সহযাত্ৰী

0
86
সহযাত্ৰী

সহযাত্ৰী

(নব্বৈ)

চীনে ভাৰতৰ সৈন্য বাহিনীক পৰাভূত কৰি অৰুণাচল অধিকাৰ কৰিলে যদিয়ো কোনো আনুষ্ঠানিকতা প্ৰদৰ্শন নকৰাকৈ পুনৰ উভটি খোজ ল’লে । সেয়া ভাৰতৰ বাবে হয়তো সৌভাগ্য বুলিয়েই ধৰিব লাগিব। কিন্তু চৰকাৰৰ বাবে সেয়া চৰম লাজ আৰু জন্ম ভূমিক প্ৰেম কৰা ভাৰতীয়ৰ বাবে অত্যন্ত দুখৰ কথা। চীনে লাডাখৰ অক্সাই চীন ইতিমধ্যে অধিকাৰত ৰাখি থৈছে। তাক মুক্ত কৰাটোও নিশ্চয় ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ।
আনহাতে, পাকিস্তানে পূৰ্বতে ভাৰতৰ শিৰৰ মুকুট, কাশ্মীৰৰ আধা ভাগৰ ওপৰত অধিপত্য স্থাপন কৰি থৈছেই। কাশ্মীৰক লৈ দুয়োখন দেশৰ মাজত ইতিমধ্যেই সম্পৰ্ক অধিক উত্তপ্ত হৈ পৰিছে ।
দেশ বিভাজনৰ সময়ৰ পৰা পাকিস্তানে অশান্তিৰ সৃষ্টি কৰিয়েই আছিল। ১৯৫৬ চনত গুজৰাটৰ কচ্চ উপকুলৰ অধিকাৰ লৈ পাকিস্তানে ইছ্যু সৃষ্টি কৰিলে । পাকিস্তানে বিবাদমান এলেকাত পেট্ৰ’লিং আৰম্ভ কৰিলে। খাট-খুট সংঘাটৰ মাজেৰে গৈ ১৯৬৫ চনত দুয়োখন দেশৰ বোৰ্ডাৰ পুলিচৰ মাজত গুলীবৰ্ষণ আৰম্ভ হৈ ৮ এপ্ৰিলত এখন যুদ্ধৰ পূৰ্বাভাষ প্ৰতিফলিত হৈ উঠিল । পাকিস্তানে জিব্ৰাল্টৰত অপাৰেচন চলোৱাত ভাৰতে পশ্চিম পাকিস্তানত প্ৰত্যাক্ৰমণ চলালে। শেষত গৈ এই আক্ৰমণ- প্ৰত্যাক্ৰমণে বৃহৎ বৃহৎ অস্ত্ৰ- শস্ত্ৰৰ ঝনঝনি তুলিলে । ভাৰতে খেদি গৈ থাকিল। এইবাৰো বৃটিছে ওকালতি কৰিবলৈ আগবাঢ়ি আহিল। প্ৰধান মন্ত্ৰী হেৰল্ড উইলছনে যুদ্ধ বিৰাম লৈ ভাৰতক আলোচনাৰ মাধ্যমেৰে সমাধান সূত্ৰ উলিয়াবলৈ উপদেশ দিলে ।
ভাৰত ক্ষান্ত হ’ল। অৱশেষত ১৯৬৮ চনত বিদেশী ৰাষ্ট্ৰৰ হস্তক্ষেপত সমাধান সূত্ৰ আৱিষ্কাৰ হ’ল। কচ্চ উপকুলত পাকিস্তানে ৯১০ বৰ্গ কিলোমিটাৰৰ অধিকাৰ পালে।
এই অধিকাৰে জেনেৰেল আয়ুব খানৰ বিশ্বাস দৃঢ় কৰিলে যে ভাৰতীয় সৈন্যই যিকোনো শত্ৰুৰ আকস্মিক আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰে। তাৰোপৰি ১৯৬২ চনৰ পৰা চীনে দখল কৰা মাটি ভাৰতে লৰ-চৰ কৰি অধিকাৰ সাব্যস্ত কৰিব পৰা নাই। গতিকে আৰু এবাৰ আক্ৰমণ কৰি চোৱাত আপত্তি কি? তাৰ পৰিণতি ১৯৬৫ চনৰ পাকিস্তানৰ আক্ৰমণ। কিন্তু বাহিৰা দেশৰ ওকালতি মানি দুয়োখন দেশে যুদ্ধ বিৰাম ঘোষণা কৰিলে। পাকিস্তানৰ কিন্তু এইবোৰ চুক্তিৰ প্ৰতি কোনো শ্ৰদ্ধা বা আনুগত্য নাছিল।
