সহযাত্ৰী

0
133
সহযাত্ৰী

সহযাত্ৰী

(বিৰান্নবৈ)

১৯৬০ চন। অসমৰ মূখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা। তেওঁ ঘোষণা কৰিলে -“অচিৰেই অসমীয়া ভাষাক ৰাজ্য-ভাষা কৰা হ’ব।” এই ঘোষণাই পাহাৰ-ভৈয়ামৰ মৈত্ৰীত জোকাৰণি তুলিলে। পাহাৰৰ মানুহৰো আশা আকাংক্ষা জাগ্ৰত হৈছিল। নিজস্ব জাতীয়তাবোধ তেৱোঁলোকৰো আছিল । অসমীয়া ভাষাটো ৰাজ্য-ভাষা কৰাৰ প্ৰস্তাৱ লোৱাৰ লগে লগে পাহাৰৰ কিছুসংখ্যক লোক অসন্তুষ্ট হৈ পৰিল । All Party Hill Leaders Conference নামেৰে ৰাজনৈতিক দল এটাই তাৰ ফলশ্ৰুতিত জন্ম লাভ কৰিলে। স্বায়ত্ত শাসন বিচাৰি এই দলে আন্দোলনৰ পাতনি মেলিলে । তেৱোঁলোকে নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ বাবে সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰি দিনে দিনে আন্দোলন তীব্ৰতৰ কৰি গৈ থাকিল। বৰ অসমৰ পৰা এখন এখনকৈ প্ৰদেশ আঁতৰি যোৱাৰ সেয়া প্ৰস্তুতিপৰ্ব। ইফালে ভাষা আন্দোলনৰ তীব্ৰতা বৃদ্ধি হৈ গৈ থাকিল। সেই সময়তেই কটন কলেজৰ ছাত্ৰ এজনে পুলিচৰ গুলীত মৃত্যু বৰণ কৰিলে।
এক তিক্ততা আৰু ভাতৃঘাতী সংঘৰ্ষৰ বাবে যেন উন্মুখ হৈ পৰিল অসম। “কাছাৰ জিলা সংগ্ৰাম পৰিষদ” গঠনেৰে কাছাৰৰ বাংলা-ভাষী লোকসকলেও বাংলা ভাষাক ৰাজ্য-ভাষা কৰাৰ বাবে আন্দোলনত নামিল পৰিল। ১৯৬১ চনতো অসমীয়া ভাষাক ৰাজ্য-ভাষা কৰা বাবে সংঘাতৰ সৃষ্টি হৈ বহুলোকেই প্ৰাণ হেৰুৱালে । এই দৰেই ক্ষূদ্ৰ জাতিসত্বাৰ উত্থান হৈ স্বাধীন ৰাজ্যৰ দাবীৰে বৃহত্তৰ অসমীয়া জাতি নিচ্ছিহ্ন হোৱাৰ পথত আগুৱাই গৈ থাকোঁতে এনেকুৱা কোনো শক্তি বা নেতা দেখা নগ’ল, যিয়ে এই ক্ষয় ৰোধ কৰিবলৈ সন্মুখত থিয় হৈ ক’ব পাৰিলে “তোমালোক ক্ষান্ত হোৱা আমি সকলোৱে মিলি প্ৰগতিৰ সোপান গঢ়িম। আমি সহযাত্ৰী আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও সহযাত্ৰী হিচাপে আগুৱাই যাম।”
