হাটশিঙীমাৰী এলিগেণ্ট ইংলিছ একাডেমীৰ খেল-ধেমালিৰ শুভ উদ্বোধন

0
507

হাটশিঙীমাৰী এলিগেণ্ট ইংলিছ একাডেমীৰ খেল-ধেমালিৰ শুভ উদ্বোধন

সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙীমাৰী এলিগেণ্ট ইংলিছ একাডেমীৰ সপ্তাহযোৰা বছৰেকীয়া খেল ধেমালিৰ শুভ উদ্বোধন কৰে মানকাচৰ শিক্ষা খণ্ডৰ BEEO আখিৰুল ইছলামে৷ পতাকা উত্তোলন কৰে একাডেমি খনৰ অধ্যক্ষ উদয় কুমাৰ ৰয়ে৷ উক্ত উদ্বোধন অনুষ্ঠানত কমেও পাঁচশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে উপস্থিত থাকে৷ লগতে ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ সাজ-পোচাক পিন্ধি এক বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷ উক্ত উদ্বোধনী অনুষ্ঠানত বিভিন্ন ধৰণৰ খেল-ধেমালিৰ লগতে নৃত্য গীতৰ আয়োজন কৰা হয়৷ বৃহত্তৰ হাটশিঙীমাৰী অঞ্চলৰ পিছপৰা অঞ্চলৰ ৰাইজৰ মাজত কেনেকৈ শিক্ষাৰ প্ৰতি আৰু বেছি কৈ আগুৱাই অহাত সহায়ক হ’ব তাৰ ওপৰতো আলোকপাত কৰা হয়৷

https://youtu.be/QX1MO7cgKo0?t=24

খাইৰুজ্জামান ৰাছেল, হাটশিঙীমাৰী, NE India

LEAVE A REPLY

Please enter your comment!
Please enter your name here