সহযাত্ৰী

0
165
সহযাত্ৰী

সহযাত্ৰী
(সপ্তাশী)

“হিন্দী-চীনী ভাই ভাই” শ্লোগানেৰে ভাৰতে ভাবিছিল চীন ভাৰতৰ বুকুৰ আপোন। এসময়ত হোৱাংহো আৰু ইয়াংচিকিয়াং নদীয়ে জুৰুলা কৰা পৃথিৱীৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশখনৰ জনতাৰ জীৱন ধাৰণ দুঃসহ হৈ পৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱে চীনক এটা ডাঙৰ কথা শিকাইছিল। সেয়া হৈছে প্ৰযুক্তিৰ বিকাশ আৰু তাৰ উপযুক্ত ব্যৱহাৰ। প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি চীনৰ দুখৰ কাৰণ – হোৱাংহো আৰু ইয়াংচিকিয়াঙক নিয়ন্ত্ৰণ কৰাই আছিল চীনৰ উত্তৰণৰ প্ৰথম খোজ। দুয়োখন নদীকে সুখৰ কাৰণ হিচাপে প্ৰতিষ্ঠা কৰাৰ পিছৰ লক্ষ্য আছিল প্ৰতিজন দেশবাসীৰ সন্মুখত দুসাঁজ অন্ন তুলি ধৰা। জনসংখ্যাৰ বিস্ফোৰণ ৰোধ কৰিবলৈ চৰকাৰৰ দ্বাৰা বিভিন্ন প্ৰচেষ্টা হাতত লোৱা হৈছিল। কঠোৰতকৈয়ো কঠোৰ আইন প্ৰনয়ণ কৰা হৈছিল। জননেতা মাওচে টুঙে চীনক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছিল।আনকি জনসাধাৰণৰ মুখৰ মাতো কাঢ়ি ল’বলৈ পিছ হোহঁকা নাছিল। জীয়াই থকাৰ স্বাৰ্থত চীনে সকলো ক্ষেত্ৰতে টেকন’ল’জি উদ্ভাৱন কৰিছিল আৰু তাৰ সফল প্ৰয়োগ সম্ভৱ কৰি তুলিছিল। ফলত দিনৰ পিছত দিন চীন শক্তিশালী হৈ গৈ আছিল। টেকন’ল’জিৰ শক্তিৰে চীনে পৃথিৱীৰ সকলো দেশকে সস্তা আৰু উন্নত ব্যৱহাৰিক সামগ্ৰীৰ যোগান ধৰিছিল। ভাৰতে কিন্তু ভাবিবও পৰা নাছিল চীনৰ শক্তিৰ কথা। যিসময়ত চীনে পৃথিৱীৰ সকলো দেশত বেপাৰৰ বেহা মেলিছিল, সেই সময়ত ভাৰতৰ শাসন চলোৱা নেতা সকলে নিজৰ লাভালাভৰ অংকত ব্যস্ত হৈ আছিল।
বেপাৰৰ লগে লগে চীনে দেশৰ পৰিসৰ বঢ়োৱাৰ বাবে আগ্ৰাসী মনোভাৱ পোষণ কৰিছিল। চকু পৰিছিল চুবুৰীয়া ৰাজ্য তীব্বতৰ ওপৰত। বৌদ্ধৰ অহিংসাৰ দূত দালাই লামাৰ চীনৰ বিৰুদ্ধে যুঁজিব পৰাকৈ নাছিল কোনো সৈন্যসজ্জা, নাছিল কোনো অস্ত্ৰ ভাণ্ডাৰ। সেয়েহে চীনে অতি সহজে দালাই লামাক বন্দী কৰাৰ কৌশল প্ৰস্তুত কৰিলে।
ফেব্ৰুৱাৰী মাহত লাচাত তিব্বতৰ আটাইতকৈ ডাঙৰ জাতীয় উৎসৱ মনলাম অনুষ্ঠিত হয়। ১৯৫৯ চনৰ ফেব্ৰুৱাৰীত যেতিয়া তিব্বতৰ জাতীয় উৎসৱ মনলাম হৈ আছিল, তেতিয়া দালাই লামাক চীনৰ সৈন্য শিবিৰত থিয়েটাৰ চাবলৈ মাৰ্চৰ ১০ তাৰিখে নিমন্ত্ৰণ জনাইছিল। লগতে স্বৰ্ত্ত দিছিল থিয়েটাৰ চাবলৈ দালাই লামা অকলে অহাৰ বাবে। কথাবোৰ জনাৰ পিছত তীব্বতৰ জনতাই দালাই লামাৰ শীতকালৰ বাসস্থান তিব্বতৰ “নৰবুলিংকা” অবৰোধ কৰি পৰম পাৱন দালাই লামাক ওলাবলৈ নিদিলে। চীনৰ কৌশল বিফল হোৱাত মাৰ্চৰ ১৭ তাৰিখে চীনা সৈন্যই নৰবুলিংকালৈ লক্ষ্য কৰি টোপ চলায়।দালাই লামাৰ সন্মুখত পলায়নৰ বাহিৰে গত্যন্তৰ নাছিল। ১৯৫৯ চনৰ ১৭ মাৰ্চৰ ৰাতিয়েই পৰম পাৱন দালাই লামাই ভেশছন ধৰি তীব্বতৰ পৰা পলায়ন কৰে। ১৯ মাৰ্চত চীনা সৈন্যই দালাই লামাৰ প্ৰধান বাসস্থান – লাচাৰ পোটলা মহল বাৰুদেৰে উৰুৱাই দিয়ে আৰু সমগ্ৰ লাচা সহিতে তীব্বতত অধিকাৰ সাব্যস্ত কৰে। দালাই লামা নিৰুদ্দেশ হোৱাৰ খবৰ চাৰিওফালে প্ৰচাৰ হোৱাৰ সময়ত তেওঁ নিৰ্বিঘ্নে টাৱাং হৈ ভাৰতত প্ৰৱেশ কৰিলে।
চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতেই একমাত্ৰ তেওঁৰ ভৰষা।
দালাই লামাক ভাৰতে আশ্ৰয় দিয়াটো চীনে বিচৰা নাছিল। অভিযোগ উঠিছিল কমিউনিষ্ট মাওচে টুঙে তিব্বতৰ সংস্কাৰৰ কথা কৈছিল আৰু নেহেৰুৱে তিব্বতৰ সংস্কাৰ বিচৰা নাছিল।
আনহাতে, অৰুণাচল প্ৰদেশৰ ওপৰতো চকু পৰিছিল চীনৰ। কেৱল অপেক্ষা কৰিছিল সুযোগৰ।
“ফৰ’ৱাৰ্ড পলিচী” প্ৰস্তুত কৰা নেহেৰুৱে নাজানিছিল নিজৰ সৈন্যদলৰ শক্তি। চীন আৰু ভাৰতৰ মাজৰ মেকমোহন লাইনৰ সীমাৰ সম্পৰ্কে তেওঁ নাছিল সম্পূৰ্ণ অৱগত। ভাৰত-চীন সীমান্তত তেওঁৰ আদেশত স্থাপন কৰা সৈন্যৰ চকীয়ে চীনক আক্ৰমণৰ পথ প্ৰশস্ত কৰি দিছিল। কিছুমান ভাৰতীয় নেতাৰ অদূৰদৰ্শী চিন্তায়ো চীনৰ আক্ৰমণ ত্বৰান্বিত কৰিছিল। নেহেৰু আৰু মোৰাৰজী দেশাই দেশত উপস্থিত নথকা সময়ত প্ৰতিৰক্ষা মন্ত্ৰী ভি কে কৃষ্ণ মেনন, যুটীয়া সচিব হৰিশ চন্দ্ৰ চাৰিণ, সেনা জেনেৰেল থপৰ, জেনেৰেল সেন, কেবিনেট সচিব খেৰা আদিৰ সিদ্ধান্তত চীনা সৈন্যৰ সীমান্ত চকীত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণক সাংকেতিক নাম দিয়া হৈছিল – অপাৰেচন লেগ হৰ্ণ।

