হাতী-মানুহৰ সংঘাত ! হাতীৰ আক্ৰমণত আহত যুৱক

10

হাতী-মানুহৰ সংঘাত ! হাতীৰ আক্ৰমণত আহত যুৱক

দিনে দিনে বনাঞ্চলৰ পৰিমাণ কমি অহাৰ ফলত, মানুহৰ দ্বাৰা বনাঞ্চলসমূহ ধ্বংস হ’বলৈ ধৰাৰ ফলত বন্যপ্ৰাণীসমূহে আশ্ৰয় আৰু খাদ্য সংকটৰ সন্মুখীন হৈ আহিছে । যাৰ ফলশ্ৰুতিত খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত মানুহৰ বসতিস্থানলৈ আগমন ঘটিছে বন্যপ্ৰাণীৰ। কিন্তু খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিলেই সন্মুখীন হয় বাধা বিঘিনিৰ । মানুহে বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি তোলে বন্যপ্ৰাণী সমুহক । তেনে এক ঘটনা সংঘটিত হৈছে আমচাঙৰ সমীপৰ এখন ঠাইত। খাদ্য, বাসস্থানৰ অভাৱৰ সন্মুখীন হোৱা আমচাং অভয়াৰণ্যত বাস কৰা এটা হাতী দিন দুপৰতে ওলাই আহে খাদ্যৰ সন্ধানত। অভয়াৰণ্যখনত খাদ্যৰ নাটনি হোৱাৰ ফলত এই হাতীটো প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে জনাঞ্চললৈ। কিন্তু প্ৰতিদিনে মানুহৰ আমনিৰ সন্মুখীন হৈ আহিছিল হাতিটো । সেইদিনাও খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোক মানুহে বাধা দিবলৈ চেষ্টা কৰে । বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰে হাতীটোক । চাওক এই দৃশ্য

অৱশেষত ক্ষুন্ন হৈ থকা হাতীটোৱে খঙত কাষতে এজন ব্যক্তিক পাই ঠেলি দিয়ে । হাতীটোৰ আক্ৰমণত ব্যক্তিজন অচেতন হৈ পৰে। অচেতন ব্যক্তিজনক হস্পিতাললৈ প্ৰৰণ কৰা হ’য়।

News Bureau Reports, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here