হাতী চিকাৰৰ কিছু কথা-২ | Different Methods of Elephant Capture
Different Methods of Elephant Capture হাতী ধৰিবলৈ ধুৰা (গড় বান্ধি কৰা) চিকাৰৰ বাবে জংঘলৰ ভিতৰ য’ত সাধাৰণতে হাতী চলা ফুৰা কৰে, তাৰে এঠাইত প্ৰায় চল্লিশ মিটাৰ গোলাকাৰ ঠাই এটুকুৰা পৰিস্কাৰ কৰি লোৱা হয়।
প্ৰায় এক ফুট ব্যাসৰ ডাঙৰ ডাঙৰ গছ কাটি দহ বাৰ ফুট ওখ কুণ্ডা কৰা হয়। চাফা কৰা ঠাই টুকুৰাত এই এক ফুট গোলাইৰ কুণ্ডাবোৰ গাত গা লগাই ঘূৰণীয়াকৈ পুতি গৈ থকা হয়।
চাওঁতে চাওঁতে কুণ্ডাবোৰেৰে এটা গড় হৈ পৰে। গড়টোত এখন দুৱাৰো ৰখা হয় । ই প্ৰায় চাৰিফুট বহল। আকৌ দুৱাৰখনৰ দুয়োফালে প্ৰায় বাৰ মিটাৰলৈ একে ধৰণেই দুশাৰী কুণ্ডা পোটা হয়। সেই শাৰী দুটাক “লাঙী” বুলি কোৱা হয়।
বনৰীয়া হাতী খেদি আনি গড়ত বন্দী কৰালৈকে সকলো কাম এই মানুহ বোৰৰ হাতত। সেই বাবে তেওঁলোকক গড়লা পাৰ্টি বুলি কোৱা হয়।
কুণ্ডাবোৰ থিয় আৰু মজবুত কৈ পোটাৰ পিছত গড়ৰ ভিতৰ ফালে ছয়ফুট মান বহল আৰু তিনি ফুটমান দ ঘূৰণীয়াকৈ খাৱৈ এটা খন্দা হয় ।

তাৰ পিছত আগৰ গড়টোৰ চাৰিও ফালে ছয়ফুট মান আতঁৰেৰে গছৰ কুণ্ডাৰে আন এটা গড় তৈয়াৰ কৰা হয়। এই খিনি কাম সম্পূৰ্ণ কৰোতে পঞাশ জন মানুহক প্ৰায় সাত দিনমান সময় লাগে।
অৱশ্যে সেয়া নিৰ্ভৰ কৰে কাম কৰা মানুহৰ সংখ্যা আৰু কৰ্ম্ম কুশলতাৰ ওপৰত।
কুকুচুঙী চাঙ
এইবাৰ আন এটা গুৰুত্বপূৰ্ণ কাম কৰা হয়। গড়টোৰ ওচৰতে থকা চাৰিজোপা গছ সামৰি প্ৰায় পোন্ধৰ-ষোল্ল ফুট ওখত চাৰি-পাঁচ জন মানুহ বহিব পৰা এখন বাঁহৰ চাং সজা হয়। এই চাঙখনৰ নাম কুকুচুঙী ।
এটা কথা মন কৰা হয় যে পোৱালি হাতী আৰু পোৱলি থকা মাইকী হাতীবোৰ আৱদ্ধ কৰা নহয়।
ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ কামটো কৰে গড়লা পাৰ্টিয়ে। বনৰীয়া হাতী খেদি আনি গড়ত বন্দী কৰালৈকে সকলো কাম এই মানুহ বোৰৰ হাতত। সেই বাবে তেওঁলোকক গড়লা পাৰ্টি বুলি কোৱা হয়।
গড়লা পাৰ্টিত প্ৰায় পঞ্চাশজন মানুহ থাকে। এই মানুহ কিজনে হাতী খেদা কামত মূখ্য ভূমিকা পালন কৰে। তেওঁলোকৰ লগত পোহনীয়া মাখুন্দী, কুনকী আৰু মখনা হাতী থাকে।
তেওঁলোকৰ এজন পাকৈত মানুহ গড়ৰ দুৱাৰ মুখত থাকে। দুয়োখন লাঙীৰ মুখত দুজন দুজন মানুহে সষ্টম হৈ থাকে। লাঙীৰ সন্মুখত থাকে পোহনীয়া চৰ্দাৰ হাতীটো।
এই হাতীটো বিশেষ ভাৱে প্ৰশিক্ষিত। এই চৰ্দাৰৰ ওপৰতে চিকাৰৰ সমস্ত সাফল্য নিৰ্ভৰ কৰে।
হঠাৎ একেলগে কেইবাটাও ফটকাৰ শব্দ হয় আৰু জোৰ বিলাক জ্বলি উঠে। কি হ’ল একো ধৰিব নোৱাৰি, হস্তীকুলে দিগ্ বিদিক হেৰুৱাই ইফালে সিফালে দৌৰা দৌৰি আৰম্ভ কৰি দিয়ে ।
আন্ধাৰ নামি অহাৰ লগে লগে গড়লা পাৰ্টিৰ সকলো সদস্য সাজু হয়। প্ৰত্যেকেই হাতত কেৰাচিনত ভিজোৱা জোৰ কিছুমান লয়। লগত জুই শলা আৰু দৰকাৰী পৰিমাণৰ ফটকা থাকে।
মাখুন্দী আৰু কুনকীৰ ওপৰত হাতে সজা বন্দুক লৈ দুজন দুজন মাউত উঠি লয়। গছৰ ওপৰৰ কুকুচুঙী (চাঙ) ৰ ওপৰত ইতিমধ্যে চাৰিজন মানুহ উঠি সাজু হৈ থাকে।
এই মানুহ কেইজনেই বনৰীয়া হাতীৰ আগমনৰ উম-ঘাম লৈ গৰলা পাৰ্টিক অৰণ্যত প্ৰৱেশৰ ইঙ্গিত দিয়ে। তেওঁলোকৰ ইঙ্গিত পাাই গড়লা পাৰ্টিৰ মানুহে হাতত সাৰে ভৰিত সাৰে হাতীৰ জাকৰ পিছত অগ্ৰসৰ হয়।
ইফালে জাকৈয়া হাতীৰ সদস্যবোৰে গমেই নাপায়, কেতিয়া চিকাৰী মানুহে অতি সন্তৰ্পণে সিহঁতক তিনিফালৰ পৰা আগুৰি ধৰে।
হাতীৰ দলপতিৰ নিৰ্দেশত একো সন্দেহজনক নাপালে গোটেই দলটোৱে নিশ্চিন্তমনে সিহঁতৰ কাম কৰি থাকে। সেই সুযোগতে গড়লা পাৰ্টিৰ সদস্যসকলে তিনিওফালৰ পৰা চাপি আহি অৱস্থান লয়। ঠিক তেতিয়াই ওপৰৰ চাঙৰ পৰা সুহুৰিৰ আৱাজ শুনা যায়।
হঠাৎ একেলগে কেইবাটাও ফটকাৰ শব্দ হয় আৰু জোৰ বিলাক জ্বলি উঠে। কি হ’ল একো ধৰিব নোৱাৰি, হস্তীকুলে দিগ্ বিদিক হেৰুৱাই ইফালে সিফালে দৌৰা দৌৰি আৰম্ভ কৰি দিয়ে ।
