Tuesday, March 21, 2023
HomeAssameseসৰ্প দংশনত ডিগবৈত নিহত এগৰাকী মহিলা

সৰ্প দংশনত ডিগবৈত নিহত এগৰাকী মহিলা

ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত আই অ চি’ এলেকাধীন জৰা লাইনৰ মুলীয়া বাৰীত বিষাক্ত সৰ্পৰ দংশনত এগৰাকী মহিলা মৃত্যু মুখত পৰে৷

জানিব পৰা অনুসৰি আই অ চি’ অধিনস্হ ৫৮ নং বাংলাত কৰ্মৰত দিপ্তী থাপা (২২) নামৰ মহিলা গৰাকী কৰ্ম সম্পাদান কৰি বাংলাৰ কাষতে থকা চাৰ্ভেন্ট কোৱাৰ্টাৰত ঝাৰু কৰি থকাৰ সময়ত ঘৰৰ ভিতৰত পূৰ্বৰে পৰা প্ৰৱেশ কৰি থকা বিষাক্ত সাপে বাওঁ ভৰিত দংশন কৰে।

দংশন কৰা খবৰ পাই ততাতৈয়াকৈ পৰিয়ালবৰ্গই আই অ চি চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনে যদিও স্বাস্থ্য অধিক অৱনতি হোৱাত চিকিৎসালৈ কতৃপক্ষই নিশাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও বৃহস্পতি বাৰে মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments