হাতীৰ আক্ৰমণৰ পৰা কথামপি ৰক্ষা পৰিল যুৱক ! সমগ্ৰ ঘটনা বন্দী CCTV ত

11

হাতীৰ আক্ৰমণৰ পৰা কথামপি ৰক্ষা পৰিল যুৱক ! সমগ্ৰ ঘটনা বন্দী CCTV ত

 

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে হাতী- মানুহৰ সংঘাত। বানপানীৰ ৰুপত প্ৰকৃতিয়ে তাণ্ডৱ চলোৱাৰ পিচত এইবাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতীয়ে চলাইছে তাণ্ডৱ । ৰাজ্যৰ বনাঞ্চল সংকুচিত হৈ অহাৰ উপৰিও বানপানীৰ ফলত সৃষ্টি হোৱা খাদ্যৰ নাটনিৰ বাবে , খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাইছে বন্য জীৱ । বনাঞ্চলৰ জীৱ-জন্তুৰ বিচৰণ ভূমি এতিয়া জনাঞ্চল হৈ পৰিছে। সেয়ে হাতী আৰু মানুহৰ সংঘাত সৃষ্টি হবলৈ লৈছে।
তেনে এক ঘটনাই সৃষ্টি হল তৈল নগৰী ডিগবৈ চহৰত । বন্যহস্তি ৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল এগৰাকী যুৱক । মাত্ৰ কেইটামান চেকেণ্ডৰ বাবে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে যুৱকজন । বাহিৰৰ পৰা ঘৰলৈ উভতি আহিছিল যুৱকগৰাকী । গেটৰ নাতিদুৰৈৰ আন্ধাৰত ৰৈ আছিল হাতিটো । হাতিটো চকুত পৰা নাছিল যুৱকজনৰ । যুৱকজনে গেট খুলি বাসগৃহত সোমাই যোৱাৰ লগে লগেই তীব্ৰ বেগেৰে খেদি আহে হাতীটো । হাতীটোৱে যুৱকজনৰ ওচৰ চপাৰ পুৰ্বেই ঘৰত সোমাই পৰে যুৱকজন । এই ভয়ানক ঘটনা বন্দী হৈছে CCTV কেমেৰাত ।


ৰন্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here