নাই, কোনো নেতা নোলাল। সকলোৱে নিজৰ নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্যস্ত হৈ পৰিল। লাগিলে অসম টুকুৰা-টুকুৰ হৈ যাওক।
১৯৬৩ চনত আকৌ এটা ক্ষূদ্ৰ জাতিসত্বাৰ উন্মেষ ঘটে। অসমৰ ভূমি পুত্ৰ বড়ো সকলে বড়ো সাহিত্য সভাৰ নেতৃত্বত শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাক স্বীকৃতি প্ৰদানৰ বাবে এক দীৰ্ঘম্যাদী আৰু সুদূৰ প্ৰসাৰী আন্দোলনৰ পাতনি মেলে। সেই সময়তেই পাণ্ডু-শৰাইঘাটৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং ৰাইজৰ বাবে মুকলি কৰা হ’ল। দুয়ো পাৰৰ মানুহৰ এক ডাঙৰ অভাৱ পূৰণ হ’ল।
১৯৭০ চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ আৰু যোগীঘোপাত অশোক কাগজ কল স্থাপন কৰা হ’ল।
কলিকতাৰ নক্সালবাৰীৰ বিদ্ৰোহ ১৯৬৮ চনত অসমৰ কাছাৰ জিলালৈকো প্ৰসাৰিত হ’ল ।
১৯৬৭ চনটো অসমৰ বাবে এটা স্মৰণীয় ঘটনাৰ বছৰ। “সদৌ অসম ছাত্ৰ সন্থা”ৰ পুনৰ জন্ম ।
অসমত বাংলাদেশী লোকৰ অবাধ বিচৰণ বন্ধ কৰিবলৈ ১৯৭৮ চনত সদৌ অসম ছাত্ৰ সন্থাই এক আন্দোলনৰ কাৰ্যসূচী হাতত ল’লে।
১৯৭৯ চন।
মঙ্গলদৈ সমষ্টিৰ সাংসদ, হীৰালাল পাটোৱাৰীৰ মৃত্যু হ’ল। সমষ্টিটোৰ বাবে নিৰ্বাচনী আয়োগে উপ-নিৰ্বাচন ঘোষণা কৰিলে। ভোটাৰ তালিকাত দেখা গ’ল– প্ৰায় ৭০,০০০ সন্দেহপূৰ্ণ মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে। প্ৰথমে দৰকাৰ এখন শুদ্ধ ভোটাৰ তালিকাৰ। তাৰ পিছতহে নিৰ্বাচন সম্পৰ্কে চিন্তা কৰিব পৰা যাব। নিৰ্বাচন বন্ধ আৰু শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ দাবী জনাই “সদৌ অসম ছাত্ৰ সন্থা”ই এক অভূতপূৰ্ব আন্দোলনৰ পাতনি মেলিলে ।

