Tuesday, March 21, 2023
HomeAssameseস্বৰ্গদেউ সৰ্বানন্দ সিংহ ২২০ সংখ্যক দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ

স্বৰ্গদেউ সৰ্বানন্দ সিংহ ২২০ সংখ্যক দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ

আজি ২৪ মে,মটক ৰজা তথা মটক ৰাজ্যৰ প্ৰতিস্থাপক বীৰপুৰুষ স্বৰ্গদেউ সৰ্বানন্দ সিংহ দেৱৰ মৃত্যু দিৱস,আজিৰ দিনটোতে অসমৰ অন্যতম ভূমিপুত্ৰ মটক জনগোষ্ঠীয় লোক সকলে পালন কৰে এই বীৰপুৰুষ জনাৰ মৃত্যু দিৱস।

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসন, সদৌ অসম মটক সন্মিলনৰ সহযোগত আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা আৰু মটক ৰাজবংশ উন্নয়ন সমিতিৰ আতিথ্যত তিনিচুকীয়া বৰগুৰি হাইস্কুল খেলপথাৰত ইংৰাজী ২৪ মে তাৰিখ, অৰ্থাৎ আজিৰে পৰা তিনিদিনীয়া বিস্তৃত কায্যসূচীৰে ২২০ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ লগত সংগতি ৰাখি মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ খনি আয়োজন কৰা হৈছে।

উক্ত অনুষ্ঠানখনিৰ বাবে তিনিচুকীয়া তিনিকোণীয়া পুখুৰীস্থিত নামঘৰত পুৱাৰে পৰা ভকত বৃন্দ সকলে গায়ন-বায়ন,স্বৰ্গদেউ সৰ্বানন্দ সিংহ প্ৰতিমূৰ্তিত মাল্যপণ কৰাৰ লগতে তিনিকোণীয়া পুখুৰী পৰা গুইজানলৈ বিশাল মটৰচাইকেল ৰেলিৰে মটক জনগোষ্ঠীৰ কৃতি চিহ্ন সমূহ পৰিভ্ৰমণ কৰে।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India news

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments