সৰ্থেবাৰীত মেডিকেল ৰিপ্ৰেজেনটীভৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

8

সৰ্থেবাৰীত মেডিকেল ৰিপ্ৰেজেনটীভৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ

প্ৰলয়ংকৰী বানৰ পিচত জ্বৰ, ডায়েৰীয়া, কাহ আদিকে ধৰি পেটৰ বিভিন্ন ৰোগত ভূগিছে বানাক্ৰান্ত লোকসকল ৷ বানত ক্ষতিগ্ৰস্থ বৰপেটাৰ সৰুক্ষেত্ৰীৰ লোকসকলৰ চিকিৎসাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সৰুক্ষেত্ৰী অঞ্চলৰ মেডিকেল ৰিপ্ৰেজেন্টিভ চমুকৈ MR সকল ৷
সৰুক্ষেত্ৰী অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক মেডিকেল ৰিপ্ৰেজেন্টিভ একত্ৰিত হৈ কালি সৰ্থেবাৰীত অনুষ্ঠিত কৰে এটা বিনামূলীয়া চিকিৎসা শিবিৰ ৷

গুৱাহাটীৰ এপ’ল’ এক্সেল কেয়াৰ হস্পিটালৰ চিকিৎসক ডাঃ আনোৱাৰ হুছেইন আৰু ডাঃ ৰাহুল কুমাৰৰ নেতৃত্বত এটা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলে সৰুক্ষেত্ৰীৰ আঢ়ৈ শতকৈয়ো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা আৰু ৰোগৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে ৷

সৰুক্ষেত্ৰী তথা বৃহত্তৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁ সমূহত বানপানীৰ পিছৰে পৰা মানুহখিনিয়ে ভূগি থকা বিভিন্ন বেমাৰ-আজাৰৰ চিকিৎসাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা পদক্ষেপক স্থানীয় লোকে আদৰনি জনায় ৷ সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত চিকিৎসা শিবিৰটোত নিকেতনখনৰ আচাৰ্য সকলেও সহযোগ আগবঢ়ায় ৷

স্বৰ্ণদ্বীপ ডেকা , সৰ্থেবাৰী , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here