সহযাত্ৰী

0
142
সহযাত্ৰী

সহযাত্ৰী

(এশ এক)

স্বাধীনতাৰ ফেহুঁজালিতে গঠন হোৱা ভাৰতৰ কংগ্ৰেছ পাৰ্টিয়ে বিশ্বৰ দ্বিতীয় সংখ্যা বহুল দেশৰ জনতাৰ ভাগ্য নিৰ্ণয় কৰাৰ দ্বায়িত্ব গ্ৰহণ কৰি আছিল। চৰকাৰে যি কৰিছিল, সকলো দেশৰ হিতৰ বাবে কৰিছিল বুলি সকলোৱে মানি লৈছিল। তাৰ মাজতে কোনো-কোনোৱে খীণ মাত এষাৰ মাতিছিল – “এই স্বাধীনতা অৰ্থ হীন” বুলি। বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰা ফৰ’ৱাৰ্ড ব্লক কেতিয়াবাই নিশ্চিহ্ন হৈ পৰিল। ভাৰতত ছোভিয়েট ৰাছিয়াৰ পৰা আমদানিকৃত সাম্যবাদী ভাবধাৰাৰ প্ৰকাশ ঘটিছিল – চি পি আই আৰু চি পি এম পাৰ্টিৰ মাধ্যমত। কিন্তু সাম্যবাদী কৰ্মকাণ্ড কেৱল পশ্চিম বংগ আৰু কেৰেলাতেই সীমাবদ্ধ হৈ থাকিল। কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পৰাকৈ দুয়োটা দলে শক্তি গোটাব পৰা নাছিল।

ইতিমধ্যে প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল। ভাৰতবৰ্ষৰ আটাইতকৈ ন্যায়-নিষ্ঠ ব্যক্তি লালবাহাদুৰ শাস্ত্ৰীয়ে ভাৰতক নতুন ভিজন প্ৰদান কৰাৰ সংকল্পৰে প্ৰধানমন্ত্ৰীৰ পদবীত উপবিষ্ট হ’ল। কিন্তু কেইদিনমানৰ বাবেহে মাত্ৰ । টাছখণ্ডত ৰহস্য জনক ভাবে হোৱা তেওঁৰ মৃত্যুয়ে দুৰ্নীতি মুক্ত ভাৰতৰ সপোন বিপন্ন কৰি তুলিলে।
পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীয়ে প্ৰধান মন্ত্ৰীৰ পদ অলংকৃত কৰি আন্তৰ্জাতিক পৰ্য্যায়ত ভাৰতৰ মৰ্যদা বহু পৰিমাণে বৃদ্ধি কৰিলে। দেশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ কাম তেওঁ সম্পন্ন কৰিছিল ।

একক ৰাজনৈতিক শক্তি – কংগ্ৰেছৰ মইমতালিত হেঙাৰ দিয়াৰ উদ্দেশ্যে ১৯৫১ চনত শ্যামা প্ৰসাদ মুখাৰ্জীয়ে “ভাৰতীয় জন সংঘ” প্ৰতিষ্ঠা কৰিছিল। ১৯৫২ চনৰ নিৰ্বাচনত জনসংঘই প্ৰতিদ্বন্দিতা কৰি তিনিখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
১৯২৫ চনৰ ২৭ ছেপ্তেম্বৰত নাগপুৰত হিন্দুত্বৰ উত্থানৰ সংকল্প লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম হৈছিল। এই সংঘৰ ৰাজনৈতিক পৃষ্ঠভূমি নাছিল। ক’বলৈ গ’লে জনসংঘ হৈছে – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক বাহুহে ।

ইন্দিৰা গান্ধীয়ে এনে কিছুমান কাম কৰিছিল যাৰ বাবে দেশৰ ভিতৰত তেওঁৰ ভাৱ মূৰ্তি বিনষ্ট হ’বলৈ আৰম্ভ কৰিছিল। বহুকেইখন ৰাজ্যত যধে মধে জাপি দিয়া ৰাষ্ট্ৰপতিৰ শাসনে জনতা আৰু ৰাজনৈতিক দলৰ বিতৃষ্ণা বঢ়াই তুলিছিল। তাৰ ভিতৰত আটাইতকৈ ঘৃণনীয় কামটো হৈছে ১৯৭৭ চনত দেশত জাপি দিয়া ইমাৰ্জেন্সি! তাৰ সুবিধাৰে ইন্দিৰা গান্ধীয়ে জন মতৰ টেটু চেপি নিঃশেষ কৰাৰ সপোন দেখিছিল। কিন্তু দীন দয়াল উপাধ্যায়ৰ তৎপৰতাত ভাৰতীয় জন সংঘই অন্যান্য কিছুমান পাৰ্টিৰ সৈতে লগ লাগি ১৯৭৭ চনত জনতা দল গঠন কৰিলে।

জন বিৰোধী নীতিৰে ইন্দিৰা গান্ধীয়ে সংসদীয় নিৰ্বাচনত পৰাজয়ৰ গ্লানি বহন কৰিব লগীয়া হ’ল। ইপিনে জনতা দলে কংগ্ৰেছক পৰাজিত কৰি ভাৰতত পোন প্ৰথমবাৰৰ বাবে অনা-কংগ্ৰেছ চৰকাৰ গঠন কৰিলে । মোৰাৰজী দেশায়ে শাসনৰ লেকাম চম্ভালি তিনিটা বছৰ যেনে-তেনে চৰকাৰখন চলাই নিছিল। কিন্তু বিভিন্ন দল, বিভিন্ন ব্যক্তিৰ খোৱা- কামোৰাত সেই চৰকাৰৰ পতন নিৰ্ধাৰিত হ’ল।

আমাৰ অন্যতম দোষ হৈছে – আমি কথাবোৰ খুব সোনকালেই পাহৰোঁ। ইমাৰ্জেন্সি জাপি দিয়া কংগ্ৰেছেই তিনি বছৰ পিছত আকৌ শাসনত বহিল।
ভাৰতীয় জনতা আকৌ কংগ্ৰেছৰ সহযাত্ৰী হিচাপে আগুৱাই গৈ থাকিল।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here