সহযাত্ৰী (এশ তেৰ)

0
203
সহযাত্ৰী

 

সহযাত্ৰী (এশ তেৰ)

আলোচনাৰ পিছত আলোচনা চলিল। কিন্তু কৃষক নেতা অলৰ- অচৰ। বিল তিনিখন প্ৰত্যাহাৰ কৰিবলৈ কৰা দাবীত তেওঁলোক লাগি ৰ’ল। লাহে লাহে ৰাজ পথত কৃষক ধৰ্ণাত বহিল। হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষক আহি সিংঘু বোৰ্ডাৰত বহি গ’ল। প্ৰচণ্ড ঠাণ্ডাকো আওকাণ কৰি তেওঁলোক বহিয়েই থাকিল।

বিভিন্ন মিডিয়াই বিভিন্ন ধৰণে এই কৃষক বিদ্ৰোহক মূল্যায়ন কৰাৰ বাবে চেষ্টা চলালে। কংগ্ৰেছ দল, আম আদমী পাৰ্টি, পশ্চিম বংগ চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰকে ধৰি সকলো বিৰোধী দল আহি কৃষকৰ কাষত থিয় দিলে। থিয় দিলে অভিনেতা, খেলুৱৈ, সাহিত্যিক, সমাজ কৰ্মীয়ে। বিজেপিৰ সমৰ্থক কেইবাজনো আহি কৃষকৰ লগ ল’লে। চৰকাৰ নিৰ্বিকাৰ। প্ৰধানমন্ত্ৰীয়ে পুনৰ আবেদন জনালে – কৃষকে মানি লওঁক! বিভিন্ন সংবাদ মাধ্যমত টক্ শ্বো চলিল। দেশৰ বতাহ লাহে লাহে গৰম হ’বলৈ ধৰিলে।
তাৰ মাজতে কৃষক আন্দোলনৰ সৈতে খালিস্তানী সংগঠনৰ গোপন অভিসন্ধি চলাৰ কথাও পোহৰলৈ আহিল। পাকিস্তানৰ উদ্গনি থকাৰ খবৰো আহিল। আমেৰিকাৰ সমৰ্থনৰ খবৰ ওলাল। কংগ্ৰেছৰ নেতা, গান্ধী পৰিয়াল চৰকাৰৰ প্ৰৱল সমালোচনা আৰু বিৰোধিতাত মূখৰ হৈ পৰিল।

আন্দোলনকাৰী কৃষকৰ খাৱন-শোৱন, থকাৰ ধৰণ দেখি মানুহে তবধ মানিলে। সেয়া যেন ৰাজভোগহে। কৃষক নেতাৰ তাৰকায়ুক্ত হোটেলতো থকাৰ সু বন্দোবস্ত থকাৰ বিৱৰণ মিডিয়াত প্ৰচাৰ হ’ল। দদেশৰ জনতা দুটা ভাগত বিভক্ত হ’ল। একাংশ কৃষকৰ সমৰ্থক, আন অংশ চৰকাৰৰ।

ইপিনে কৃষক সংগঠনে কাৰ্য্যসূচী ঘোষণা কৰিলে – “দিল্লী চলো”। হাজাৰ হাজাৰ কৃষকে নিজৰ নিজৰ ট্ৰেক্টৰ সজাই-পৰাই সাজু হ’ল – ২৬ জানুৱাৰীত দিল্লীলৈ ট্ৰেক্টৰ অভিযান চলাবলৈ। বিভিন্ন শুভবুদ্ধিৰ লোক, মিডিয়া আৰু চৰকাৰে সেই সংকল্প ত্যাগ কৰিবলৈ কৃষকক আবেদন জনালে। কৃষক নাচোৰবান্দা, ২৬ জানুৱাৰীত দিল্লীলৈ আহিবই। দেশৰ আগশাৰীৰ নিউজ চেনেলৰ তৰফৰ পৰা হিংসাৰ আশংকা প্ৰকাশ কৰিলে। কৃষক নেতাক তেওঁলোকৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনালে।
কৃষকৰ ফালৰ পৰা হিংসাক প্ৰশ্ৰয় নিদিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিলে। চৰকাৰৰ ফালৰ পৰা হিংসা প্ৰতিৰোধৰ বাবে সকলো প্ৰস্তুতি চলালে।

