কাম-কাজত সহযোগৰ পৰিসৰৰ আভাস ক্ষীণ দেখা যায়।

উশৃংখলতা, ভাৰতৰ দৰে বৃহৎ গণতান্ত্ৰিক দেশৰ ৰাজধানী চহৰ দিল্লীতেই বৰ্তমান সৰ্বাধিক যেন ধাৰণা হয়।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা
shaheen bagh

নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ গইনাত ” ধৰ্মনিৰপেক্ষ ” শব্দটোক লৈ দিল্লীত যি এক বিৰাট প্ৰদৰ্শণ চলিছিল, তাক কেৱল মাত্ৰ “প্ৰদৰ্শণ” বুলি ক’ব পৰা গৈছিল নে?

প্ৰদৰ্শণ কাৰীয়ে বিক্ষোভ কৰক, তাত অন্য নাগৰিকৰ আপত্তি কৰিব লগীয়া একো নাই। কিন্তু তাত প্ৰকৃততে কি হৈছিল ? কাৰোবাক ফ্ৰী কাশ্মীৰ লাগে, কোনোবাই অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে।

কোনোবাই টকা-পইচাৰে সহায় কৰিছিল। তাতেই আকৌ কোনোবাই ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰৰ “জিন্দাবাদ” ধ্বনি দিছিল । তাৰ আৰু এঢাপ ওপৰলৈ গৈ দেশৰ সম্পদ বিনষ্ট কৰিছিল ।

মাহৰ পিছত, মাহ ৰাজপথত সাধাৰণ জনতাৰ যাতায়ত ব্যৱস্থা বিকল কৰি নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰাটো কি ধৰণৰ সাংবিধানিক অধিকাৰ, তাক বুজাত অসুবিধা হয়।

এখন সাৰ্বভৌম দেশত সংবিধান প্ৰদত্ত সকলো অধিকাৰ লাভ কৰাৰ পিছত অন্য এক ৰাষ্ট্ৰৰ হৈ “জিন্দাবাদ” ধ্বনি দিয়াটো কেৱল নিন্দনীয়ই নহয়, অপৰাধো।

সেইদৰে কোনোবা চেলিব্ৰেটীয়ে ইউনিভাৰ্চিটিৰ দৰে শিক্ষাৰ সৰ্বোচ অনুষ্ঠানত গৈ ভাৰতৰ অখণ্ডতাৰ বিৰুদ্ধে তৎপৰ লোকৰ ওচৰত থিয় হোৱাতো অপৰাধৰ সমাৰ্থক।

বিধিসন্মত বাবে ভাৰতৰ সদনত এখন আইন গৃহীত হৈছিল । বিৰোধীৰ পক্ষই যদিয়ো তাৰ গতি ৰোধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল, সদনত তেওঁলোকৰ সদস্য সংখ্যাৰ নাটনিৰ বাবে সেয়া সম্ভৱ নহ’ল।

সেই সন্দৰ্ভত যোৱা কিছুমাহ ধৰি, ভাৰতৰ বিভিন্ন প্ৰান্তত আইনখনৰ বিৰোধিতা কৰি এলানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ হৈছিল । এই আন্দোলনৰ গইনা লৈ ভাৰতীয় সংখ্যাগুৰু সকলৰ ওপৰত সংখ্যালঘূ (? ) ৰাজনৈতিক নেতাই শক্তি প্ৰদৰ্শণৰ প্ৰকাশ্যে ভাবুকি দিছিল।

গণতান্ত্ৰিক পদ্ধতিৰে সংসদত বিৰোধী সদস্যসকলে “নাগৰিকত্ব সংশোধনী আইন ২০১৯ খন” ৰ গতিৰোধ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিবৰ্তে এই আইনখনৰ বিৰুদ্ধে ৰাজপথত প্ৰদৰ্শন কৰিছিল। কিন্তু সেয়া কিমান পৰিমাণে অহিংস আছিল, তাৰ বিচাৰ কৰা হৈছিল নে?

অহিংস আন্দোলনৰ চমৎকাৰীত্ব দেখি বেছি চিন্তা হয় সাধাৰণ মানুহৰ। ভাৰতৰ বাঘা বাঘা আইন-জীৱি আৰু বিৰোধী দলৰ নেতাই কোনোবা সংগঠনৰ পৰা লাখ লাখ টকা লৈ বিৰোধিতা প্ৰদৰ্শণৰ ঠিকা লোৱা বুলিও শুনা গৈছিল। কি ধৰণৰ দেশপ্ৰেমৰ দ্বাৰা উদ্বুদ্ধ নেতা তেওঁলোক?