চীনে আৰু ৰৈ থাকিব নোৱাৰিলে। চীনে ভাৰতক আক্ৰমণ কৰাৰ সুযোগ বিচাৰিয়েই আছিল। এইবাৰ সুৱৰ্ণ সুযোগ পালে । কিছুমানৰ মতে ১৯৬২ চনৰ ১৬ ছেপ্টেম্বৰত আৰু ভাৰতীয় চৰকাৰী তথ্য অনুসৰি ২০ চেপ্তেম্বৰত চীনে ভাৰতক আক্ৰমণ কৰিলে। চীন আগুৱাই আহি অৰুণাচলত প্ৰৱেশ কৰিলে। অৰুণাচল বাসীয়ে ঘৰ-দুৱাৰ, টকা-পইচা এৰি প্ৰাণৰ মমতাত ভৈয়ামৰ ফালে পলাবলৈ আৰম্ভ কৰিলে। আনহাতে চীনা সৈন্য চিকেন নেকৰ ফালে অগ্ৰসৰ হৈছিল। চীনক প্ৰতিৰোধ কৰাৰ পৰিবৰ্তে নেহেৰু শোকত ভাঙি পৰিল। তেওঁ নিশ্চিত যে চীনে অসম লৈ ল’ব। তেওঁ ৰেডিঅ’ বাৰ্তা প্ৰেৰণ কৰিলে-… “মাই হাৰ্ট গ’জ টু ডি পিপল অৱ আচাম!…….”
কিন্তু নেহৰুৰ সেই কথা অগ্ৰাহ্য কৰি অসমক ৰক্ষা কৰাৰ বাবে অসম ৰাইফলছৰ এদল সাহসী সৈন্য চীন-ভাৰত যুদ্ধৰ সহযাত্ৰী হৈ সীমান্ত অভিমুখে আগবাঢ়ি থাকিল।”

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here