সৈনিক সকলৰ বাবে মোডী চৰকাৰৰ নতুন পদক্ষেপ

0
564

সৈনিক সকলৰ বাবে মোডী চৰকাৰৰ নতুন পদক্ষেপ

National desk NE India:-মোডী চৰকাৰে সৈনিক সকলৰ বাবে লৈছে এক বিশেষ পদক্ষেপ। যুদ্ধত আহত হোৱা সকলৰ বাবে লোৱা হৈছে এই পদক্ষেপ। যুদ্ধত আহত হোৱা সৈনিক সকললৈ এতিয়াৰে পৰা আগবঢ়োৱা হ’ব ৮ লাখ টকাকৈ আৰ্থিক অনুদান। পূৰ্বতে এই অনুদানৰ পৰিমাণ আছিল ২ লাখ টকা। কিন্তু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সৈনিক সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুদানৰ পৰিমাণ বৃদ্ধি কৰিছে। শনিবাৰে এই কথা ঘোষণা কৰে ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে, সেনাৰ তৰফৰ পৰা বহুদিন পূৰ্বেই এই দাবী উত্থাপন কৰা হৈছিল। আৰু সেনাৰ এই দাবী বৰ্তমান মানি লোৱা হৈছে। উল্লেখযোগ্য যে, যুদ্ধত ৬০ শতাংশ আহত হৈ পংগু হোৱা সৈনিকৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব এই অনুদান। এই অনুদান আগবঢ়োৱা হ’ব সৈনিক কল্যাণ নিধিৰ (ABCWAF) জৰিয়তে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here