সহযাত্ৰী

0
506

সহযাত্ৰী

(তেৱান)

প্ৰশাসন আৰু বিদ্ৰোহ – ক্ৰমাগত ভাৱে কঠিনৰ পৰা কঠিন হৈ গৈ থাকিল। এহাতে বৃটিছৰ শাসন আৰু শোষণৰ কঠোৰতা যিমানেই বৃদ্ধি পালে, বিদ্ৰোহৰ দাৱানল সিমানেই তীব্ৰ হৈ পৰিল। নাইবা, উভয়েই উভয়ৰ সমানুপাতিক হিচাপে আগবাঢ়িল।
ইপিনে শিক্ষা, ব্যৱসায়, যোগাযোগ আৰু সাংস্কৃতিক বিকাশত বংগখন ভাৰতৰ ভিতৰতে জাকত জিলিকা হৈ উঠিল। কলেজ, ইউনিভাৰ্চিটি, বিভিন্ন প্ৰশাসনিক সা-সুবিধাৰে বংগৰ প্ৰগতি ঈৰ্ষনীয় বিষয় হৈ পৰিল। 
১৮০০ খ্ৰীষ্টাব্দতেই কলিকতাত বৃটিছে ফোৰ্ট উইলিয়াম কলেজ স্থাপন কৰিছিল। ১৮৫৭ খ্ৰীষ্টাব্দত কলিকতা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। আনহাতে, উইলিয়াম কেৰীয়ে কলিকতা আৰু শ্ৰীৰামপুৰত বাতৰি কাকত আৰু আলোচনীৰ পৰম্পৰা এটা স্থাপন কৰি থৈছিল। 
উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান হোৱা বাবে অসমৰ মুষ্টিমেয় মধ্যবিত্ত পৰিয়ালৰ ল’ৰা কেইজনমান কলিকতাত পঢ়িবলৈ গৈছিল। তেওঁলোকৰ মাজত আছিল – মাণিক চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, অন্নদা চৰণ ঢেকিয়াল ফুকন, দেৱীচৰণ বৰুৱা নামৰ ছাত্ৰ কেইজনমান। তেওঁলোকে তাত প্ৰৱাসত থাকোঁতে ১৮৭২ চনত ” অসমীয়া ছাত্ৰৰ সাহিত্য সভা ” – নাম দি অনুষ্ঠান আৰম্ভ কৰিছিল। যথা সময়ত তেওঁলোক অসমলৈ ঘূৰি অহাৰ পিছত আন এচাম ছাত্ৰ কলিকতালৈ গৈছিল। লাহে লাহে কলিকতালৈ পঢ়িবলৈ যোৱা ছাত্ৰৰ সংখ্যা বাঢ়ি গৈ আছিল।
পৰৱৰ্তী কালত প্ৰায় পঞ্চাশ জনমান ছাত্ৰ কলিকতাত পঢ়িবলৈ গৈছিল। মূল কেইজন  হৈছে – লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, বেনুধৰ ৰাজখোৱা, চন্দ্ৰধৰ বৰুৱা, সত্যনাথ বৰা আদি।
এদিনাখনৰ কোনোবা এটা সন্ধিয়াত এই ছাত্ৰসকলৰ চাহৰ পাৰ্টিত কোনোবা এজনে প্ৰস্তাৱ দিলে – “অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে এখন সভা পাতিব লাগে।” বাকীবোৰে লগে লগে তাত পতিয়ন গ’ল। এৰা, ভাষা নাথাকিলে জাতি কেনেকৈ বৰ্তিব? ভাষাৰ উন্নতি সাধন কৰিবই লাগিব। সকলোৱে প্ৰতিজ্ঞা ললে-“ভাষা জননীৰ বাবে যিমান যি পাৰে সিমান কৰা হ’ব।” সেই সংকল্পৰ কথা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কলমত লিখা ৰ’ল এই বুলি -” ১৮১০ শকৰ ভাদ মাহত ( ইংৰাজী ১৮৮৮ চনৰ ২৫ আগষ্টত) ৬৭ নং মীৰ্জ্জাপুৰ ষ্ট্ৰীটৰ বহাত হোৱা ‘টি পাৰ্টি’ত অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে এখন সভা কৰিবৰ প্ৰস্তাৱ হৈ সেই প্ৰস্তাৱ কাৰ্য্যত পৰিণত হোৱাৰ ফলস্বৰূপে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয়। ….. অসমৰ সকলোবিধ পঢ়াশালিতে যাতে অসমীয়া ভাষা প্ৰচলিত কৰা হয় আৰু অসমীয়া ল’ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পায়, তাৰ নিমিত্তে আসামৰ শিক্ষা বিভাগৰ অধিকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা……. দেশৰ ইতৰ সাধাৰণ সকলো শ্ৰেণীৰ মানুহৰ ভিতৰত যাতে লেখা-পঢ়াৰ চৰ্চা হয় তাৰ নিমিত্তে উক্ত উপায় উলিয়াবলৈ বাতৰি কাকতৰ প্ৰতি লোকৰ আগ্ৰহ বঢ়াবলৈ আৰু অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সৃষ্টি কৰিবলৈ সভাৰ যত্ন থাকিব। “
সেইখন সভাত উপস্থিত আছিল অসমৰ স্বনামধন্য উত্তৰ পুৰুষ সকল। সেই সভাত ছাত্ৰ সমাজে পাঠ কৰা প্ৰৱন্ধ সমূহ ছঁপা কৰাৰ পৰিকল্পনা কৰোঁতেই এখন মাহেকীয়া আলোচনী প্ৰকাশ কৰাৰ পৰামৰ্শও আগবঢ়োৱা হ’ল। তাৰ উকমুকনি আৰম্ভ হ’ল চন্দ্ৰকুমাৰ আগৰৱালাৰ হৃদয়ত । পৰিণতিত উদয় হ’ল “জোনাকী” ৰ- ১৮৮৯ চনৰ জানুৱাৰী মাহত সুদূৰৰ সেই কলিকতাত কুৰি পৃষ্ঠাৰ কলেৱৰেৰে। জহি-খঁহি পৰা অসমৰ ভাষা- সাহিত্যৰ ৰথখনৰ সহযাত্ৰী হ’ল- এদল কলেজীয়া ছাত্ৰ। তাৰ ৰথী হ’ল লক্ষ্মীনাথ বেজবৰুৱা। 
যদিয়ো “জোনাকী”য়ে পোহৰ বিলাইছিল মাত্ৰ দহটা বছৰ, সেয়া কিন্তু সাধাৰণ কথা হৈ থকা নাছিল। পৰৱৰ্তী সময়ৰ এটি যুগক জোনাকীয়ে প্ৰতিনিধিত্ব কৰিছিল, যাৰ সময় বৃত্ত আছিল সুদীৰ্ঘ পঞ্চাশ বছৰ!
অৰুণোদই যুগক হেমচন্দ্ৰ বৰুৱাই ভাষা- জ্ঞানেৰে পৰিপুষ্টিৰ যোগান ধৰিছিল। তেৱেঁই “অৰুনোদই”- শব্দটোত “ই”ৰ ঠাইত “য়” বুলি লিখাৰ পৰামৰ্শ আগবঢ়াইছিল । মিছনেৰী সাধকসকল, আনন্দৰাম আৰু হেমচন্দ্ৰ-গুণাভিৰাম যুটীয়ে কৰা অসমীয়া ভাষাৰ পুনৰ উদ্ধাৰৰ সংগ্ৰামে নতুনকৈ আধুনিক শিক্ষা-সভ্যতাৰ লগত পৰিচিত হোৱা ডেকাসকলৰ মনত এক চেতনাৰ জোৱাৰ তুলিলে।
১৮৭৩ চনত অসমীয়া ভাষা স্কুল আৰু কাছাৰীত পুনৰ প্ৰতিষ্ঠা হোৱাৰ পিছতো কিন্তু এচাম অভিজাত মধ্যবিত্তই বঙলা ভাষাৰ মোহৰ পৰা মুক্ত হ’ব পৰা নাছিল আৰু পাঠ্যপুথিৰ অভাৱত স্কুলত কিছুদিন বঙলা ভাষা চলি আছিল। সেই সময়ত অসমত অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা আছিল। সেই বাবে শিক্ষিত ডেকাচামৰ মনত ভাষা-কেন্দ্ৰীক দুৰ্ভাৱনাৰ সৃষ্টি হৈছিল- অসমত অসমীয়া ভাষাৰেই যদি স্বীকৃতি নাথাকে, তেতিয়া হলে অসম বংগীয় ভাষা-সাহিত্য-সংস্কৃতিৰ চোতালত পৰিণত হোৱা স্বাভাৱিক। অসমীয়া ভাষাহীন অসম, তেওঁলোকৰ বাবে কল্পনাৰো অগোচৰ। মিছনেৰী আৰু আনন্দৰামে সেইটো হ’বলৈ দিব নোৱাৰে। এই সংকটৰ সময়ত হেমচন্দ্ৰ বৰুৱাই “আসাম নিউচ” নামৰ ইংৰাজী-অসমীয়া আলোচনীখন অসমীয়া ভাষাক সু- প্ৰতিষ্ঠিত কৰা সংগ্ৰামৰ সহযাত্ৰী হিচাপে আগবঢ়াই দিলে।
এইবোৰ ঘটনাই অসমীয়া মানুহৰ মনত অতি ধীৰে ধীৰে এক ভাষা কেন্দ্ৰীক জাতীয়তাবোধৰ উন্মেষ ঘটোৱা দেখা গ’ল। 
ক্ৰমশঃ R.K Bezbaruah, Tezpur

LEAVE A REPLY

Please enter your comment!
Please enter your name here