আন্দোলনৰ গইনা লৈ ভাৰতীয় সংখ্যাগুৰু সকলৰ ওপৰত সংখ্যালঘূ (? ) ৰাজনৈতিক নেতাই শক্তি প্ৰদৰ্শণৰ প্ৰকাশ্যে ভাবুকি দিছিল।

সাধাৰণ বিৰোধিতা, গালি-শপনি বা আক্ৰমণৰ হুংকাৰেৰে যদি কাম নিসিজে তেন্তে আন্দোলন হৈ পৰে লাঠী, শিলগুটি, ভঙা ইটা, পেট্ৰ’ল বোমা, এচিড , জলকীয়াৰ গুড়ি, জুই, আনকি পিষ্টলৰ সমাহাৰ ।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

নৰ সংহাৰৰ বাবেহে যেন ই এক উন্মত্ত স্পৃহা ! এটা শৰীৰৰ ওপৰত ত্ৰিশ-চল্লিশটা অস্ত্ৰৰ আঘাট, হাজাৰ হাজাৰ গাড়ী- বাইক জ্বলাই দিয়া, ঘৰ জ্বলাই দিয়া, হস্পিটেল লণ্ড-ভণ্ড কৰা মানুহবোৰ ক’ৰ?

ভাৰতৰ ধৰ্মনিৰপেক্ষতা অৱলম্বন কৰা জনতা নহয় নে? তেওঁলোকৰ সামূহিক নাম – দুস্কৃতিকাৰী। কিন্তু ধৰা পৰাৰ পিছত পৰিচয় বেলেগ বেলেগ হয়।

দিল্লীত সংঘটিত হোৱা কেইবালানি ঘটনাই এটা বিশেষ ধৰ্মৰ মানুহক জগৰীয়া কৰিছে।

তাৰ পিছত কৃষক আন্দোলন আমি দেখিলোঁ। ২০২১ চনৰ ২৬ জানুৱাৰীত লালকিল্লাৰ ঘটনাও দেখিলোঁ। যোৱা ১৬ এপ্ৰিলত জাহাংগীৰপুৰীৰ ধৰ্মীয় শোভাযাত্ৰাকাৰীৰ ওপৰত আন এচাম মানুহৰ উপদ্ৰৱৰ ছবি সংবাদ মাধ্যমত দেখা গৈছে।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

তাৰ পিছতো অপৰাধী বিচাৰি গৈ থাকোঁতে. পুলিচৰ ওপৰত প্ৰহাৰ হোৱাৰ ছবিও টেলিভিছনত প্ৰচাৰ হৈছে। । ধৰ্মনিৰপেক্ষ দেশ এখনত যি কোনো এটা ধৰ্মৰ প্ৰতি আন ধৰ্ম্ম উপাসকসকল অ-সহিষ্ণু হৈ পৰাটো ন্যায়সংগত নহয় যেন ধাৰণা হয়। কথাবোৰ সকলো পক্ষই চিন্তা কৰা উচিত।

আন এটা প্ৰশ্ন উত্থাপন হয় – প্ৰতিবাৰতে দিল্লী কিয়? দিল্লীৰ পৰিস্থিতি ৰক্তাক্ত হোৱাৰ বাবে ন্যায়িক আৰু নৈতিকভাবে জগৰীয়া কোন? দিল্লীৰ মূখ্যমন্ত্ৰীজন নে কেন্দ্ৰীয় গৃহমন্ত্ৰী?

চিন্তা কৰিব লগীয়া কথা এই যে প্ৰদেশ এখনত সঘনাই উশৃংখলতাৰ সৃষ্টি হৈ থাকিলে কাৰোবাৰ ক্ষতি হোৱাতে সকলো শেষ কথা নহয়, প্ৰদেশখনৰ সকলো প্ৰগতি মূলক কাম বাধাগ্ৰস্ত হয়।

তাৰ প্ৰভাৱ অন্য প্ৰান্তৰলৈ বিস্তাৰিত হয়। ভোট দি জিকাই পঠোৱা মূখ্যমন্ত্ৰীজনে শাসন কৰা জনতাৰ জীৱন ত্ৰস্ত-ব্যস্ত হৈ পৰে। তাৰ বাবে খুব সম্ভৱ মূখ্যমন্ত্ৰীজন বেছি পৰিমাণে দায়বদ্ধ।

এইধৰণৰ ঘটনাক্ৰমত অকল এটা ধাৰ্মিক গোষ্ঠীয়েই যে জড়িত হৈ থকা নাই তাত সন্দেহ থাকে। তাৰ লগত অনেক সুবিধা বিচাৰি থকা লোক, দল আৰু ৰাজনৈতিক সংগঠনৰ হাত উজান আছে। সেয়া অপ্ৰিয় সত্য কথা।

অভিযোগ উঠিছে – দিল্লীৰ বহু অঞ্চলত সন্দেহজনক বিদেশীয়ে সংস্থাপন লৈছে। কেন্দ্ৰীয় চৰকাৰে তেনে লোকৰ বাসস্থান উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

