সোণাৰি সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় প্ৰাক্তন আটাছু নেতা অশ্বিনী চেতিয়া

0
507

সোণাৰি সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ নহয় প্ৰাক্তন আটাছু নেতা অশ্বিনী চেতিয়া

সোণাৰি সমষ্টিৰ আগন্তুক উপ নিৰ্বাচনত প্ৰাক্তন আটাছু নেতা অশ্বিনী চেতিয়াৰ নাম প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ তালিকাত  থকা বুলি  চৰ্চা চলি থকা সময়তে মুখ খুলিলে জনগোষ্ঠীয় সংগঠনৰ প্ৰাক্তন নেতাজনে। অশ্বিনী চেতিয়াই সাংবাদিকৰ আগত আজি মন্তব্য কৰি তেখেতে সোণাৰি সমষ্টিৰ পৰা টিকত লাভৰ বাবে চেষ্টাই চলোৱা নাই বুলি কয়। আনহাতে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বাবেহে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰিছিল বুলি উল্লেখ কৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী বুলি তেখেতৰ নাম কোনে কি কাৰণত প্ৰচাৰ কৰিলে সেয়া অজ্ঞাত বুলিহে কয়। আনহাতে দলে যদি প্ৰাৰ্থীত্ব প্ৰদান কৰে তেতিয়া তেখেতৰ স্থিতি কি হব বুলি কৰা প্ৰশ্নত চেতিয়াই সেয়া সময়তহে কব পৰা যাব বুলি কয়।
অভিজিৎ ভূঞা,চৰাইদেউ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here