সহযাত্ৰী ( চৌসত্তৰ )

0
93
সহযাত্ৰী

সহযাত্ৰী ( চৌসত্তৰ )

ইউৰোপ তথা পৃথিৱীৰ ভাগ্যত কি ঘটিল, সেয়া চোৱাৰ অৱকাশ তেতিয়া ভাৰতীয় নেতা সকলৰ নাছিল। সেই সময়ত তেওঁলোকৰ এটাই চিন্তা আছিল – বৃটিছে কেতিয়া ভাৰত এৰি থৈ যায়? তাৰ মাজতে ভাৰতৰ শক্তিশালী দুটা সংগঠনৰ দুজন নেতাৰ দৃষ্টি আছিল কেৱল প্ৰধান মন্ত্ৰীৰ চকী খনত। সেয়া কোনো টোপনিৰ বা নৈশ স্বপ্নও নহয়, দিবা স্বপ্ন! তাৰ মাজতে ওলমি আছিল কেইজনমান পূৰ্বেই ৰাজকীয় সম্ভ্ৰম হেৰুওৱা ৰজা বা ৰাজকুমাৰ। তেওঁলোকেও আলাসত চাং পাতি আছিল পুনৰ ৰাজপাট খোৱাৰ। এহাতে কংগ্ৰেছে বিচাৰিছিল বৃটিছে ভাৰতৰ শাসন ভাৰ কংগ্ৰেছৰ হাতত অৰ্পণ কৰি যিমান সোনকালে পাৰে গুচি যাওক। আনহাতে, মুছলিম লীগে বিচাৰিছিল – বৃটিছে ভাৰতক দ্বিখণ্ডিত কৰি এভাগ মুছলীম লীগৰ হাতত দি থৈ হে ইয়াৰ পৰা আঁতৰি যাওক। কিন্তু মহম্মদ আলি জিন্না আৰু জৱাহৰলাল নেহৰু দুয়োৰে এটা কথাত মিল আছিল। দুয়োৰো লক্ষ্য আছিল ভাৰতৰ দুভাগ হলেও হওক, কিন্তু দেশ শাসনৰ মূৰব্বী তেওঁ হ’বই লাগিব।আনহাতে, মহাত্মা গান্ধী আৰু সীমান্ত গান্ধী – খান আব্দুল গফ্ফৰ খানেও বিচাৰিছিল – ভাৰত দ্বিখণ্ডিত নহওক। কিন্তু দেশ শাসনৰ উচ্চাকাংখ্যাৰ তলত জনতাৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাথাকে।

         দ্বিতীয় বিশ্বযুদ্ধই একক শক্তি হিচাপে আমেৰিকাৰ উত্থানত সহায় কৰিলে। আন হাতে বৃটেইনৰ শক্তি সীমিত কৰিলে। ইতিমধ্যে বৃটেইনে বুজি উঠিছিল যে অৱদমনেৰে ভাৰতীয় জাতিটোক শাসন কৰা আৰু সম্ভৱ নহয়। বৃটেইনৰ সংসদত সেইবাৰ কনজাৰ্ভেটিভ পাৰ্টি পৰাজিত হৈছিল আৰু লেবাৰ পাৰ্টিয়ে চৰকাৰ গঠন কৰিছিল। প্ৰধান মন্ত্ৰী ক্লিমেন্ট এটলীয়ে ভাৰতৰ প্ৰতি নৰম দৃষ্টিভংগী গ্ৰহণ কৰিছিল। ভাৰতৰ স্বাধীনতা সম্পৰ্কে ক্লিমেন্ট এটলীৰ নেতৃত্বত সংসদত গুণাগঁথা আৰম্ভ হ’ল। তেওঁ ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতক স্বাধীনতা প্ৰদান কৰাৰ কথা ঘোষণা কৰিলে। ইপিনে ধৰ্মৰ আধাৰত মুছলীম লীগে পাকিস্তানৰ দাবী বিশ্ব যুদ্ধৰ সময়ৰে পৰা কৰি আছিল। যুদ্ধৰ শেষত ই পুনৰ জোৰদাৰ হৈ উঠিল । এই সুবিধা বৃটিছে হাতৰ পৰা যাব নিদিলে। যোৱাৰ আগতে ভাৰতৰ ভূমিত বিষবৃক্ষৰ পুলি এটা ৰুই থৈ যোৱাৰ হেঁপাহ পূৰণ কৰিবলৈ বৃটিছো উঠি পৰি লাগিল। ১৯৪৭ চনৰ ৩ জুন তাৰিখে বৃটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰিলে। সেই উদ্দেশ্যে সংসদত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 উত্থাপন কৰিলে। তাক সৰ্বসন্মত সিদ্ধান্তৰে গ্ৰহণ কৰিলে । তাৰ ভিত্তিত ভাৰতক দ্বিখণ্ডিত কৰাৰ পৰিকল্পনা ৰচিত হ’ল। ভাৰত আৰু পাকিস্তান। এখন দেশৰ বুকুতেই আৰু এখন ৰাষ্ট্ৰ! ভাৰতত নতুনকৈ অহা ভাইচ ৰয় লুইচ মাউন্ট বেটেনে মুছলমান তুষ্টিকৰণৰ ফৰ্মূলা প্ৰয়োগৰ বাবে স্বাধীনতাৰ দিন চমুৱাই আনিলে। দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰা তাৰিখটো আছিল ১৫ আগষ্ট। সেই তাৰিখটোকে ভাৰতৰ স্বাধীনতা দিয়াৰ বাবে নিৰ্ধাৰণ কৰা হ’ল। ঘড়ীৰ কাঁটাৰ লগত সময় আগবাঢ়িবলৈ ললে। ভাইচৰয় মাউণ্টবেটেনে ভাৰতৰ কাৰ্য্যভাৰ হাতত ললে। এতিয়া প্ৰতীক্ষা মাথোঁন ১৫ আগষ্টৰ মাজনিশাৰ।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here