Friday, March 24, 2023
HomeAssameseসুশান্ত সিং ৰাজপুত ড্ৰাগছ গোচৰ ! NCBৰ ড্ৰাফট চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ নাম

সুশান্ত সিং ৰাজপুত ড্ৰাগছ গোচৰ ! NCBৰ ড্ৰাফট চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ নাম

সুশান্ত সিং ৰাজপুত ড্ৰাগছ গোচৰ ! NCBৰ ড্ৰাফট চাৰ্জশ্বিটত ৰিয়া চক্ৰৱৰ্তীৰ নাম

অভিনেতা সুশান্ত সিঙ ৰাজপুত ড্ৰাগছ গোচৰত অভিনেতা গৰাকীৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ বিপদ আতৰা নাই । মহাৰাষ্ট্ৰত একনাথ সিন্ধেৰ নতুন চৰকাৰ গঠন হোৱাৰ পিচতে সমগ্ৰ ঘটনাই এতিয়া এক নতুন গতি লাভ কৰিছে ।
নাৰকোটিক্স কন্ট্ৰল ব্যুৰো চমুকৈ NCB য়ে ৩৫ গৰাকী লোকৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিলৰ প্ৰস্তুতি চলাইছে ।
সুত্ৰৰ খবৰ অনুসৰি , অভিনেতা সুশান্ত সিং ৰাজপুতৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীক মুল অভিযুক্ত হিচাপে চিহ্নিত কৰা হৈছে চাৰ্জশ্বিটত । ৰিয়াৰ বিৰুদ্ধে NCB ৰ অভিযোগ অভিনেতা সুশান্তৰ বাবে ড্ৰাগছ ক্ৰয় কৰিছিল ৰিয়াই । অভিনেতাগৰাকী ড্ৰাগছৰ কৰাল গ্ৰাসলৈ ঠেলি দিছিল ৰিয়া চক্ৰৱৰ্তীয়ে । কোনো বিশেষ ষড়যন্ত্ৰ অংশ স্বৰুপে অভিনেতা সুশান্তক ড্ৰাগছ এডিক্ট হিচাপে গঢ়ি তুলিছিল গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীয়ে । NCB ৰ চাৰ্জশ্বিট ড্ৰাফট অনুসৰি ৰিয়া চক্ৰৱৰ্তীয়ে ভ্ৰাতৃ শৌবিক চক্ৰৱৰ্তী , চেমুৱেল মিৰাণ্ডা , দিপেশ চাৱন্ত তথা আন কেবাজনৰো পৰা ড্ৰাগছৰ ডেলিভাৰী লৈছিল । ৰিয়া চক্ৰৱৰ্তীয়ে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ২০২০ চনৰ চেপ্তেম্বৰ মাহলৈ এই ড্ৰাগছৰ ডেলিভাৰী লৈছিল । চাৰ্জশ্বিটৰ ড্ৰাফট মতে , ৰিয়া চক্ৰৱৰ্তীয়ে NDPS অধিনিয়ম ১৯৮৫ ৰ ধাৰা ৮(গ) ৰ লগতে ২০(খ)(২) ক , ২৭(ক) , ২৮ , ২৯ ,৩০ মতে অপৰাধ কৰিছে ।
এই গোচৰৰ ৩৫ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ড্ৰাফট কৰা চাৰ্জশ্বিটৰ মতে , এই সকল অভিযুক্তই ২০২০ চনৰ মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ অপৰাধীক গতিবিধিত লিপ্ত আছিল । এই সকল অভিযুক্ত সেই সময়ত অবৈধ ড্ৰাগছৰ ক্ৰয় বিক্ৰয় , ড্ৰাগছ সৰবৰাহ ৰ লগত জড়িত থকাৰ উপৰি বলিউড তথা মুম্বাইৰ হাই চচাইটিত ড্ৰাগছ যোগান ধৰিছিল ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments