সহযাত্ৰী (ছয়ষষ্ঠী)

0
117

সহযাত্ৰী (ছয়ষষ্ঠী)

ইউৰোপ ভ্ৰমণৰ সময়ত সুভাষ বসুৱে কেইবাজনো বিশ্ব নেতাক সাক্ষাৎ কৰিছিল। তাৰ ভিতৰত- লৰ্ড হেলিফেক্স, ক্লিমেন্ট এটলী, জৰ্জ লেন্সবাৰী, হেৰল্ড লাস্কী, জে বি এছ হেলডেন, ষ্টেফৰ্ড ক্ৰিপ্স, গিলবাৰ্ট মুৰে আদিৰ লগত ভাৰতৰ আহিব লগীয়া ভৱিষ্যত সম্পৰ্কে তেওঁলোকৰ সৈতে মত বিনিময় কৰিছিল।
ইতিমধ্যে সমগ্ৰ ইউৰোপৰ ৰাজনৈতিক বাতাৱৰণ সলনি হৈছিল। ইটালী, জাৰ্মানী আৰু জাপানত ধীৰে ধীৰে একনায়কত্ব বাদী ভাৱধাৰাৰ উত্থান ঘটিছিল। প্ৰথম বিশ্বযুদ্ধত মিত্ৰ পক্ষত থিয় দিয়া ইটালীৰ সৈতে মিত্ৰ শক্তিয়ে কিন্তু ১৯১৫ চনৰ লণ্ডন চুক্তিৰ প্ৰতিশ্ৰুতিসমূহ কাৰ্য্যকৰী নকৰিলে। সেয়েহে ইটালীয়ে মিত্ৰশক্তিৰ বিৰুদ্ধে থিয় দিয়াৰ কথা গুণাগঁথাও কৰিছিল। ফলত তাত বিভিন্ন বিপ্লৱী সংগঠনে মুৰ ডাঙি উঠিছিল ।
সাংবাদিক, সমাজবাদী নেতা- বেনিটো মুছ’লিনীয়ে ১৯১৯ চনত ফেচিষ্ট পাৰ্টি গঠন কৰে।১৯২১ চনৰ সাধাৰণ নিৰ্বাচনত ফেচিষ্ট পাৰ্টিয়ে ৩৫ খন আসন লাভ কৰে।ফলত ইটালীৰ ৰজা তৃতীয় ভিক্টৰ ইমানুৱেলে মুছ’লিনীক প্ৰধান মন্ত্ৰী নিযুক্তি দিয়ে। আনহাতে ভাৰ্ছাই চুক্তি আছিল প্ৰত্যেক জাৰ্মান নাগৰিকৰ মৰ্যদা আৰু জাতীয় অনুভূতিৰ অপমান। সামৰিক বিষয়া এডল্ফ হিটলাৰ জাৰ্মানীৰ জাতীয় মৰ্যদা পুনৰুদ্ধাৰৰ বাবে আগ্ৰহী হৈ উঠে। জাৰ্মান ৰাষ্ট্ৰপতি হিণ্ডেনবাৰ্গৰ মৃত্যুৰ পিছত হিটলাৰে ৰাষ্ট্ৰপতি আৰু চেনচেলৰৰ দ্বৈত পদত উপবিষ্ট হয়। হিটলাৰ “ফাহৰাৰ” হিচাপে জনাজাত হয়। আৰু নাজী বাহিনী দেশপ্ৰেমৰ প্ৰতীক ৰূপে পৰিগণিত হয়। আনহাতে, সাম্ৰাজ্যবাদী জাপানৰ শক্তি একক শক্তিলৈ উৰ্দ্ধমুখী হ’বলৈ ধৰিছিল। ১৯৩৩ চনত জাপানে মাঞ্চুৰিয়া অধিকাৰ কৰিছিল। এই সকলো মিলি ইউৰোপৰ আভ্যন্তৰীণ পৰিস্থিতি উতলি আছিল। ইউৰোপ ভ্ৰমণৰ সময়ত সুভাষ চন্দ্ৰ বসুই তাৰ আভাস হয়তো পাইছিল।
সেই ভ্ৰমণতে তেওঁ অষ্ট্ৰিয়ান গাভৰু এমিলি চেনকেলক জীৱন সংগী হিচাপে আদৰি লৈছিল। কিন্তু সেই বহু দিনলৈ তাক গোপনে ৰাখিছিল।
এহাতে ৰাজনৈতিক অভিজ্ঞতা, আনহাতে স্বাধীনতাৰ সপোন বুকুত বান্ধি বসু মাতৃভূমিলৈ প্ৰত্যাৱৰ্তন কৰি সেই বাৰ কংগ্ৰেছৰ সভাপতি পদৰ প্ৰাৰ্থী হৈছিল। তেওঁ জিকিছিলো। ১৯৩৮ চনটো ঠিকেই পাৰ হৈছিল।
১৯৩৯ চনটো তেওঁৰ বাবে বৰ কঠিন সময় হৈ থিয় দিছিল। গান্ধীৰ মতৰ বিপৰীতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে বিভিন্ন বাদ-বিবাদৰ সন্মুখত পৰিছিল। গান্ধীয়ে তেওঁক সভাপতিৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। সেই বাবে তেওঁৰ কোনো আপচোচ নাছিল।
কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়াৰ পিছতে তেওঁ গঠন কৰিলে “অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক”।
১৯৩৯ চনৰ ১ ছেপ্তেম্বৰ আছিল পৃথিৱীৰ বাবে এটা অত্যন্ত ভয়ানক দিন। জাৰ্মানীয়ে সেই দিনটোত পোলেণ্ডৰ ওপৰত আক্ৰমণ চলায়। তাৰ পিছতে এখনৰ পিচত এখন দেশ যুদ্ধত লিপ্ত হৈ পৰে। সেই ১ ছেপ্তেম্বৰ চিহ্নিত হয় পৃথিৱীৰ দ্বিতীয়খন মহাযুদ্ধৰ সময় ৰেখা।

পৰবৰ্তী কালত বৃটিছ-ভাৰত আৰু স্বয়ং সুভাষ চন্দ্ৰ বসু দ্বিতীয় বিশ্বযুদ্ধৰ সহযাত্ৰী হিচাপে আগুৱাই যায়।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here