এচাম ধৰ্মীয় মৌলবাদী নেতা আৰু ৰাজনৈতিক নেতাই তেনে লোকৰ ৰক্ষণাবেক্ষণৰ বাবে উঠিপৰি লাগিছে। আনকি আদালতত যুজিবলৈ অতি নামী আৰু দামী উকীল নমাই দিছে।

আমাৰ চৰম ভুল আৰু অপৰাধ হ’ব -যদিহে প্ৰকৃততে অবৈধ বিদেশীৰ হকে মাত মাতিছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰে বুলডোজাৰ চলোৱাৰ আগতে সেই তথ্য ৰাজহুৱা ভাবে সদৰি কৰা উচিত।

তেনে কৰিলে অন্ততঃ আন্দোলনৰ তীব্ৰতা নাথাকিব। ৰাইজৰ মাজত বুজা পৰা অটুত থাকিব।

তাৰ মাজতে ১৩ মেত দিল্লীৰ মণ্ডুকা অঞ্চলত হোৱা অগ্নিকাণ্ডত এই লেখা প্ৰস্তুত কৰা সময়লৈকে ২৭ জনৰ মৃত্যু হৈছে , ৪০ জন আহত আৰু বহু লোক সন্ধানহীন হৈ আছে।

এই অগ্নিয়ে সকলোকে ভবাই তুলিছে – নগৰ নিগম, অগ্নি নিৰ্বাপন বিভাগ, চৰকাৰ আৰু অবৈধ নিৰ্মাণকাৰী সকল জনতাৰ সুৰক্ষাৰ বাবে কিমান আস্থাভাজন ?

বিভাগসমূহৰ এনেকুৱা আওকণীয়া ব্যৱস্থাৰ মাজত যিকোনো দুস্কৃতিকাৰীয়ে অনায়াসে ভয়ংকৰ কাম সংঘটিত কৰাত কিমান সুবিধাজনক তাক মণ্ডুকা অঞ্চলত হোৱা অগ্নিকাণ্ডই দেখুৱাই দিছে।

বৰ্তমান চলি আছে – জ্ঞান বাপী মছজিদৰ বিবাদ। আৰু কেইটামান দিনৰ পিছত সি কি ৰূপ ধাৰণ কৰে, সেয়া সময়েহে ক’ব।

আমাৰ বাবে সৌভাগ্য যে ওপৰত উল্লেখ কৰা ঘটনাসমূহ আমাৰ অসমৰ পৰা বহু দূৰৈত সংঘটিত হৈছে । কিন্তু তাৰ প্ৰভাৱ আমাৰ ওপৰতো পৰিব। কা – আন্দোলনৰ প্ৰভাৱ অসমীয়াৰ গাত ভালদৰেই প্ৰতিফলিত হৈছিল, যি কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই।

হিংসা কাৰো কাম্য নহয়, হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি সকলো কয়।

বৰ্তমান মাদ্ৰাছাত জেহাদীয়ে ঘাটি পাতি অসমতো উগ্ৰপন্থী কাৰ্য্য কলাপৰ ব্লু প্ৰিণ্ট তৈয়াৰ কৰা বুলি অসমৰ মূখ্যমন্ত্ৰীৰ নিৰ্দেশত গোৱালপাৰাৰ কেইখনমান মাদ্ৰাচা উৎখাত কৰাক লৈ কেইজনমান বিশেষ ধৰ্মীয় নেতাই উত্তেজনা সৃষ্টিৰ চেষ্টা কৰি আছে।

হিংসাৰ শ্ৰীবৃদ্ধি আৰু ৰাজনৈতিক নেতাৰ ভুমিকা

কিন্তু অসমৰ মুছলমান সকলে তাক উপলদ্ধি কৰিব পাৰিছে।

এনেকুৱা ঘটনাবোৰ ৰোধ কৰাৰ বাবে প্ৰথমে সজাগ হ’ব লাগিব চৰকাৰ। চৰকাৰৰ সূক্ষ্ম পৰ্যবেক্ষণ শক্তি থাকিব লাগিব, লগতে লাগিব কঠোৰ আইনী প্ৰক্ৰিয়া।

হিংসা কাৰো কাম্য নহয়, হিংসাই কোনো সমস্যাৰ সমাধান নকৰে বুলি সকলো কয়। তথাপি সেই কথা কোৱা বোৰে শেষত তাতেই আশ্ৰয় লয়। তথাপিয়ো আমি কামনা কৰিছোঁ – হিংসা বন্ধ হ’ব লাগে।

এই পৰিস্থিতি চম্ভালিবলৈ কঠোৰ আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত। অন্যথা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈয়েই থাকিব।

মুঠতে হিংসাৰ শ্ৰীবৃদ্ধি ৰোধ কৰিবই লাগিব।

ড০ আৰ কে বেজবৰুৱা, তেজপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here