ইতিমধ্যে ২৬ জানুৱাৰীৰ দিন উপস্থিত হ’ল। গণতন্ত্ৰ দিৱসৰ কাৰ্য্যসূচী সমাপ্ত হৈছিলহে মাত্ৰ। কৃষকৰ সমদলে ৰাজপথত এফালৰ পৰা তাণ্ডৱ চলাই লালকিল্লা অভিমুখে আগবাঢ়ি আহিল। বিভিন্ন স্থানত সুৰক্ষা কৰ্মীয়ে তেওঁলোকক প্ৰতিৰোধ কৰাৰ চেষ্টা চলালে। কৃষক আন্দোলন গৈ কৃষক-উন্মত্ততাত পৰিণত হ’ল। তেওঁলোকৰ জিঘাংসা দেখি দেশৰ জনতা থৰ লাগিল। তৰোৱাল, লাঠি, বন্দুক লৈ সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণ, ট্ৰেক্টৰেৰে কৰা ধংস কাৰ্য্যকো একাংশ নেতাই সমৰ্থন জনালে ।

কেবাজনো পুলিচ আহত হ’ল। পুলিচৰ ফালৰ পৰা কন্দুৱা গেছ প্ৰয়োগ কৰি সুফল নাপালে। হাত যোৰ কৰি আবেদন জনালে।
কৃষক আহি লালকিল্লাত প্ৰবেশ কৰিলে। লালকিল্লাৰ ভিতৰতো তাণ্ডৱ চলালে। সুৰক্ষাত নিয়োজিত কৰ্মচাৰীক প্ৰহাৰ কৰিলে। তাতেই ক্ষান্ত নাথাকি লালকিল্লাৰ ওপৰত উঠি ধৰ্মীয় পতাকা উৰুৱাই নিজৰ শক্তি জাহিৰ কৰিলে।

এই সমস্ত ঘটনা যে এক উগ্ৰবাদী শক্তিৰ দ্বাৰা পৰিচালিত হৈছিল – তাৰ অনেক তথ্য চৰকাৰৰ হাতত পৰিল। তাণ্ডৱ চলোৱা কৃষক নেতাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা হাতত ল’লে। ধংস কাৰ্য্য চলোৱা কেইবাজনক গ্ৰেপ্তাৰ কৰিলে। তাৰ লগে লগে কুটাঘাটকাৰী বহু বিদেশী শক্তি জড়িত থকাৰ তথ্যও পোহৰলৈ আহিল। লগতে এজনী পৰ্ণ ভিডিঅ’ৰ নায়িকা, এজনী সমাজ সংস্কাৰ কৰা বিদেশী ছোৱালীৰ কথাও কৃষক আন্দোলনৰ অপৰাধ যুক্ত কাৰ্য্যৰ সৈতে সাঙোৰ খাই পৰিল। কৃষকে আন্দোলন কৰি থাকিল, চৰকাৰে অপৰাধীক বিচাৰি থাকিল। সময়ে মূল্যায়ন কৰিব – বিজেপি দলৰ কাম-কাজ , সময়ে নিৰ্ণয় কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ত্যাগ, দেশভক্তি তথা জনতাৰ সেৱাৰ ।

তাৰ লগে লগে এই সকলোবোৰ ঘটনাৰ সহযাত্ৰী হৈ আগুৱাই যাব ভাৰতৰ সাধাৰণ জনতা। তাত সাধাৰণ মানুহৰ সুখ-দুখ, আশা-আকাংক্ষাবোৰ বহু সময়ত গৌণ হৈয়েই ৰৈ যাব। স্বাধীনতাৰ পৰৱৰ্তী ৭০ বছৰে চলি থকা ৰাজনৈতিক নেতাবোৰৰ শোষণ-লুণ্ঠন আৰু দেশৰ সম্পদ আত্মসাৎ কৰাৰ যি হুতাহ – সেয়াহে মূখ্য হৈ পৰিব।
নিৰুপায় জনতা হ’ব তাৰ সহযাত্ৰী।

সমাপ্ত

LEAVE A REPLY

Please enter your comment!
Please enter your name here