“সুহৃদ” প্রকল্পত অন্তৰ্ভুক্ত হল কাছাৰৰ প্ৰথমখন গাওঁ‌ সলিমাবাদ

0
989

কাটিগড়া বিধানসভা সমষ্টিৰ তিনিদিশে নদী বেষ্টিত এখন গাওঁ‌ । নাম সলিমাবাদ। শনিবাৰে কাটিগড়াৰ বিধায়ক অমৰচাঁন্দ জৈনৰ  বিশেষ প্রচেষ্টাত সমগ্র কাছাৰ জিলাৰ ভিতৰত প্ৰথম সলিমাবাদ গাওঁ‌ক চৰকাৰৰ “ সুহৃদ ” প্রকল্পভুক্ত কৰা হৈছে। শনিবাৰে সলিমাবাদ গাওঁ‌ৰ দূর্গামন্দিৰত কাছাৰৰ জিলা উপায়ুক্ত  ডঃ এচ লক্ষ্মণ , বিধায়ক অমৰচাঁন্দ জৈন, ১৩১ বিএন BSF ৰ কমান্ডেন্ট ৰাজেন্দৰ সিং খৰদোয়াল, কাছাৰৰ প্রাক্তন ADC বি চি নাথ, কাটিগড়াৰ BDO মোহন ইংতি, BVCL ৰ ভাইচ প্রেচিডেন্ট বিমল শর্মা উপস্থিত থাকি আনুষ্ঠানিক ভাবে সুহৃদ প্রকল্পৰ সূচনা কৰে। সুহৃদ প্রকল্পৰ আওতাত শনিবাৰে প্রাথমিক ভাবে সলিমাবাদ গাওঁ‌ৰ ১০১ টা পৰিয়ালৰ একোজনকৈ লোকৰ স্বাস্থ্যপৰীক্ষা আৰু শিক্ষা দিক্ষাৰ বাবে চেক প্ৰদান কৰা হয়।

ইয়াৰোপৰি সলিমাবাদ অঞ্চলৰ ২০ জন যুবক যুবতীক অসম চৰকাৰৰ স্কিল ডেভলপমেন্ট আচনিৰ বাবে বাচনি কৰা হয় । এই যুবক যুবতী সকলক চৰকাৰী খৰচত গুৱাহাটিলৈ পঠিয়াই বিভিন্ন  হস্তকর্মৰ প্রশিক্ষণ দিয়া হব। পৰবর্তী সময়ত এওঁ‌লোকে অঞ্চললৈ ওভতি স্বনির্ভৰশীলহৈ কাম কৰি নিজস্ব ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এই ক্ষেত্ৰত জিলা উপায়ুক্ত ডঃ লক্ষ্মণে সুহৃদ প্রকল্পৰ ইতিবাচক দিশ সমুজ  সবিস্তাৰে ডাঙি ধৰে ।তেওঁ‌ স্কিল ডেভেলপমেন্ট ( দক্ষতা বিকাশ )ক লৈও বিশদ ভাৱে বক্তব্য ৰাখে। সুহৃদ প্রকল্পত বন্ধন আৰু ICICI বেংকে সক্রিয় সহযোগিতা আগবঢ়াই আহিছে বুলি জনালে উপায়ুক্তি । স্থানীয় নাগৰিক লক্ষীকান্ত দাসে কলে, সলিমাবাদ গাওঁ‌ৰ ইতিহাসত শনিবাৰৰ দিনটো এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ থাকিব । কাৰণ  এই পিচপৰা অঞ্চলত প্রথমবাৰৰ বাবে কোনো জিলা উপায়ুক্তই খোজ পেলাইছে । ইয়াৰোপৰি সমগ্ৰ SC সম্প্রদায়ভুক্ত সলিমাবাদ গাওঁ‌ৰ প্রায় ৯৬ শতাংশ মানুহ দৰিদ্র সীমাৰেখাৰ তলৰ। বিধায়ক অমৰচাঁন্দ জৈনৰ বিশেষ প্রচেষ্টাত  এই গাওঁ‌ক সুহৃদ প্রকল্পৰ আওতাত অন্তৰ্ভুক্ত কৰাত জনগণৰ যি উপকাৰ সাধন হৈছে তাত কৃতজ্ঞতা প্ৰকাশৰ ভাষা নাই বুলি মন্তব্য কৰিলে লক্ষীকান্ত দাসে ।

প্রাক্তন ADC বিচি নাথে কলে, সুহৃদ প্রকল্পৰ সম্পুৰ্ণ অনুদান দিছে অসম চৰকাৰে । এই প্রকল্প সম্পুৰ্ণ দূর্নীতিমুক্ত । ইয়াৰোপৰি ১৩১ BN BSF ৰ পক্ষৰ পৰা কমান্ডেন্ট ৰাজেন্দ্র সিং খৰদোয়ালে কলে এই অঞ্চলৰ যুবক যুবতী সকলক বিভিন্ন চৰকাৰী নিৰাপত্তা বাহিনীত যোগ দিৱৰ বাবে  প্রয়োজনীয় কোচিং ৰ ব্যবস্থা কৰা হৈছে। পৰৱৰ্তী সোমবাৰৰ পৰা কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত BSF ৰ পক্ষ পৰা এই সন্ধৰ্ভত দুদিনৰ বাবে  বিনামূলীয়া নামভর্তি শিবিৰ অনুষ্ঠিত কৰা হব। এইক্ষেত্ৰত কালাইনৰ অসিত বৰণ দেয়ে সংযোজকৰ  দায়িত্ব পালন কৰিব। BVCL ৰ ভাইচ প্রেচিডেন্ট বিমল শর্মাই কলে, মেঘালয় ৰাজ্যত ৮ টা চিমেন্ট ফেক্টৰী আছে। বৰাক উপত্যকাত আছে এটা। এইসকলো  ফেক্টৰীত কাম কৰাৰ বাবে বাহিৰৰ পৰা প্ৰশিক্ষণ প্ৰাপ্ত মানুহ আনিব লগীয়া হয়। সুহৃদ প্রকল্পৰ জৰিয়তে সলিমাবাদ বা ওচৰ পাজৰৰ  যুবক যুবতী যদি উপকৃত হয় বা প্ৰক্ষিক্ষণ লাভ কৰে তেতিয়া  প্রত্যেক ফেক্টৰীৰ বাবে এই অঞ্চলৰ পৰাই  কর্মী মকৰল কৰা হব । লগতে এই অঞ্চলৰ অর্থনীতিও উন্নত হৈ উঠিব । মুখ্য অতিথি বিধায়ক অমৰচাঁন্দ জৈনে কলে, অহা বছৰৰ ভিতৰতে সলিমাবাদ গাওঁ‌ত এটা কৃষিভিত্তিক প্রকল্প গঢ়ি তোলা হব। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ দুখীয়া জনগণৰ উন্নয়ণৰ বাবে  ৯২টি প্রকল্প আৰম্ভ  কৰিছে বুলি উল্লেখ কৰি বিধায়কে কলে, এই ক্ষেত্ৰত জনতা সজাগ হব লাগিব । তেওঁ‌  চৰকাৰৰ ‘ বেটি বাচাও বেটি পড়াও ’ আচনিৰ ক্ষেত্ৰতো বিশদভাৱে বক্তব্য ৰাখে । তেওঁ‌  সুহৃদ আচনিৰ পৰা সমগ্ৰ  সলিমাবাদ গাওঁ‌ৰ জনগণ  উপকৃত হবই বুলি দৃঢ় মত পোষণ কৰে। সভাত অন্যান্য সকলৰ লগতে বক্তব্য ৰাখে বন্ধন বেংক , আইচিআইচিআই বেংক, ডিআইচিৰ কর্মকর্তা সকলে ।  লগতে শনিবাৰে বিধায়ক উন্নয়ন পুঁ‌জিৰ জৰিয়তে সলিমাবাদ গাওঁ‌ত ২ লাখ  টকা ব্যয়ৰে নির্মিত সভাগৃহৰো  উদ্বোধন কৰা হয়।

https://youtu.be/KSwdIbY9oo0?t=3

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া ,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here