সহযাত্ৰী

0
70

সহযাত্ৰী
(আঠষষ্ঠী)

” কৰিম কিম্বা মৰিম “- ধ্বনিৰে গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃটিছক শেষ সকীয়নী দিলে – “বৃটিছ ভাৰত ত্যাগ কৰা”।
এই সময়ছোৱা আছিল, সমগ্ৰ পৃথিৱীৰ দৃশ্য পট ঘনে ঘনে সলনি হোৱাৰ সন্ধিক্ষণ। যুদ্ধৰ দাৱানল এখনৰ পিছত সিখন দেশ গ্ৰাস কৰিছিল আৰু ইখন দেশক দেখি সিখন দেশে যুদ্ধোন্মাদ হৈ পৰিছিল। কি যুদ্ধৰ সৈনিক, কি সাধাৰণ নাগৰিক – মৃত্যুৱে কিৰিলি পাৰিছিল সকলোৰে মাজত। বস্তু-বাহানিৰ নাটনি হ’বলৈ আৰম্ভ কৰিছিল। আকাশত উৰিবলৈ লৈছিল আগতে নেদেখা, নাম নুশুনা যন্ত্ৰপক্ষী। সিহঁতৰ বিকট আৰাৱে সকলোৰে মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। গাৱেঁ গাৱেঁ সোমাই কংগ্ৰেছৰ ভলণ্টিয়াৰবোৰে মানুহবোৰক ট্ৰেন্স খান্দিবলৈ উৎসাহিত কৰিছিল। আৰু যদি যুদ্ধ বিমানে বোমা বৰ্ষণ কৰে তেন্তে আত্ম ৰক্ষাৰ বাবে ট্ৰেন্সত সোমাবলৈ কৈছিল।
যুদ্ধক্ষেত্ৰখন দুটা গোটত ভাগ হৈছিল। এক্সিচ পাৱাৰ আৰু এলাইড পাৱাৰ। বৃটেইন, ফ্ৰান্স আৰু ৰাছিয়াৰ সৈতে শেহতীয়াকৈ চীন আহি লগ হৈছিল এক্সিচ পাৱাৰৰ শক্তি বৃদ্ধি কৰিবলৈ। সিফালে এলাইড পাৱাৰৰ মিত্ৰ যুটী আছিল – হিটলাৰৰ জাৰ্মানী, হিৰোহিটোৰ জাপান আৰু মুচোলিনীৰ ইটালী। এই তিনি মহাশক্তিয়ে ইখনৰ পিছত সিখন যুদ্ধত জয় সাব্যস্ত কৰি আতঙ্কজনক পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
সুভাষ চন্দ্ৰ বসুয়ো পৰিকল্পনা কৰিছিল – এই মহাশক্তিৰ সহযোগত ভাৰতৰ স্বাধীনতা আজুৰি আনিবলৈ। ১৯৪১ চন এপ্ৰিল মাহত বসু জাৰ্মানীত উপস্থিত হৈ ভাৰতলৈ জাৰ্মান চৰকাৰৰ সহযোগীতা বিচাৰি প্ৰস্তাৱ ৰাখে । অপ্ৰত্যাশিত ভাৱেই জাৰ্মানীয়ে তেওঁলৈ বন্ধুত্বৰ হাত আগবঢ়ায়। উৎসাহিত হৈ বসুৱে নবেম্বৰ মাহত বাৰ্লিনত “ফ্ৰী ইণ্ডিয়া চেন্টাৰ” স্থাপন কৰে। অতি কম দিনৰ ভিতৰতে “ফ্ৰী ইণ্ডিয়া ৰেডিঅ”- ৰ সম্প্ৰচাৰো তেওঁ আৰম্ভ কৰি দিলে । তাৰ পিছতে আৰউইন ৰোমেলৰ আফ্ৰিকা কৰ্পছে বন্দী কৰা ভাৰতীয়সকলক একত্ৰিত কৰি তিনি হাজাৰ জনীয়া এটা নতুন বাহিনী গঠন কৰিলে। নাম ৰাখিলে তাৰ -” Free India Legion “। বসুৰ পৰিকল্পনা আছিল- এই বাহিনীৰ নেতৃত্ব দি জাৰ্মানীৰ স্থল পথেৰে জাৰ্মানীৰ সাম্ভাব্য ভাৰত আক্ৰমণত তেওঁ সহযাত্ৰী হোৱাৰ । কিন্তু দক্ষিণ এছিয়াত জাপানৰ জয় লাভৰ পৰিপ্ৰেক্ষিতত জাৰ্মানীৰ ভাৰত আক্ৰমণৰ প্ৰসংগ নাইকিয়া হ’ল।
পৃথিৱীৰ এই উদ্বেগজনক পৰিস্থিতিৰ মাজতো বসুৰ জীৱনলৈ পত্নী এলিজা চেংকলে সুখৰ খবৰ এটা পঠিয়াইছিল। তেওঁ এটি কন্যা সন্তানৰ পিতৃত্বৰ অধিকাৰী হোৱাৰ খবৰ ।
১৯৪২ চনৰ মে মাহত বসু আৰু এডল্ফ হিটলাৰৰ সাক্ষাৎ হৈছিল । হিটলাৰে তেওঁক চাবমেৰিণ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দি দক্ষিণ এছিয়ালৈ যোৱাৰ পৰামৰ্শ দিলে।
ইপিনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পূৰ্ণ অসহযোগ আন্দোলন আৰম্ভ হৈছিল। এই পৰ্বৰ পাতনি মেলাৰ লগে লগে গান্ধীক গ্ৰেপ্তাৰ কৰিলে। বৃটিছে তেওঁক গ্ৰেপ্তাৰ কৰি নি পুনাৰ আগাখান মহলত বন্দী কৰি থ’লে। লগতে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য সকলকো গ্ৰেপ্তাৰ কৰি বিভিন্ন জেলত বন্দী কৰি ৰাখে ।
বিগত সময়চোৱাত যুদ্ধৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছিল -১৯৪১ চনৰ ডিচেম্বৰ মাহত। প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপুঞ্জত আছিল আমেৰিকাৰ “পাৰ্ল হাৰ্বাৰ নৌবাহিনী”। আমেৰিকাৰ নৌ শক্তি আছিল পৃথিৱীৰ অদ্বিতীয় সমৰ শক্তি। কিন্তু জাপানী বায়ু সেনাৰ অতৰ্কিত আক্ৰমণত পাৰ্ল হাৰ্বাৰ সম্পূৰ্ণ বিধস্ত হৈ পৰে।
ইমান দিনে নিৰপেক্ষ দৃষ্টিভংগী লৈ থকা আমেৰিকাই এইবাৰ প্ৰকাশ্যে মিত্ৰ শক্তিৰ গোটত সন্মিমিলিত হৈ পৰিল।
যুদ্ধ আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ আগবাঢ়িল।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here