সোণালীটাৰীত শিৱ মন্দিৰৰ ভূমি বেদখলক লৈ প্রতিবাদ অব্যাহত
এগৰাকী আৰক্ষী বিভাগৰ কৰ্মচাৰীয়ে মন্দিৰৰ ভূমি বেদখল কৰা খৱৰ পোহৰ হৈছে কামৰূপ জিলাৰ বকোত। বকোৰ সোণালীটাৰী গাওঁৰ শিৱ মন্দিৰৰ ভূমি বেদখল কৰাৰ অভিযোগ তুলি ৰাজহুৱা অভিযোগ পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰিছে ৰাইজে। ইফালে স্থানীয় প্ৰশাসনৰ পৰা কোনো সহাঁৰি নোপোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। সোণালীটাৰী শিৱ মন্দিৰ প্ৰাংগনত আজিও ৰাইজে অব্যাহত ৰাখিছে প্রতিবাদ। গাওঁ খনৰ ধৰ্মপ্ৰাণ ৰাইজে বেদখলীকৃত মাটিৰ বেদখল মুক্ত কৰিবলৈ কৰি আহিছে প্ৰতিবাদ। প্ৰাপ্ত তথ্য অনুসৰি ; গাওঁখনৰ প্ৰফুল্ল বড়োৰ পুত্র হৰিশ বড়োই কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰ অন্তৰ্গত জালুকবাৰী গাঁওৰ ম্যাদি পাট্টা নং ১২১ দাগ নং ৪২ ৰ সোণালীটাৰী শিৱ মন্দিৰৰ নামত থকা ৪ বিঘা ৮ লেচা ম্যাদী মাটিৰে বলপূৰ্বক ভাৱে ৪ কোঠাৰো অধিক মাটি বেদখল কৰাৰ অভিযোগ উত্থাপিত কৰে। ইফালে মন্দিৰৰ নামৰ মাটি জালিয়াতিৰে বেদখল কৰাৰ নিচিনা গুৰুতৰ অভিযোগত অভিযুক্ত হোৱাত হৰিশ বড়োক একে মুখে ধিক্কাৰ দিছে স্থানীয় লোকে। গাওঁ খনৰ মন্দিৰৰ ভূমি যাতে কোনোৱে বেদখল কৰিব নোৱাৰে তাৰবাবে চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে সচেতন সমাজে। উল্লেখ্য যে ; যি ভূমিত মন্দিৰ স্থাপন হৈছে সেই ভূমিৰ লগত সম্পৰ্কই নাই হৰিশ বড়োৰ।
মহিদুল ইছলাম, বকো, Ne India News