স্বচ্ছ নগাঁও অভিযানত ৰাজ্যপাল জগদীশ মুখী

0
772

NE INDIA: নগাঁৱক স্বচ্ছ আৰু সেউজ নগৰ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে  ২০ ছেপ্তেম্বৰত শুভাৰম্ভ কৰা হয় স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও অভিযানৰ । বন্তি প্ৰজ্বলন কৰি এই অভিযানৰ শুভাৰম্ভ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাই উদ্যোগ লোৱা এই অভিযানৰ শুভাৰম্ভ কৰি ৰাজ্যপাল গৰাকীয়ে কয় যে স্বচ্ছতাই সেৱা , স্বচ্ছতাই পূজা । স্বচ্ছতাক মানুহে সেৱা হিচাপে গ্ৰহণ কৰিব লাগে । নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰা হয় । ইফালে , নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ এক বঁটা প্ৰদানৰ অনুষ্ঠানটো অংশগ্ৰহন কৰে ৰাজ্যপাল জগদীশ মুখীয়ে । অনুষ্ঠানটিত সাহিত্যিক নাহেন্দ্ৰ পাদুনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰা হয় । সাহিত্যিক গৰাকীৰ অসুস্হতাৰ বাবে বঁটা গ্ৰহণ কৰে তেখেতৰ পুত্ৰ অভিজিৎ পাদুনে ।

আদিল শ্বাহ, নগাঁও  NE INDIA NEWS

LEAVE A REPLY

Please enter your comment!
Please enter your name here