সহযাত্ৰী

0
110
সহযাত্ৰী

সহযাত্ৰী

(এশ দুই)

১৯৮০ চনত জনতা পাৰ্টীৰ শ্বাস-প্ৰশ্বাস ক্ষীণ হৈ পৰিল । জন সংঘ কিন্তু হাত সাৱটি বহি নাথাকিল। তেওঁলোকে আকৌ কঁকালত টঙালি বান্ধি নতুন উদ্যমেৰে কামত নামিল। বচা বচা কিছুমান সদস্যৰে ভাৰতীয় জনতা পাৰ্টী গঠন কৰিলে। ইন্দিৰা গান্ধীৰ ৰাজনৈতিক হত্যাকাণ্ডৰ পিছত ১৯৮৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ দুখন আসনত জয় সাব্যস্ত কৰিলৈ সক্ষম হয় । অন্ধ্ৰ প্ৰদেশৰ হানমকোণ্ডা আসন চান্দুপটলা জঙ্গা ৰেড্ডীয়ে দখল কৰে। আনহাতে গুজৰাটৰ মেহচানা আসন এ কে পেটেলৰ হাতত পৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে ৰাজীৱ গান্ধীৰ নেতৃত্বত অধিকাৰ কৰিছিল ৫১৪ আসনৰ ভিতৰ ৪২৬ খন আসন।
সময়ে সলনি কৰে মানুহৰ ভাগ্য। সময়ে সলনি কৰে দেশৰ পৰিবেশ, মানুহৰ মন আৰু ৰাজনৈতিক বতাহৰ সোঁত।
ইতিমধ্যে আতংকবাদীৰ ষড়যন্ত্ৰত ৰাজীৱ গান্ধীও মৃত্যুৰ সহযাত্ৰী হৈছিল মানৱ বোমাৰ বিস্ফোৰণত।
ভাৰতৰ জাতীয় কংগ্ৰেছত অনেক অভিজ্ঞতা পুষ্ট, বৰ্ষীয়ান গুণী-জ্ঞানী ব্যক্তিৰ সমাবেশ হোৱা স্বত্বেও প্ৰধান মন্ত্ৰীত্বৰ বাবে বহুতেই পৰিকল্পনা কৰিছিল – ৰাজীৱ গান্ধীৰ পত্নী ছোনিয়া গান্ধীৰ। কিন্তু বহুত বৰ্ষীয়ান নেতাই সহজ ভাৱে সেয়া সমৰ্থন কৰিব পৰা নাছিল। প্ৰধান মন্ত্ৰীত্বৰ প্ৰশ্নত ভাৰতীয় মূলে প্ৰাধান্যতা দাবী কৰিছিল। তাৰ মাজতেই সুদক্ষ নেতাৰ উত্থান হৈছিল ভাৰতীয় জনতা পাৰ্টীত ।
অটল বিহাৰী বাজপেয়ী। চাৰিওফালৰ পৰা এজন সুদক্ষ ব্যক্তি। তেওঁৰ সৈতে সহযাত্ৰী হিচাপে থিয় হৈছিল, সেই সময়ৰ অনমনীয় নেতা লালকৃষ্ণ আদৱানি।
১৯৯০ চন। সোমনাথ মন্দিৰৰ পৰা অযোধ্যাৰ ৰাম জন্মভূমিলৈ আৰম্ভ কৰিছিল ৰথযাত্ৰা- লালকৃষ্ণ আদৱানি। এই ৰথযাত্ৰাৰ প্ৰভাৱত ভাৰতীয় জন মানসত পুৰণি বৈদিক সংস্কৃতিৰ এক জাগৰণে ভূমুকি মাৰিলে। বিগত পাঁচ ছয় হাজাৰ আগৰ সংস্কৃতিবোৰ মানুহে পুনৰ বিচাৰিবলৈ আৰম্ভ কৰিলে। মোগলক, বৃটিছকে ধৰি বিভিন্ন আক্ৰমণকাৰীয়ে ধংস কৰা ধৰ্মীয় আৰু সাংস্কৃতিক সৌধবোৰ বিচাৰি উলিয়াই পুনৰ্ণিমাণৰো পৰিকল্পনা আৰম্ভ হ’ল। অযোধ্যাৰ ৰাম জনমভূমিত ৰাম মন্দিৰ ভাঙি বাবৰে সজা বাবৰি মছজিদক বিজেপিয়ে প্ৰথম লক্ষ্য হিচাপে বাছি ল’লে।
নৱম লোকসভা নিৰ্বাচনত বিজেপিৰ হাতলৈ আহিছিল ৮৫ খন আসন। ১৯৯৬ চনত ১৬১ খন আসনেৰে বিজেপিয়ে চৰকাৰ গঠনক বাবে অগ্ৰসৰ হয়। অটল বিহাৰী বাজপেয়ী প্ৰধান মন্ত্ৰী হ’ল। সদনত সংখ্যা গৰিষ্ঠতা প্ৰতিপন্ন কৰাত অপাৰগ হৈ মাত্ৰ ১৩ দিনতে পদত্যাগ কৰিব লগীয়া হ’ল।
১৯৯৮ চনৰ দ্বাদশ লোকসভাত বিজেপিয়ে ১৮২ খন আসন লাভ কৰি একমাত্ৰ সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হয়। এ আই এ ডি এম কে দলৰ সমৰ্থনত বাজপেয়ী পুনৰ প্ৰধান মন্ত্ৰী হয়। এই চৰকাৰো মাত্ৰ ১৩ টা মাহহে তিস্থি থাকিল। কিন্তু ১৯৯৯ চনৰ ত্ৰয়োদশ লোক সভা নিৰ্বাচনে ভাৰতীয় ৰাজনীতিক কিছু স্থিৰতা প্ৰদান কৰিলে । এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে শাসনৰ সম্পূৰ্ণ সময় পাৰ কৰিবলৈ সক্ষম হ’ল। এই সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টীয়ে দেশত এটা নতুন দৃষ্টিভংগীৰ বিকাশ কৰিবলৈ সুবিধা পালে। কাৰ্গিলৰ বিজয়ে তাক ত্বৰান্বিত কৰিলে।
চাৰি আৰু ছয় লেন যুক্ত হাইৱেৰ বিকাশ, পঞ্চায়তী ৰাজেৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু বিভিন্ন দিশৰ সংস্কাৰ সাধনেৰে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰি তোলাত বিজেপিৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ল। তাৰ মাজতে পোখৰানত পাৰমাণৱিক বোমাৰ সফল বিস্ফোৰণৰ জড়িয়তে বিশ্ব ৰাজনীতিত ভাৰতে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।
ভাৰতীয় জনতাৰ হৃদয়ত অঙ্কুৰিত হোৱা জাতীয় চেতনা ২০০৪ চনত পৰৱৰ্তী মনমোহন সিং চৰকাৰৰ দিনত কিছু সংকুচিত হ’বলৈ ধৰে!

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here