সহযাত্ৰী

0
107
সহযাত্ৰী

সহযাত্ৰী

(পচান্নবৈ)

আন্দোলনৰ সফলতাৰ বাবে প্ৰতিজন অসমীয়াই নিজকে নিস্বাৰ্থভাৱে আগবঢ়াই দিছিল। তাৰ মাজতে আছিল দুটা স্বাৰ্থপৰ ৰাজনৈতিক দল, এচ, এফ, আই, আৰু কংগ্ৰেছ। চৰকাৰখন নিজেই দেশৰ স্বাৰ্থত আন্তৰিকতাহীন আছিল।কেৱল এটা নিৰ্দিষ্ট শ্ৰেণীৰ ভোট লাভ কৰি বছৰ বছৰ একেটা সমষ্টিৰ পৰা জিকি প্ৰাৰ্থীবোৰে চৰকাৰ গঠন কৰাৰ লালসাৰ বাবেই “অসমত এটাও বিদেশী নাই” বুলি ক’বলৈয়ো এই কংগ্ৰেছৰ নেতাবোৰে বিবেকৰ দংশন আৰু লাজ অনুভৱ নকৰে। কিন্তু বিচাৰ সকলোৰে হ’বই। সেই দিন কেতিয়া আহিব তাকেহে কোনেও নাজানে।
এই আন্দোলনটো ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত এটা অহিংস আন্দোলন। আইনে ইয়াক অসাংবিধানিক আখ্যা দিব নোৱাৰে। কিন্তু এই গণ আন্দোলনটো বিপথে পৰিচালিত কৰিবলৈ কেইটামান ৰাজনৈতিক দলে অহৰহ চেষ্টা কৰি থাকিল। ইন্দিৰা-মুজিব চুক্তিৰ দোহাই দি বাংলাদেশৰ নাগৰিকবোৰক অসমত ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই থাকিল।
১৯৭২ চনৰ ১৯ মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু বাংলাদেশ- প্ৰধান শ্বেখ মুজিবৰ ৰহমানৰ মাজত ঢাকাত এখন সন্ধি স্বাক্ষৰিত হৈছিল। ই মৈত্ৰী, শান্তি আৰু সহযোগীতাৰ বাৰ্তাবাহী সন্ধি। মুঠ বাৰটা অনুচ্ছেদৰ এই চুক্তিখনত প্ৰথম অনুচ্ছেদ দুয়োখন দেশৰ মাজত শান্তি, মৈত্ৰী, আদৰ্শ প্ৰতিবেশীৰ নীতিসমূহ দুয়ো ৰাষ্ট্ৰই মানি চলাৰ ঘোষণা আছে। বানপানী নিয়ন্ত্ৰণ, নদীৰ অৱবাহিকাৰ উন্নয়ন, জলবিদ্যুৎ , জলসিঞ্চন, সাহিত্য, সংস্কৃতি, শিল্প, কলা, স্বাস্থ্য, খেল-ধেমালি, আদি বিষয়ৰ উন্নতিৰ হকে দুয়ো দেশে কাম কৰাৰ প্ৰতিশ্ৰুতি ৰাখিছে। দুয়োখন দেশৰ নিৰাপত্তা বিঘ্নিত হোৱা কোনো কাম নকৰাৰ সংকল্প আৰু এইক্ষেত্ৰত বিঘিনি উৎপন্ন হ’ব পৰা কামৰ দ্বাৰা কোনো তৃতীয় ৰাষ্ট্ৰক সহায় কৰাৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতিও আছে। যিকোনো এখন দেশে এই সন্ধিৰ পৰিপন্থী কোনো গোপন কাৰ্য্য কৰাটো সন্ধিৰ বিৰুদ্ধাচৰণ বুলি গণ্য হ’ব।সন্ধিৰ স্থায়ীত্ব ২৫ বছৰ। সন্ধিৰ এয়াই মূল বিষয়বস্তু ।
