হায়দৰাবাদ বোমা বিস্ফোৰণ আৰু গোধৰা কাণ্ডৰ ৰায়দান

0
1010

NATIONAL DESK NE INDIA : হায়দৰাবাদত ২০০৭চনত সংঘটিত ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনাৰ আজি অন্তিম শুনানিৰ দিন। বহুচৰ্চিত এই বিস্ফোৰণৰ ১১বছৰ ধৰি চলা মোকৰ্দ্দমাৰ অন্তত ন্যায়ালয়ে কৰিব ৰায়প্ৰদান। ২০০৭চনৰ ২৫আগষ্টৰ দিনা হায়দৰাবাদত সংঘটিত দুটাকৈ বোমা বিস্ফোৰণত ৪২জন লোকৰ মৃত্যুৰ লগতে ৫০জন লোক আহত হৈছিল। পৰৱৰ্তী সময়ত তেলেংগনা কাউণ্টাৰ ইণ্টেলিজেনচ্ চেলৰ তদন্তৰ ভিত্তিত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইণ্ডিয়ান মুজাহিদীন সন্ত্ৰাসবাদী সংগঠনৰ প্ৰতিষ্ঠাপক ৰিয়াজ ভটকল আৰু ইকবাল ভটকল উক্ত ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল বুলি পোহৰলৈ আহিছিল চেলৰ তদন্তৰ ভিত্তিত। ৰিয়াজ ভটকল,ইকবাল ভটকল,ফাৰুখ ছৰিফুদ্দিন বৰ্তমানেও পলাতক অৱস্থাত। একে  সময়তে দেশ কঁপোৱা ২০০২চনৰ গোধৰা ট্ৰেইন ভয়াবহ কাণ্ডৰ আজি ৰায়প্ৰদান কৰে বিশেষ ন্যায়াধীশৰ আদালতে। ৰায়দান কৰি আদালতে অভিযুক্ত ইমৰান আৰু ফাৰুক ভানাক দোষী সাব্যস্ত কৰে। আনহাতে ঘটনাটোৰ অন্য তিনিজনক অভিযুক্তক দোষমুক্ত কৰে ন্যায়ালয়ে

LEAVE A REPLY

Please enter your comment!
Please enter your name here