সময় আগবাঢ়িল। সম্পূৰ্ণ ধৰ্মীয় চেতনাৰ মানস পুত্ৰ পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনৈতিক কাৰ্য্য-কলাপত দেখা যায় হিংসা আৰু হত্যাৰ অলেখ লুকা-ভাকু চলি থাকিল। যদিয়ো পাকিস্তানত গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি আছিল, সেনা প্ৰধানৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল পাকিস্তানৰ ভৱিষ্যত। ইজনৰ পিছত সিজন সৈন্য বাহিনীৰ মূৰব্বীয়ে কাৰ্য্য নিৰ্বাহ কৰি থকা প্ৰধান মন্ত্ৰী বা ৰাষ্ট্ৰপতিক উৎখাত কৰি নিজে নিজেই দেশৰ মূৰব্বী হোৱাৰ যেন প্ৰতিযোগিতাৰহে আয়োজন কৰিলে।
ইতিমধ্যে পদ্মা আৰু যমুনাৰ ব-দ্বীপত উমি উমি জ্বলিবলৈ ধৰিলে হাড় ভঙা পৰিশ্ৰম আৰু আধা-পেটীয়া ভোকৰ জুই। পাকিস্তান আৰু পূৱ পাকিস্তানৰ মাজত জাগি উঠিল সংঘাতৰ উকমুকনি। শ্বেইখ মুজিবৰ ৰহমানে পূৰ্ব পাকিস্তানত মুক্তিৰ বাৰ্তা বিয়পাবলৈ ওলাই আহিল।
কিন্তু মুক্তি কাৰ পৰা? কিহৰ পৰা?
একে জাতি, একে ধৰ্ম আৰু নিজৰ মানুহৰ সৈতে সমতা বিচাৰি আৰু সেই একেখিনি মানুহৰ শোষণৰ পৰা মুক্তি পাবলৈ শ্বেইখ মুজিবে বিদ্ৰোহৰ অগণি জ্বলালে। মুজিবৰ মুক্তি সংগ্ৰামৰ সহযাত্ৰী হ’লহি কঠোৰ পৰিশ্ৰম কৰিয়ো দিনটো আধাপেট ভাত খাই জীয়াই থকা কিছুমান সৰ্বহাৰা মানুহ। মুজিবে সৰ্বস্ব হেৰুৱাই পেলোৱা মানুহখিনি এক জোট কৰি মুক্তি বাহিনী গঠন কৰিলে। পশ্চিম পাকিস্তানৰ কবলৰ পৰা ওলাই আহিবলৈ পূব পাকিস্তানত তুমুল বিদ্ৰোহ চলিল। যেতিয়া সকলো পথ বন্ধ হ’ল মুজিবৰ ৰহমানৰ মুক্তিবাহিনীয়ে যুদ্ধ ঘোষণা কৰিলে পশ্চিম পাকিস্তানৰ বিৰূদ্ধে। মুজিবে ভাৰতৰ সহায় ভিক্ষা কৰিলে। ভাৰত সন্মত হ’ল।
তেতিয়া ভাৰতৰ কেন্দ্ৰত ইন্দিৰা গান্ধী। তেওঁ সমৰ্থন জনালে পূৱ পাকিস্তানৰ মুক্তি সংগ্ৰামক। ইন্দিৰা গান্ধীৰ আদেশত সেই সংগ্ৰামৰ সহযাত্ৰী হিচাপে থিয় দিলে “আছাম ৰাইফলছ”ৰ সেনা বাহিনীয়ে।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here