স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত মাকুম চহৰত মাকুম পৌৰসভাৰ চাফাই অভিযান
অহা ১৫ আগষ্টত সমগ্ৰ দেশে পালন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস,এই ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মাকুম পৌৰ সভাৰ উদ্যোগত সমগ্ৰ মাকুম চহৰত পুৱা ৬ বজাত পৰিষ্কাৰৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়।
উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন , মাকুম পৌৰসভাৰ পৌৰপতি বিপাছা বৰুৱা আৰু ১০বাৰ্ডৰ সদস্য-সদস্যা,
স্বাধীনতা দিৱস উপলক্ষে এতিয়া সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি চলি থকাৰ মাজতে দেখাগল মাকুম পৌৰ সভাৰ চাফাই অভিযান,স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত স্বচ্ছতা ওপৰত লোৱা পদক্ষেপক সলাগ লয় একাংশই। মাকুম পৌৰ সভাৰ সভানেত্ৰী বিপাসা বৰাই দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ঘৰে ঘৰে তিৰংগা পতাকাখন উৰুৱাবলৈ আহ্বান জনোৱাৰ লগতে সমগ্ৰ ভাৰত বাসী লৈ ৭৫ সংখ্যক স্বাধীনতা দিৱস টি সুকলমে পালন কৰাৰ আহ্বান জনায়।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News