এইবাৰ মাখুন্দি আৰু কুনকী কেইটা আগুৱাই যায়। সিহঁতৰ শুঁৰত একোডাল লোৰ শিকলি ধৰাই দিয়া হয়। সেই শিকলিৰে কোবাই কোবাই চেদেলি ভেদেলি হোৱা হাতীবোৰক পোহনীয়া কুনকী আৰু মাখুন্দীয়ে গড়টোৰ দিশত খেদিবলৈ ধৰে ।
ইফালে হাতে হাতে জ্বলাই লোৱা জোৰ বোৰ জোকাৰি জোকাৰি আৰু ফটকা ফুটাই বাকীবোৰ মানুহেও তিনি ফালৰ পৰা ঘেৰি আনে। মুঠতে এক হুলস্থুলৰ সৃষ্টি হয় ।
উপায়ন্তৰ হস্তীকুলে এফালে মুকলি পাই অজ্ঞতা বশতঃ প্ৰাণৰ মমতাত গড়ৰ পিনে দৌৰিবলৈ ধৰে।
গড়ৰ সন্মুখতে অতন্দ্ৰ প্ৰহৰীৰ ৰূপত থাকে প্ৰকাণ্ড চৰ্দাৰ হাতীটো। তাৰ ৰূপ ভয়ানক। সি শুৰডাল তুলি হাতীবোৰক নিয়ন্ত্ৰণ কৰি থাকে, যাতে হাতীবোৰ আনফালে যাব নোৱাৰে আৰু চিধা গড়ৰ ভিতৰত সোমায়।
যেতিয়া যথেষ্ট সংখ্যক হাতী গড়ৰ ভিতৰত সোমাই, ওপৰত ওলোমাই থোৱা গড়ৰ দুৱাৰখন পেলাই বন্ধ কৰি দিয়া হয়।
read more—হাতী চিকাৰৰ কিছু কথা-১
তাৰ পিছতে গড়ৰ চৌদিশে ডাঙৰকৈ জুই ধৰা হয়। গোটেই ৰাতি মানুহবোৰে গড়টো পহৰা দি থাকে।
কাৰণ হাতীৰ দলপতিয়ে তাৰ লগত ৰৈ যোৱা হাতীবোৰ লৈ গড়ত পৰা হাতীবোৰ মুকলি কৰিবলৈ বাৰে বাৰে চেষ্টা কৰে। কেতিয়াবা কেতিয়াবা সফলো হয় আৰু গগড় ভাঙি সিহঁতক উদ্ধাৰ কৰি লৈ য়ায়।
গড়ত পৰা হাতীবোৰে বিকট স্বৰেৰে চিঞৰি থাকে। ৰাতিপুৱা ৰ’দ উঠাৰ লগে লগে চৰ্দাৰ হাতীৰ পিঠিত উঠি অভিজ্ঞ মাউত গড়ৰ ভিতৰত সোমায়।বনৰীয়া হাতীয়ে বহু সময়ত চৰ্দাৰ হাতীক ফেপেৰি পাতি আক্ৰমণ কৰিবলৈ খেদি আহে ।
এই অৱস্থা অতি ভয়ঙ্কৰ। এনেকুৱা অৱস্থা চম্ভালিবলৈ হাতী আৰু মাউত দুয়ো সম্পূৰ্ণ অভিজ্ঞ হোৱা দৰকাৰ। যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সিদ্ধহস্ত নহলে হাতী আৰু মাউত, দুয়োৰে জীৱনলৈ বিপত্তি নামি অহাটো অৱশ্যম্ভাৱী।
এটা কথা মন কৰা হয় যে পোৱালি হাতী আৰু পোৱলি থকা মাইকী হাতীবোৰ আৱদ্ধ কৰা নহয়। কুনকীৰ সহায়ত গড়ৰ বন্দীত্বৰ পৰা সিহঁতক মুকলি কৰি দিয়া হয়। এই ক্ষেত্ৰত চৰকাৰৰো কঠোৰ নিৰ্দেশ আছে। তথাপি বহুসময়ত এই নিয়ম ভঙ্গ কৰা হয়।
ড০ আৰ কে বেজবৰুৱা, তেজপুৰ