১৯৭১ চন মানত “দৈনিক অসম” কাকতখনৰ সম্পাদকীয় স্তম্ভত জন- প্ৰব্ৰজনৰ ধাৰণা এটাই মাজে মাজে চৰ্চা লাভ কৰিছিল। কাকতখনত অসমত বৃহত সংখ্যক বিদেশীৰ অনুপ্ৰৱেশ ঘটি থকাৰ কথা প্ৰকাশ পাইছিল । এই অনুপ্ৰৱেশৰ দ্বাৰা অসমত যে এক নিষ্ঠুৰ বাস্তৱে খোপনি পুতি বহিছে, সেই কথা সাংবাদিক কীৰ্তিনাথ হাজৰিকাই দৈনিক অসমত বিস্তাৰিত ৰূপত লিখিবলৈ লৈছিল।
১৯৭৭ চনত জাতীয়তাবাদী নেতা নিবাৰণ বৰাই “পূৰ্বাঞ্চলীয় লোক পৰিষদ” গঠন কৰিছিল আৰু ১৯৭৮ চনত নগেন হাজৰিকায়ো “অসম জাতীয়তাবাদী দল” গঠন কৰিছিল। তেওঁলোকৰ দল গঠনৰ উদ্দেশ্য এই সময়ত স্পষ্ট নাছিল যদিয়ো বিদেশী অনুপ্ৰবেশৰ সমস্যাটোৰ ওপৰত কিছু চিন্তা-চৰ্চা কৰিছিল। এই চিন্তা-চৰ্চা পিছলৈ মুষ্টিমেয় ইন্টেলেক্সুৱেল সকলৰ মনৰ পৰা পৰ্য্যবসিত হৈ এক জাতীয়তাবাদী আৰু ৰাজনৈতিক ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়ে। কিন্তু বিষয়টোৰ ওপৰত চৰকাৰৰ উদাসীনতা আৰু আগশাৰীৰ ৰাজনৈতিক নেতাসকলৰ নিৰ্লিপ্ততা দেখি, ইতিপূৰ্বেও অসমৰ বিভিন্ন সমস্যাত সংপৃক্ত হৈ পৰা — সদৌ অসম ছাত্ৰ সংস্থাই বিষয়টো নিজৰ আওতালৈ টানি আনিলে । এই বিদশী প্ৰব্ৰজনৰ সমস্যাটো মূল বিষয় হিচাপে লৈ ১৯৭৯ চনৰ ৮ জুনত সদৌ অসম ছাত্ৰ সংস্থাই এটা বাৰ ঘন্টাৰ “অসম বন্ধ” কাৰ্য্যসূচী ঘোষণাৰ দ্বাৰা বিখ্যাত “অসম আন্দোলন”ৰ শুভ আৰম্ভণি ঘটালে। ইতিমধ্যে অসমৰ নিৰ্বাচিত চৰকাৰৰ শাসনৰ ম্যাদ শেষ হৈছিল। নিৰ্বাচন পাতিব নোৱাৰাৰ অজুহাতত ইন্দিৰা গান্ধীৰ চৰকাৰে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিলে।
১৯৭৯ বছৰটোত সদৌ অসম ছাত্ৰ সংস্থাৰ তত্বাৱধানতে ছাত্ৰ-ছাত্ৰী সকলে স্কুল-কলেজ এৰি দিলে। ১৯৭৯ চনত হ’ব লগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাও বন্ধ হৈ গ’ল। শিক্ষাৰ দিশত এক ক্ষয়িঞ্চু পৰিস্থিতি ঘনীভূত হ’বলৈ আৰম্ভ কৰিলে । ছাত্ৰ সংস্থাৰ নেতৃত্বৰ লগ লাগি ” সদৌ অসম গণ সংগ্ৰাম পৰিষদে” ১৯৮০-৮১ চনত এই আন্দোলনটোক এক গণ আন্দোলনৰ ৰূপলৈ পৰ্য্যবসিত কৰালে ।
ইতিহাসলৈ চালে দেখা যায়, বৃটিছৰ চাহ খেতিৰ স্বাৰ্থত মধ্য ভাৰতৰ পৰা ১৮৫৩ চনৰ পৰা ১৯৩৭ চনলৈ প্ৰায় দহলাখ লোক অসমলৈ আমদানি কৰা হৈছিল। কৃষি ভূমি বিচাৰি আৰু শ্ৰমৰ সন্ধানত পূৰ্ব- বংগৰ পৰা ১৯৪২ চনলৈকে প্ৰব্ৰজনকাৰীৰ সোঁত বৈছিল । আৰু ভাৰত বিভাজনে বৃহত সংখ্যক প্ৰব্ৰজনৰ বাট মুকলি কৰি দিছিল। সেই সময়ত প্ৰায় আঠ লাখ লোকৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল। আন এক মসৃণ প্ৰব্ৰজন চলি আছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰাও। ১৯৭১ চনলৈ নেপালী প্ৰব্ৰজনকাৰীৰ সংখ্যা প্ৰায় চাৰে তিনি লাখ হৈছিল গৈ ।
ইমান ডাঙৰ বোজা এটা, বিশেষকৈ বাংলা দেশী প্ৰব্ৰজনকাৰী সকলক বিতাড়নৰ বাবে আৰম্ভ হোৱা এই আন্দোলনটোলৈ অসমৰ মানুহৰ স্বতঃস্ফুৰ্ত সমৰ্থন আৰু সহযোগীতা আগবঢ়ালে। সময় নালাগিল, আন্দোলনটোৱে এটা আকাৰ লাভ কৰিলে। অসমৰ মানুহৰ এতিয়া এটাই চিন্তা – আন্দোলন ; কৰা সকলৰো, নকৰা সকলৰো!

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here