স্বদেশপ্ৰেমৰ বাৰ্তা লৈ তিনিচুকীয়াত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰভাতফেৰী
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আজি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ এ তিনিচুকীয়া ত প্ৰভাত ফেৰী কৰে। দলৰ কৰ্মকৰ্তা পৌৰীসভাৰ সদস্য ,পৌৰসভাৰ চাফাই কৰ্মী সকলক লৈ প্ৰভাত ফেৰী শুভৰাম্ভ কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদসকলৰ স্বদেশপ্ৰম, ত্যাগ আৰু আত্ম বলিদানৰ কথা স্মৰণ কৰি ৰঘুপতি ৰাঘব ৰাজাৰাম ভজন আৰু বন্দে মাতৰম গীত গাই ত্ৰিৰংগা যাত্ৰা কৰে। লগতে তেওঁ আজাদী কা অমৃত মহোৎসৱৰ অংশ স্বৰূপে “হৰ ঘৰ ত্ৰিৰংগা যাত্ৰা” অভিযান কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকক নিজৰ ঘৰত দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে এই প্ৰভাত ফেৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কার্যসূচীত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি নাৱনিতা আগৰৱালা, জিলা B J P ৰ উপসভাপতি পুলক চেতিয়া ,যুৱ মৰ্চা জিলাৰ বিষয়ববীয়া সকলৰ লগতে দলীয় কাৰ্যকর্তাসকলে অংশ গ্ৰহণ কৰে।