সহযাত্ৰী

0
164
সহযাত্ৰী

সহযাত্ৰী

(সাতান্নবৈ)

স্বাধীনতাৰ মহিমাৰে ভাৰত মহাসংঘ স্থাপন হৈছিল যদিয়ো কিছুমান জনজাতিয়ে নিজ নিজ স্বাভিমান ত্যাগ কৰি আন্তৰিকতাৰে নিজকে ভাৰতীয় বুলি ক’বলৈ দ্বিধাবোধ কৰিছিল। তাৰ মাজতে কিছুমান জনজাতিৰ বিদ্ৰোহী কাৰ্য্য-কলাপো সংঘটিত হ’বলৈ ধৰিছিল।
১৯৬৩ চনৰ আগলৈকে নগাভূমি এখন জিলা ৰূপে অসমৰ সৈতে সংলগ্ন হৈ আছিল। নগা ভূমিক ১৯৪৫ চনত “নগা পাৰ্বত্য জিলা পৰিষদ” হিচাপে গঠন কৰা হৈছিল। কিন্তু পৰিষদৰ সদস্যসকলৰ মূল লক্ষ্য আছিল “স্বাধীন নগা ৰাজ্য” গঠন। তাৰ পিছৰ বছৰত ফিজো নামৰ নেতা এজনে মহাত্মা গান্ধীক লগ ধৰি নগা সকলৰ মনৰ ভাৱ ব্যক্ত কৰিছিল। কিন্তু মহাত্মা গান্ধীৰ হাতত কৰিব পৰা একো নাছিল।
স্বাধীনতাৰ পিছৰ পৰাই ১৯৫৬ চনলৈকে ফিজোৱে নগা ভূমিত ভাৰত চৰকাৰৰ সমান্তৰাল ভাৱে আন এখন নিজা চৰকাৰ চলাইছিল। এসময়ত নাগালেণ্ডৰ পূৰ্ণ স্বাধীনতা বিচাৰি ফিজোৱে নেতৃত্ব লৈ The Naga National Council গঠন কৰিছিল। ১৯৫৬ চনত ফিজোৰ নেতৃত্বতে এই কাউন্সিল আণ্ডাৰ গ্ৰাউণ্ড হৈ বিদ্ৰোহী কাৰ্য্যকলাপত লিপ্ত হৈছিল। আন এটা বিদ্ৰোহী গোট UNLF – United National Libertion Front ১৯৬৪ চনৰ ২৪ নবেম্বৰত গঠিত হৈছিল।
The National Council of Nagaland (NSCN) ১৯৮০ চনত প্ৰতিষ্ঠা হৈছিল। তেওঁলোকৰ স্বপ্ন আছিল -নাগালেণ্ডৰ লগতে মণিপুৰৰ এফাল আৰু অসমৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাক সামৰি বৃহত্তৰ স্বাধীন নগালেণ্ড গঠন কৰাৰ ।
PLA– People’s Libertion Army of Manipur, PREPAK — People’s Revolutionary Party of Kangleipak,
KCP — Kangleipak Communist Party আদি ১৯৭৭ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত গঠিত হোৱা সশস্ত্ৰ সংগঠনে মণিপুৰত বিদ্ৰোহ চলাই গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ নেতৃত্বত অসমতো সশস্ত্ৰ সংগ্ৰামৰ উত্থান হৈছিল। কিন্তু সফল নহ’ল। তেতিয়া অসমৰ মাটি সশস্ত্ৰ বিপ্লৱৰ বাবে জীপাল হোৱা নাছিল।
বহুতেই ভাবিছিল – আলোচনাৰে কোনো সমস্যাৰ সমাধান নহয়। একমাত্ৰ সাৰথি অস্ত্ৰ । হুলেৰে হুল কাঢ়িব লাগে। অসম কাহানিয়ো ভাৰতৰ অংগৰাজ্য বা দাস নাছিল। কিছুমান অসমীয়াই ক্ষোভ কৰি কৈছিল –“১৮২৬ চনত বৃটিছ বিষয়া আৰ্চিবল্ড কেম্পবেল আৰু ব্ৰহ্মদেশৰ লেগাইন মিঙিমাহাৰ লগত হোৱা চুক্তিয়ে অসমৰ স্বাধীনতা খৰ্ব কৰিব নোৱাৰে। সেই চুক্তি কৰা হৈছিল অসমৰ ৰজা বা প্ৰজাৰ অজ্ঞাতে । ব্ৰহ্মদেশৰ ইৰাৱতী নদীৰ পাৰত হোৱা সেই চুক্তিত কোনোবা এজন অসমীয়াৰ স্বাক্ষৰ আছিল