Home Assamese হাতী চিকাৰৰ কিছু কথা-১

হাতী চিকাৰৰ কিছু কথা-১

216
হাতী চিকাৰৰ কিছু কথা-১

হাতী চিকাৰৰ কিছু কথা-১

মানুহেই মানুহৰ শত্ৰু, হাতীয়েই হাতীৰো শত্ৰু। মানুহৰ আদেশত ঘৰচীয়া হাতীয়ে তাৰ সগোত্ৰীয় বংশধৰক তুলি দিয়ে মানুহৰ হাতত। এক নিকৰুণ কাহিনী! নিজৰ দলৰ পৰা বিচ্ছিন্ন হৈ চিৰ জীৱন মানুহৰ দাসত্ব স্বীকাৰ কৰি লোৱা কিমান কঠিন, সেয়া হাতীৰ বাহিৰে আৰু কোনে বুজিব?

জঙ্ঘলৰ পৰা ধৰি অনা হাতীয়ে বহুদিনলৈ অন্ন জল গ্ৰহণ নকৰে। নিজৰ দললৈ উভটি যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। তাক মুকলি কৰি নিবলৈ তাৰ দলটোৱেও অনেক চেষ্টা কৰে। অৱশেষত লাহে লাহে এদিন এই আশাবোৰ বাষ্পীভূত হৈ মনৰ পৰা ওলাই যায়।

হাতীয়ে মানুহৰ হাতত বশ্যতা স্বীকাৰ কৰি লয়। পৰৱৰ্তী সময়ত সামান্য মানুহ এজনৰ নিৰ্দেশ মানি হাতীয়ে সকলো কৰি যায়। আনকি অৱশেষত নিজৰ খাদ্যখিনিৰ বাবেও মানুহৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়। ইয়াতকৈ দুখৰ কথা আৰু কি হব পাৰে?

হাতী চিকাৰৰ কিছু কথা-১

মানুহেই মানুহৰ শত্ৰু, হাতীয়েই হাতীৰো শত্ৰু

ধৰি অনা হাতীয়ে মুক্ত হবলৈ আপ্ৰাণ চেষ্টা কৰে। পোহনীয়া হাতীৰ চৰদাৰে সিহঁতক সদায়ে দমন কৰিবলৈ সাজুহৈ থাকে। লোহাৰ শিকলি লৈ চৰদাৰ হাতীয়ে মাউতৰ নিৰ্দেশত কোবাই কোবাই বশ কৰিবলৈ চেষ্টা কৰে বনৰীয়া হাতীক।

Read Moreনেতিবাচক মানসিকতা

দৰকাৰ হলে বনৰীয়া হাতী বান্ধি থোৱা গড়ত ফান্দীৰ লগতে সোমাই অনমনীয় হাতীৰ সৈতে যুদ্ধও কৰে।

ধৰি অনা হাতীক তিনি চাৰি দিন একো খাবলৈ দিয়া নহয়। হাতীৰ ডিপোত বনৰীয়া হাতীটো ডাঙৰ ডাঙৰ গছৰ খুটাত চাৰিও খন ঠেঙত ফঁই লগাই বান্ধি ৰখা হয় ।

হাতী থিয় হৈ থাকিয়েই টোপনি যাব পাৰে। এইদৰে ৰাখি চাৰিদিনৰ পাছত সিজোৱা ধান, বুট আদি তৰাপাত বা কৌপাতত বান্ধি অলপ অলপ মাত্ৰ খাব দিয়া হয়। হাতীৰ বাবে কিছুমান নিচুকনি গীত আছে।

সুৰ বোৰ বিয়ানামৰ সুৰৰ দৰেই। সিহঁতক ধান বুট খাবলৈ দিয়া সময়ত মাউতে এই গীত গাই থাকে। যেতিয়ালৈকে বন্য হাতী বশলৈ নাহে, সিহঁতক পেটভৰাই খাবলৈ দিয়া নহয়।

তাৰ ওপৰত থাকে যাঠিৰ খোচ। বহুত অত্যাচাৰ কৰি সিহঁতক বশলৈ অনাৰ চেষ্টা চলে। লগে লগে গা ধুৱাবলৈও চেষ্টা কৰা হয়। এয়া হ’ল হাতীক ঘৰচীয়া কৰাৰ কৌশল।

হাতী চিকাৰৰ কিছু কথা-১
হাতী ধৰাৰ কৌশল দুবিধ — এবিধ গড় বান্ধি কৰা চিকাৰ বা ধুৰা চিকাৰ আৰু আনবিধ মেলা চিকাৰ।
ধুৰা চিকাৰত হাতীৰ জাক খেদি আনি আগতে তৈয়াৰ কৰি থোৱা গড়ত সুমুৱাই দিয়া হয়।

আনহাতে মেলা চিকাৰত পোহনীয়া হাতীৰ ওপৰত উঠি অভিজ্ঞ ফান্দীয়ে দৌৰি থকা হাতীলৈ ৰচীৰ ফান্দ মাৰি বান্ধি পেলায়। হাতী যেতিয়া ভয় খাই দৌৰে, শুৰডাল পকাই মুৰটো ওপৰলৈ কৰে।

সেই সুযোগতে পাকৈত ফান্দীয়ে ফঁই দলিয়াই হাতীৰ মুৰৰে সুমুৱাই দিয়ে। ফান্দীৰ লগে লগে দুই তিনিটা হাতী গৈ থাকে। হাতী ফান্দীত পৰাৰ লগে লগে সিহঁতেও ৰচী টানি সহায় কৰে।

কেতিয়াবা বন্দী হাতীয়ে বাকীবোৰক বহু দূৰ টানি লৈ গৈ থাকে, নাইবা ওভটাই আক্ৰমণো কৰে। তেতিয়া সহযোগী হাতীয়ে প্ৰতিৰোধ কৰে।

Read Moreয়েছে দৰজে ঠংচিৰ জীৱন আৰু সাহিত্যৰ বৰ্ণিল যাত্ৰা

এই চিকাৰ অত্যন্ত সংকটপূৰ্ণ। যেন মৃত্যুৰ সৈতে খেল।

অসম আৰু অৰুণাচলৰ মাজত নামচিকত থকা হাবিৰ ভিতৰত নিমখীয়া পানীৰ বহুতো পুং আছে। এই পুঙবোৰত পূৰ্ণিমা আৰু অমাৱস্যাত মাটিৰ ভিতৰৰ পৰা পানী উতলি ওলাই থাকে।

এই পানী খাবলৈ তালৈ জাকে জাকে হাতী আহে। সিহঁতে তাত পানী খায়, গা ধোৱে, খেলে। চিকাৰীৰ শেন চকু সিহঁতৰ ওপৰত।

(দ্বিতীয় খণ্ড পিছলৈ)

ড০ আৰ কে বেজবৰুৱা,তেজপুৰ 

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here