সাধুকথা এক সৃষ্টিশীল সাহিত্য

0
4050

NE INDIA:  অসমীয়া সাহিত্যৰ এক এৰাব নোৱাৰা অংগ হৈছে সাধুকথা । সাধুকথাৰ এক ধৰনৰ লোক শ্ৰেণীৰ সাহিত্য। এই লোক সাহিত্য সমূহৰ উদ্ভৱ সময় বা কাল সঠিক ভাবে কব পৰা নাযায় যদিও এই শ্ৰেণীৰ সাহিত্য আমাৰ সমাজত পৰম্পৰাগত ভাৱে বা মুখবাগৰী চলি আহিছে। সাধুকথা বুলি কলে আমাৰ মনলৈ সৰু লৰা ছোৱালীক  টোপনি নিয়াবলৈ চেষ্টা কৰা , নাইবা কিবাহৰ কথা কয় ভাত খুৱাব যত্ন কৰা , নাইবা চোতালত বহি আইতাই নাতিয়েকক কোৱা দেশ বিদেশৰ কথা ৰজাৰ কথা আদিৰ ধাৰণাই আমাৰ মনলৈ আহে।  অসমীয়া  সাহিত্যত সাধু কথা বুলি কলে  ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ বুঢ়ী আইৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু আদিৰ কথা মনলৈ আহে। 
    আনহাতে  সাহিত্যৰ দিশৰ পৰা চাবলৈ গলে ই এক  সৃষ্টিশীল সাহিত্য। ইয়াত  গল্প, উপন্যাসৰ দৰে কাহিনী , চৰিত্ৰ,  লিখকৰ মৌলিকতা আতাই বোৰ উপাদান পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে আমি চিলনীৰ জীয়েকৰ সাধু  লৈ মন কৰো তেতিয়া দেখিবলৈ পাওঁ যে ইয়াত কাহিনী আৰু চৰিত্ৰৰ সুন্দৰ প্ৰকাশৰ লগতে লিখকৰ মৌলিকতাৰ প্ৰকাশ পাইছে।  যিদৰে সাহিত্যই সমাজ পৰিৱৰ্তনত মুখ্য ভূমিকা গ্ৰহণ কৰে ঠিক সেইদৰে সাধুকথাও যিহেতু এক ধৰণৰ সাহিত্য সাধুকথাৰ মাজতো আমি  সমাজ পৰিবৰ্তন, নীতিশিক্ষাৰ পাঠ পাওঁ।

   পৃথিৱীৰ প্রতিখন দেশৰ সাহিত্যৰ লগত সাধু কথাৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে বুলি কলেও হয়তো ভুল কোৱা নহব। কিন্ত অসমীয়া সাহিত্যত বৰ্তমানো সাধুকথাই জনপ্ৰিয়তা লাভ কৰা নাই।ইয়াৰ কাৰণ কি  বুলি কলে  উত্তৰত হয়তো কব লাগিব যে  বৰ্তমান সময়ত নতুন  সাধুকথাৰ উদ্ভৱ হোৱা নাই । নতুন লিখকে সাধু কথা লিখা নাই নাইবা লিখিব চেষ্টা কৰা নাই। বৰ্তমান বিজ্ঞানৰ যুগ  সেয়ে বৰ্তমান সময়ত বিজ্ঞানভিত্তিক সাধু কথাৰ গুৰুত্বৰ কথা কলেও কোনেও হয়তো একেবাৰে নুই নকৰিব। আনহাতে  আমি আজিৰ শিশুক  সাধুকথাৰ পৰিবৰ্তে  মোবাইল ,টি ভি, কম্পিউটাৰ গেমত ব্যস্ত ৰাখি আভিজাত্যৰ কথা কৈ আহোতে আমাৰ শিশু সকলৰ সামাজিক বোধ নোহোৱা হৈ আহিছে।ই অতিকৈ দুৰ্ভাগ্য জনক ঘটনা।  এই খিনিতে শৰৎ চন্দ্ৰ ৰ বৈঠকি গ্ৰন্থ ত থকা গল্প কেইটালৈ মনত পৰিছে গল্প কেইটা যদিও  আদবয়সীয়া মানুহৰ কথোপকথনৰ আলোচনাৰ হলেও তাত সাধুৰ এক শৈলীও আছে।

 বৰ্তমান সময়ত মুকলি বজাৰত সাধুকথাৰ অনেক কিতাপ পোৱা যায় যদিও এই সাধু কথা সমূহ  আনন্দ দিব পৰা বিধৰ নহয়।নাইবা বেছিভাগেই দুই এটা  পুৰণি সাধুৰ পৰা লোৱা মাথো তাৰ চৰিত্ৰই বা কাহিনীৰ ওলত পালত কৰা হৈছে। এনেধৰণৰ সাধু কথাৰ বাবেও অসমীয়া সাধু কথাৰ গতিধাৰা নিম্ন মানৰ হব লৈছে যদিও ।বৰ্তমান সময়ত দুই এক সচেতন ব্যক্তি, অনুস্থানৰ উদ্যোগত  সাধুকথাৰ কৰ্মশালা, সাধুকোৱাৰ প্ৰতিযোগিতা, ৰ মাজৰে সাধুকথাক জীয়াই ৰখাৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া সলাগিব লগীয়া। আনহাতে ব্যক্তিগত খণ্ডৰ শৈশিক প্ৰতিষ্ঠানৰ পাঠ্যক্ৰমত সাধুকথাৰ বিশেষ পাঠ আৰম্ভ কৰা দেখা গৈছে ই সচাকৈ শুভ লক্ষণ ।  চৰকাৰী খণ্ডৰ পাঠ্যক্ৰমতো সাধুকথা বিশেষ পাঠ অন্তর্ভূক্ত কৰাৰ প্ৰাসংগিকতা আছে । আনহাতে সাধুকথাক অনলাইন চিষ্টেম ত চাব পৰা নাইবা ইয়াক ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ সময় সমাগত। ইতিমধ্যে অসমৰ  ,,,,,
এই ক্ষেত্ৰত আমি সকলো হাত উজান দিব লাগিব নহলে সাধু কথাৰ কথাও আমি এনেদৰে কব লাগিব এসময়ত সাধুকথা নামৰ এক ধৰণৰ সাহিত্য আছিল।

মনিষা শৰ্মা, গুৱাহাটী

LEAVE A REPLY

Please enter your comment!
Please enter your name here