সীমা বিবাদ

0
154

 

সীমা বিবাদ

অসমৰ লগত চুবুৰীয়া প্ৰদেশৰ সীমা বিবাদ আৰম্ভ হৈছিল বিগত ১৯৬৩ চনৰ ১ ডিচেম্বৰতেই। তেতিয়াৰ প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া Naga People’s Convention ৰ লগত ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি নগালেণ্ড গঠন কৰিছিল। ভাৰত চৰকাৰে বৃটিছ অধিকৃত নগা দখলৰ ঠাইসমূহ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি বহুতে ক’ব খোজে। কিন্তু নগালেণ্ডৰ আকোঁৰগোজ মনোভাৱৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই। তেওঁলোকে সীমান্ত নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায়েই কিবা কিবি অজুহাত দেখুৱাই অসহযোগ কৰি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত ১৯৭২ চনত সুন্দৰম কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিয়ে প্ৰতিবেদনত সীমান্ত অঞ্চলত ৬৬০০০ হেক্টৰ মাটি বিবাদিত বুলি উল্লেখ কৰিছিল।
অসম-নগালেণ্ড সীমান্তৰ ৪৩৪ কিলোমিটাৰ দুয়োখন প্ৰদেশৰ মাজেৰে পাৰ হৈছে। প্ৰশাসনৰ সুবিধাৰ বাবে তাত অসমে Sectors – A, B, C, D, E and F – নামেৰে শিৱসাগৰ, যোৰহাট, গোলাঘাট, আৰু কাৰ্বি আংলং জিলাৰ সূকীয়া নামাকৰণ কৰিছে। নগালেণ্ডৰ মতে sectors A, B, C আৰু D ৰ সৰ্বমুঠ ১২৮৮৩ বৰ্গকিলোমিটাৰ ভূমি হেনোঁ ১৬ দফীয়া নগাচুক্তিৰ অন্তৰ্ভুক্ত কৰা হৈ আছে। গতিকে সেই মাটি তেওঁলোকৰ।

এই লৈ বিগত সময়চোৱাত বহুবাৰ নগা লোক আৰু নগালেণ্ড পুলিচে আহি অসমৰ ভিতৰত মাটি দখল কৰি স্কুল, পুলিচ চকী পৰ্যন্ত স্থাপন কৰিছে। ১৯৭৯ চনৰ ৫ জানুৱাৰীত নগালোকে ৫৪ জন অসমীয়া মানুহৰ প্ৰাণ লৈছিল। ১৯৮৫ চনতো তদ্ৰুপ ঘটনা সংঘটিত হৈছিল আৰু ৪১ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ ভিতৰত মেৰাপানীৰ ২৮ জন পুলিচৰ লোকো আছিল।

অকল যে নগালেণ্ড সীমান্তৰেই ঘটনা নহয় এয়া। তাৰ পিছৰে পৰা মণিপুৰ,অৰুণাচল, মেঘালয় সীমান্ততো এটাৰ পিছত এটাকৈ বেদখলৰ ঘটনা সংঘটিত হৈ আছে। যোৱা ১৭ অক্টোবৰত অসম-মিজোৰাম সীমান্ত জুই-ধোঁৱাই আচ্ছন্ন কৰি ৰাখিছে। আচলতে ৯ অক্টোবৰৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ উঠিছিল। তৎকালীন ঘটনা যিয়েই নহওঁক, সেই ঘটনাৰ আঁৰত আছে সীমা বিবাদ।

১৮৭৫ চনত notification (Inner Line Regulation-ILR) – দ্বাৰা লুচাই পাহাৰক কাছাৰৰ পৰা বিচ্ছিন্ন কৰা হৈছিল। ১৯৩৩ চনত লুচাই পাহাৰ আৰু কাছাৰৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল, তেতিয়া মিজো আইন প্ৰণেতা সকলৰ লগত কোনো আলোচনা কৰা হোৱা নাছিল বুলি অভিযোগ তুলি অহা হৈছে। এই বিবাদ ১১৯৭২ চনতো উত্থাপন হৈছিল আৰু ১৯৮৭ চনত মিজোৰামে ৰাজ্যৰ মৰ্যদা লাভ কৰোতেও হৈছিল। কিন্তু মিজোৰাম শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত সি শাম কাটি আছিল।

কিন্তু এনেকৈ থাকিলেই হ’ব জানোঁ? অসমৰ চৌপাশে থকা প্ৰদেশ সমূহৰ আগ্ৰাসী ভূমিকা অতি সোনকালে প্ৰতিৰোধ কৰাটো নিতান্তই জৰুৰী হৈ পৰিছে। তাৰ বাবে অসম চৰকাৰ মূল ভূমিকা ল’ব লাগিব। ভাৰত চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰিব লাগিব। বিভিন্ন দল-সংগঠনে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগিব।
ছশ বছৰীয়া আহোম ৰাজত্বৰ সময়ত আহোম ৰাজ্য যিবোৰ নথিপত্ৰ আছে, আজিৰ পৰিপ্ৰেক্ষিতত সেইবোৰ প্ৰযোজ্য নহলেও বৃটিছ শাসনৰ নথিভুক্ত দলিল সীমা নিৰ্ধাৰণৰ বাবে হয়তো ব্যৱহাৰ কৰিব পৰা যাব। তাৰোপৰি, বিভিন্ন জনজাতীয় বুৰঞ্জীসমূহকো মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

দুয়োখন চৰকাৰে আন্তৰিকতা আৰু অসমৰ সীমাৰ লগত সংলগ্ন ৰাজ্যবোৰে মুকলি মন লৈ বিবাদবোৰ অতি শীঘ্ৰে সমাধান নকৰিলে তাৰ জুই দিনে দিনে বৃদ্ধি পাই থাকিব। বাৰে বাৰে অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ কথা উঠিল আহিছে যদিয়ো ইমান দিনে চৰকাৰে মনোযোগ দিয়া নাছিল। কিন্তু এতিয়া আৰু ৰৈ থকাৰ সময়ত নাই। অনতি পলমে আইন পাছ কৰি অসমৰ বাবেও ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰবৰ্তন কৰা উচিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here