সোণাপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

15

সোণাপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

মহানগৰীৰ সমীপৰ সোণাপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । ডিমৰীয়া অঞ্চলৰ পৰা ৰাজধানী উন্নয়ণ প্ৰাধিকৰণ আইন ২০১৭ প্ৰত্যাহাৰৰ দাবীত বিভিন্ন দল সংগঠনে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ , কাৰ্বি ছাত্ৰ সন্থা , সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি বহু কেইটা জনজাতীয় সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । তেজ দিম মাটি নিদিওঁ‌ ,বিজেপি চৰকাৰ হায় হায় শ্লোগাণেৰে উত্তাল হৈ সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ ।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আতৰাবলৈ আৰু প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ ঘটনাস্থলী উপস্থিত হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল । প্ৰতিবাদকাৰীক আৰক্ষীয়ে আতৰ কৰিবলৈ বলপ্ৰয়োগ কৰিব লগাত পৰে । পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে যদিও ঘটনাস্থলীৰ পৰা প্ৰতিবাদকাৰীক আতৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

News Buruea  , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here