১৯৭৪ চনৰ ১৬ মে’ মাহত নতুন দিল্লীত ইন্দিৰা গান্ধী আৰু মুজিবৰ ৰহমানৰ মাজত পুনৰ এখন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিত পাঁচটা অনুচ্ছেদ আছে। প্ৰথম অনুচ্ছেদতে দুয়োখন দেশৰ সীমান্তত থকা পোন্ধৰটা অঞ্চলৰ সীমা নিৰ্ধাৰণৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ আছে। এই সীমাৰ মানচিত্ৰ ১৯৭৪ চনৰ ৩১ মেৰ ভিতৰত প্ৰস্তুত কৰি এবছৰৰ ভিতৰত কূটনৈতিক ভাবে মানচিত্ৰৰ সলনা-সলনি কৰি, সেই অঞ্চলৰ জনসাধাৰণক নতুনকৈ লগ লগা দেশৰ নাগৰিক হিচাপে লীন যোৱাৰ অধিকাৰ দি স্থিতাৱস্থাৰ মৰ্যদা প্ৰদানৰ নিৰ্দেশ তৃতীয় অনুচ্ছেদত অন্তৰ্ভূক্ত কৰা হৈছে । চতুৰ্থ আৰু পঞ্চম অনুচ্ছেদত, অনুচ্ছেদসমূহৰ ব্যাখ্যা আৰু মীমাংসাত দুয়ো ৰাষ্ট্ৰই অনুমোদন জনোৱাৰ ব্যৱস্থা আছে।
ভাৰতৰ গৃহ মন্ত্ৰাণালয়ে ১৯৭২ চনৰ চেপ্তেম্বৰ আৰু অক্টোবৰ মাহত দুখন চিঠিৰে কেইটামান নতুন কথাৰ অৱতাৰণা কৰিছে – এই চুক্তিৰ পৰা ফালৰি কাটি —
১) ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অহা ভগনীয়া বঙালী-অবঙালী, কাকো ঘূৰাই পঠোৱা নহ’ব ।
২) ২৫| ৩| ১৯৭১ আৰু ১৬|১২|১৯৭১ ৰ মাজত অহা ভগনীয়াৰ ভিতৰত বঙালী ভগনীয়াহে প্ৰত্যাবৰ্তিত কৰা হ’ব।
৩) ২৬ |১২| ১৯৭১ ৰ পিছত অহা সকলো লোককে প্ৰত্যিবৰ্তিত কৰা হ’ব। বাংলাদেশৰ চৰকাৰে এই দায়িত্ব মানি লৈছে ।
৪) বিহাৰী মুছলমান সকলে ১৬|১২| ১৯৭১ ৰ পিছত আহি যদি ৰাজনৈতিক প্ৰৰোচনাত ঘূৰি যাব নিবিচাৰে, তেনে লোকক প্ৰত্যাবৰ্তিত কৰাৰ ক্ষেত্ৰত সৃষ্টি হ’ব পৰা আইন শৃংখলাৰ প্ৰশ্ন সম্বন্ধে চৰকাৰে আশংকা প্ৰকাশ কৰিছে।
৫) যি সকল বাংলাদেশী ১৬|১২|১৯৭১ ৰ পিছত আহিছে, তেৱোঁলোক নিসন্দেহে ভাৰতৰ পৰা ঘূৰি যাব লাগিব। এই সিদ্ধান্তত ভাৰত চৰকাৰ অচল-অটল।
এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সংস্থা আৰু গণ সংগ্ৰাম পৰিষদৰ আন্দোলনৰ সবল ভিত্তি আছে। এই ভিত্তিতেই পৃথিৱী কঁপাই তোলা সংগ্ৰাম।
কিন্তু সদৌ অসম ছাত্ৰ সংস্থা আৰু গণ সংগ্ৰাম পৰিষদে কোৱাৰ দৰে কথাবোৰ নহ’ল গৈ। কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰক অসম চৰকাৰে কোনো ধৰণৰ হেচাঁ প্ৰয়োগ তো নকৰেই ওলোটাই আন্দোলনটো মষিমূৰ কৰিবলৈহে প্ৰৰোচিত কৰে। এছ এফ আই সদায়েই আন্দোলনৰ বিৰোধিতা কৰি আহিছে। তাৰোপৰি কিছুমান বঙালী ভদ্ৰলোকে আন্দোলনটোক উগ্ৰ জাতীয়তাবাদী বুলি আখ্যা দিবলৈ আৰম্ভ কৰিলে। এই অভিযানত হীৰেণ গোহাঁই নামৰ অসমীয়া এজনো সহযাত্ৰী হিচাপে আগবঢ়ি গ’ল।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here