সহযাত্ৰী

0
157
সহযাত্ৰী

সহযাত্ৰী

(এশ)

এখন চুক্তি আৰু তাৰ ৰূপায়ণৰ মাজত দূৰত্বই অতিক্ৰম ১৪ টা বছৰ।

ছাত্ৰ সংস্থা আৰু গণ সংগ্ৰাম পৰিষদৰ পৰা অসম গণ পৰিষদ হৈ অসমত বিশেষ কিবা এটা কৰাৰ যি অদম্য বাসনা, তাক প্ৰদৰ্শন কৰিবলৈ সংসদ ভৱনৰ পৰিবৰ্তে নেহৰু ষ্টেডিয়ামত মুকলি আকাশৰ তলত বিশাল জনসমূদ্ৰৰ আগত নতুন প্ৰজন্মৰ জাতীয়তাবাদী চৰকাৰে এদিন শপত গ্ৰহণ কৰিছিল। নিঃসন্দেহে সেয়া এক অভিনৱ সূচনা । তাৰ পিছত হয়তো আৰু অনেক নতুন নতুন দৃশ্যৰ অৱতাৰণা হ’ব!
সেয়া ১৯৮৫ চনৰ কথা। ভাৰতৰ ইতিহাসত এক নতুন পৰম্পৰাৰ সংযোজন ঘটাই শপত গ্ৰহণ অনুষ্ঠান মন্ত্ৰী- বিধায়কৰ মাজৰ পৰা জনতাৰ মাজলৈ উলিয়াই অনা কম ডাঙৰ কথা নাছিল।
অসম চুক্তিৰ প্ৰতিটো কথা আখৰে আখৰে ৰূপায়ণ কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ।
অসম চুক্তিত এটা কথাৰ উল্লেখ আছিল– “Frame a scheme for ex-gratia payment to next of kin of those who killed in the course of agitation. “
চুক্তিত উল্লেখ কৰা এই সিদ্ধান্ত সময়ত পালন কৰা হৈছিল নে নাই তাৰ খবৰ লোৱাত কোনেও মন কৰা নাছিল। শ্বহীদৰ পৰিয়ালে কিবা ক্ষতি পূৰণ পালে নে নাপালে তাৰ খবৰো কোনোৱে ৰখা নাছিল। কিন্তু ১৯৯৯ চনৰ ২৩ জুনত
Part ll ( A ) The ASSAM GAZETTE -ত অসমৰ ৰাজ্যপালে ঘোষণা কৰিছিল, “যিসকলে অসম আন্দোলনৰ সময়ত জীৱন আহুতি দিছিল আৰু যিসকলে বুলেটৰ দ্বাৰা আঘাট প্ৰাপ্ত হৈ শাৰীৰিক ভাৱে বিকলাঙ্গ হৈছিল, সেই সকলৰ পৰিয়াললৈ চৰকাৰী চাকৰি দিয়া হ’ব।” এইটো অতি সুখৰ কথা। চৰকাৰৰ সদিচ্ছা আৰু সহানুভূতিৰ পৰিচায়ক। কিন্তু এই সদিচ্ছা দেখুৱাবলৈ সুদীৰ্ঘ ১৪ বছৰ সময়ৰ প্ৰয়োজন হ’ল। সেই প্ৰসংগতেই আন এটা প্ৰহসন হৈছে — মানুহ জন যে-” Affected candidate ” তাৰ প্ৰমাণ পত্ৰ দিব কেৱল Deputy Commissioner জনেহে। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অসমৰ কোনটো পৰিয়াল চৰকাৰী অত্যাচাৰৰ পৰা হাত সাৰিব পাৰিছিল? কাৰ গাত নিৰাপত্তা বাহিনীৰ লাঠিৰ কোব, জোতাৰ গোৰ নপৰাকৈ আছিল? কোনে মানসিক অশান্তিত নোভোগাকৈ নাক বজাই শুব পাৰিছিল? পাইকাৰী জৰিমনাৰ পৰা কেইজনে ৰেহাই পাইছিল কেইজনে ? পুলিচ, চি, আৰ, পি, ৰ সন্ত্ৰাসৰ পৰা অসমৰ কোনখন গাওঁ দূৰত আছিল? সেইবোৰ আজি নিশ্চিত কৰিব ডেপুটি কমিচনাৰ জনেহে। কোনোবা পুলিচৰ মাৰত নিহত হৈছিল বুলি প্ৰমাণপত্ৰ দিব লাগিব চৰকাৰী বিষয়াইহে। আচৰিত নিয়ম! পঙ্গু সকলে কমিচনাৰক প্ৰমাণ দিব লাগিব, তেওঁ পুলিচৰ হাতত পঙ্গু হৈছিল বুলি, তাকো ১৪ বছৰৰ পিছত। তাৰ পিছতো কিমানজনে চৰকাৰৰ চাকৰি লাভ কৰিলে, তাৰ তথ্য কোনে জানে!
লুইতৰ বুকুৱেদি পানীবোৰ বৈয়েই থাকিল।
মাজুলীত গড়া খহনীয়া হৈয়েই থাকিল। কাঁটা তাৰৰ বেৰ পাৰ হৈ অসমলৈ বিদেশী আহিয়েই থাকিল। মাজুলিক বচাবলৈ সঞ্জয় ঘোষ আহিল। কিন্তু তেওঁ নিজকে বচাবলৈ সক্ষম নহল। ৰাছিয়াৰ মাইনিং ইঞ্জিনীয়াৰ চাৰ্গেই গ্ৰীৎচাংকো কয়লা ক্ষেত্ৰত হেৰাই থাকিল। ধেমাজিত স্কুলৰ ফুলকুমলীয়া ল’ৰা-ছোৱালীৰ তেজেৰে স্বাধীনতা দিৱস উদযাপিত হ’ল!
পৰিবৰ্তন একো নঘটিল ।
২০০১ চন। ১৭ মে । অসমত আকৌ ভাৰতীয় জাতীয় কংগ্ৰেছ ক্ষমতালৈ আহিল । তৰুণ গগৈয়ে অসমৰ শাসনৰ বাঘজৰী খামুচি ধৰি অসমৰ ৰুগ্ন অৰ্থনীতিৰ সহযাত্ৰী হ’ল ।
উন্নয়নমূলক কাম কিছুমান খুব লাহে লাহে আৰম্ভ হ’ল। তাৰ ফলাফলে মানুহক কিছু হলেও সকাহ দিবলৈ ধৰিলে। সমান্তৰাল ভাৱে দুৰ্নীতিয়ে গভীৰলৈ শিপা মেলিলে!

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here