সহযাত্ৰী (চৌষষ্ঠী)

0
135

সহযাত্ৰী (চৌষষ্ঠী)

যদিয়ো সুভাষ চন্দ্ৰ বসু গান্ধীৰ এজন শক্তিশালী সহযাত্ৰী আছিল, তথাপিয়ো দুয়োৰে মতাদৰ্শৰ দূৰত্বত ক্ৰমে বৃদ্ধি হৈ বিপৰীত মুখী হোৱাৰ আশংকা ঘনীভূত হৈছিল। তেওঁ পূৰ্ণ স্বৰাজৰ পোষকতা কৰিছিল যদিয়ো গান্ধী আৰু আন বহুতেই তাক সমৰ্থন নজনালে।
আনহাতে জৱাহৰলালৰ উপস্থিতিয়ে গান্ধীক তেওঁৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছিল। জৱাহৰলালৰ উপস্থিতিৰ দৃশ্য গান্ধীৰ সৈতে ধীৰে ধীৰে নিবিড় হৈ আহিছিল। গান্ধীৰ মনৰ গতিৰ উমান কিন্তু কোনো কংগ্ৰেছৰ নেতাই ধৰিব পৰা নাছিল। 
তাৰ মাজতে অন্যান্য অনেক জেষ্ঠ্য নেতাৰ উপস্থিতি সত্বেও ১৯২৯ চনত জৱাহৰলাল নেহেৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়। বহুতেই সন্দেহ প্ৰকাশ কৰিছিল – সেই নিৰ্বাচনত গান্ধীয়ে নেহেৰুক সভাপতি হিচাপে অধিষ্ঠিত কৰিবলৈ কিছু কৌশল প্ৰয়োগ কৰিছিল। 
ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰ চ’ৰাত “পূৰ্ণ স্বৰাজ”ৰ কথা চৰ্চিত হৈছিল। নেতা সকলৰ বহুতেই তাক কাৰ্য্যকৰী কৰণৰ বাবে মত পোষণ কৰিছিল। এইবাৰ গান্ধীয়ে কংগ্ৰেছৰ সদস্যসকলক নিৰাশ কৰাৰ কথা ভাবিব নোৱাৰিলে। ফলত, ১৯৩০ চনৰ ২৬ জানুৱাৰীত কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱত অনুমোদন জনালে। ভাৰত যেন স্বাধীনতাৰ দোক মোকালিৰ দিশে আৰু এখোজ আগুৱাই গ’ল। 
আৰু সেই বিখ্যাত ডাণ্ডি যাত্ৰা? 
গুজৰাটৰ সৱৰমতীৰ পৰা চুৰাটৰ উপকুলীয় অঞ্চল–ডাণ্ডী লৈ ৩৮৫ কিলো- মিটাৰৰ পদযাত্ৰাৰে গান্ধীয়ে এক নতুন ইতিহাস সৃষ্টি কৰিলে।
” তোৰ ডাক সুনে কেও না আসে তবে একলা চলো ৰে…… “
গান্ধী কিন্তু অকলে যাব লগীয়া হোৱা নাছিল। তেওঁৰ পৰাই আৰম্ভ হৈছিল এক মহাকাব্যিক যাত্ৰা। তাৰ সহযাত্ৰী আছিল ধৰ্ম, বৰ্ণ, জাতি, সম্প্ৰদায়, পুৰুষ, নাৰী, ডেকা, বুঢ়া নিৰ্বিশেষে ভাৰতৰ সমগ্ৰ জনতা। এই যাত্ৰাৰ পটভূমিত আছিল ” গান্ধীৰ কৰিম কিম্বা মৰিম” দৃঢ় প্ৰত্যয়। 
বৃটিছৰ অত্যাচাৰ ইমানেই বাঢ়ি গৈছিল যে সিহঁতৰ অনুমতি অবিহনে সাগৰৰ পাৰত পৰি থকা নিমখ অকণমানো ভাৰতীয় মানুহে চুব নোৱাৰিছিল। তাৰ ওপৰত আৰু নতুন কৰৰ বোজা জাপি দি গৈ আছিল। গান্ধীৰ মনত নতুন চিন্তাই ভূমুকি মাৰিলে। বৃটিছৰ সকলো আইন উলংঘা কৰা হওঁক।
চিভিল দিচ-অ’বিডিয়েন্স বা আইন অমান্য আন্দোলন। তাতেই সূত্ৰপাত হ’ল- “নিমখ সত্যাগ্ৰহ” ৰ।
১৯৩০ চনৰ ১২ মাৰ্চত সৱৰমতীৰ পৰা ডাণ্ডীলৈ গান্ধীয়ে প্ৰথমটো খোজ পেলোৱাৰ লগে লগে আগুৱাই আহিল অসংখ্য ভৰি। সেই ভৰিবোৰ মিলিত হ’ল গান্ধীৰ খোজৰ লগত। সেই খোজ কাৰো ব্যক্তিগত হৈ নাথাকিল। হৈ পৰিল – মহা নায়কৰ মহা যাত্ৰা। ২৪ দিনযোৰা মহাযাত্ৰা ডাণ্ডীত গৈ স্থবিৰ হয় ৬ এপ্ৰিলত। তাতেই গান্ধীৰ হাতত উঠি আহিল এমুঠি নিমখ।
প্ৰকৃততে সেয়া কেৱল নিমখ নাছিল। সেয়া আছিল বৃটিছ সাম্ৰাজ্যৰ ওপৰ প্ৰতিজন ভাৰতীয়ৰ বিজয়। মুক্তিৰ আনন্দ। ভাৰতীয় জনগণৰ একতাৰ প্ৰতীক। আৰু গান্ধীৰ প্ৰতি নিৰংকুশ আনুগত্য। জনতাই দৃঢ়তাৰে বিশ্বাস কৰিছিল – গান্ধীয়েই স্বাধীনতা যুঁজৰ সৰ্বোচ্চ নায়ক।
এই সত্যাগ্ৰহৰ মাধ্যমত ভাৰতত কংগ্ৰেছৰ সবল স্থিতি স্পষ্ট হৈ পৰিল। বৃটিছৰ কঠোৰতাই বিশ্বত প্ৰচাৰ লাভ কৰিলে আৰু ভাৰতৰ স্বাধীনতা যে অকল বৃটিছৰে সমস্যা নহয়, এক আন্তৰ্জাতিক বিষয়, সেয়া বিশ্ব প্ৰেক্ষাপটত উন্মোচিত হ’ল।
তাৰ আধাৰত নিৰ্মাণ হ’বলৈ গৈ থাকিল এখন নতুন ভাৰতৰ পৃষ্ঠ ভূমি।
ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here