আলফা স্বাধীন শিবিৰৰ পৰা পলায়ন কৰি অহা সদস্য সুৰজিত গগৈ ওৰফে খেপৌ অসম আৰু শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক গুলিয়াই হত্যা কৰাৰ নিৰ্দেশ আলফা স্বাধীনৰ।
গুলিয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়াৰ তথ্য ইতিমধ্যে লাভ কৰিছে অসম আৰক্ষীৰ চোৰাংচোৱাই।
আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰি অহা সুৰজীত গগৈ ওৰফে খেপৌ অসমক গুলিয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়াৰ পিছতেই পেঙেৰীৰ ২ নং নলনী গাঁৱৰ সুৰজিত গগৈ বাসগৃহত এতিয়া শোঁকাকুল পৰিৱেশে বিৰাজ কৰিছে।
সুৰজীত গগৈ ওৰফে খেপৌ অসমৰ আছে পত্নীসহ ১০ মহিয়া কন্যা সন্তান।
আলফাৰ নেতৃত্বই ৰূপম গগৈক শিবিৰৰ পৰা পলাই অহা সুৰজীত গগৈক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল বুলি জানিব পৰা গৈছে।
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক পৰিয়ালৰ লোকে সুৰজীতৰ ১০ মহিয়া কন্যা সন্তানৰ মুখলৈ চাই সুৰজীত গগৈক হত্যা কৰিবলৈ দিয়া কঠুৰ নিৰ্দেশ পত্যাহৰ কৰিবলৈ আহ্বান জনাইছে।
অসম আৰক্ষীৰ নেতৃত্বই সুৰজীত গগৈৰ পৰিয়ালক শনিবাৰে সন্ধিয়া সময়ত জানিব দিছিল উক্ত খৱৰ টো।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News