জানোঁ?” সাৰ্বভৌম অসম অসমীয়াৰ জন্ম স্বত্ব অধিকাৰ। তাক আজুৰি আনিবলৈ কিছুসংখ্যক অসমীয়া উদগ্ৰীৱ হৈ উঠিছিল। সেই উন্মাদনাতে ১৯৭৯ চনৰ ৭ এপ্ৰিলত ৰংঘৰৰ বাকৰিত মুষ্টিমেয় কেইজনমান যুৱকে পৰেশ বৰুৱাৰ নেতৃত্বত অসমৰ স্বাধীনতা আৰু জাতি, মাটি, ভাষাৰ নিৰাপত্তাৰ স্বাৰ্থত এটা সশস্ত্ৰ সংগঠনৰ জন্ম দিছিল। তাৰ নাম-” সংযুক্ত মুক্তি বাহিনী, অসম”।
এফালে অসমত নিৰ্বাচিত চৰকাৰ, আনফালে- অসম বন্ধ, জনতাৰ সান্ধ্য আইন, ৰেল অবৰোধ, পথ অবৰোধ আদি কাৰ্য্যসূচী মাজে সময়ে চলি থাকিল। কিন্তু
আন্দোলনৰ তীব্ৰতা বহুখিনি ম্লান পৰিল। মানুহবোৰ হতাশ হৈছিল। বাৰে বাৰে প্ৰশ্ন উঠিছিল ” কি হ’ব? আন্দোলনটোৰ শেষ ক’ত ? “
সেই সময়চোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ছাত্ৰ নেতৃত্বক কেইবাবৰো আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছিল। তেনেকৈয়ে ১৯৮৪ চনৰ সময়বোৰো পাৰ হ’ল।
ইফালে পাঞ্জাৱতো বহুদিনীয়া দাবী আছিল- “খালীস্থান”ৰ। খালীস্থানীয়ে পাঞ্জাৱৰ বিভিন্ন ঠাইত কুটাঘাট সংঘটিত কৰি আহিছিল। শেহতীয়াকৈ খালীস্থানী সকলে স্বৰ্ণমন্দিৰক অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ হিচাপে গঢ়ি তুলিছিল। এক বৃহৎ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ আঁচনি লোৱাৰ পৰিপ্ৰেক্ষিতত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে “অপাৰেচন থাণ্ডাৰব্লাষ্ট” ঘোষণা কৰিলে। খালীস্থানীৰ হাতৰ পৰা স্বৰ্ণ মন্দিৰ উদ্ধাৰ কৰা হ’ল যদিয়ো তাত বহুতো শিখৰ মৃত্যু হ’ল । সেই ঘটনাৰ প্ৰতিশোধ পূৰণৰ বাবে ১৯৮৪ চনৰ ৩১ অক্টোবৰ তাৰিখে প্ৰধান মন্ত্ৰীৰ দেহৰক্ষীয়ে ইন্দিৰা গান্ধীৰ ওপৰত উপৰ্যুপৰি গুলী বৰ্ষণ কৰে। গুলীৰ আঘাটত তেওঁৰ দেহ থকা-সৰকা হৈ পৰিল। প্ৰধান মন্ত্ৰীৰ শৰীৰত বটলে বটলে ৰক্ত সংৰচন কৰিয়ো ডাক্তৰসকল বিফল হ’ল। সন্ধিয়া সময়ত ডাক্তৰে তেওঁৰ মৃত্যুৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিলে ।
লগে লগে দেশৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হিচাপে, এসময়ৰ উৰাজাহাজৰ পাইলট ইন্দিৰা গান্ধীৰ পুত্ৰ, ৰাজীৱ গান্ধীয়ে শপত গ্ৰহণ কৰিলে।
প্ৰধানমন্ত্ৰী হৈ ৰাজীৱ গান্ধীয়ে নিজৰ ভাৱমূৰ্তি উজ্জ্বল কৰিবলৈ অন্যান্য কিছু কামৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক আলোচনাৰ বাবে পুনৰ আমন্ত্ৰণ জনালে।
দেশৰ প্ৰগতি, সম্বৃদ্ধি বিচৰা যিকোনো লোকেই তাক স্বাগতম জনালে। কিন্তু সেইবাৰো আলোচনা ব্যৰ্থ হ’ল ।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here