সহযাত্ৰী (উনাশী)

0
239
সহযাত্ৰী

সহযাত্ৰী (উনাশী)

ভাৰতত স্বাধীনতাৰ সূৰ্য্যোদয় ঘটিল যদিয়ো কংগ্ৰেছৰ নেতৃত্বই ভাবিছিল – ভাৰতৰ শাসন চলাবলৈ তেওঁলোক প্ৰকৃতপক্ষে সক্ষম হোৱা নাই। সেয়েহে লৰ্ড মাউণ্টবেটেনক কিছুমান দিনৰ বাবে তেওঁৰ পূৰ্বৰ পদতে স্থলাভিষিক্ত কৰি ৰাখিলে।
জৱাহৰলাল নেহৰুৰ নেতৃত্বত মন্ত্ৰী মণ্ডল গঠিত হ’ল।
ভাৰতৰ শাসন ব্যৱস্থাৰ ওপৰত মহাত্মা গান্ধীয়ে কোনোধৰণৰ ঔৎসুক্য নেদেখুৱালে। তেওঁ ক্ৰমে কংগ্ৰেছৰ পৰা আঁতৰি গৈ থাকিল। ভাৰতত শান্তি আৰু বিশ্বাস ঘূৰাই আনিবলৈ তেওঁ মানুহৰ মাজলৈ ঘূৰি গ’ল। মনৰ শান্তিৰ বাবে প্ৰাৰ্থনা, সমাজ সংস্কাৰ আৰু উপবাসত আত্মনিয়োগ কৰিবলৈ ধৰিলে।
দেশ বিভাজনৰ সময়ত গান্ধীয়ে মুছলমানৰ প্ৰতি অধিক সহানুভূতিশীলতা প্ৰদৰ্শন কৰা বুলি দেশৰ একাংশ লোকে ভাবিবলৈ বাধ্য হৈছিল। তাৰ পটভূমিত ইতিমধ্যে এক বৃহৎ ষড়যন্ত্ৰই গা-কৰি উঠিছিল। গান্ধী হত্যাৰ ষড়যন্ত্ৰ!
লটাৰীৰ যোগেদি এজন মানুহ নিৰ্বাচিত কৰা হৈ গৈছিল।
৩০ জানুৱাৰী আছিল সিদিনা। ১৯৪৮ চন।
নতুন দিল্লীৰ বিড়লা ভৱনৰ সন্মুখত জনতা মিলিত হৈছিল। প্ৰাৰ্থনা সভাত মহাত্মা গান্ধী উপস্থিত হৈছিল মনুৰ কান্ধত হাত থৈ। সময় তেতিয়া সন্ধিয়া পাঁচ বাজি সোতৰ মিনিট। হঠাতে গুৰুম গুৰুমকৈ শব্দ হৈছিল কেইবাটিও গুলীৰ। গান্ধীৰ বুকু আৰু পেটত আঘাট লাগিল। 
“হে ৰাম….” বুলি মুখেৰে দুটা শব্দ কৰি মহামানৱ জাতিৰ পিতা ঢলি পৰিল।
থিয় হৈ থকা নাথুৰাম বিনায়ক গডছে অতি কম দূৰত্বৰ পৰা গুলী কৰিছিল।
গুলীৰ শব্দত চাৰিওপিনে হুলস্থূল লাগিল। ততাতৈয়াকৈ বাপুজীক হস্পিটেললৈ লৈ যোৱা হ’ল। কিন্তু তেতিয়ালৈকে সকলো শেষ। বাপুজী চিৰ বিদায় ল’লে।
এটা যুগৰ অৱসান ঘটিল।
চন্দন কাঠৰ চিতাত ৰাজঘাটত গান্ধীজীক বিদায় দিয়া হ’ল।
১৯৪৮ চনৰ জুন মাহত গৱৰ্ণৰ জেনেৰেল মাউন্ট বেটেনেও ভাৰতৰ পৰা একেবাৰে বিদায় ল’লে।
এইবাৰ ড০ ৰাজেন্দ্ৰ প্ৰসাদক সৰ্বসন্মতি ক্ৰমে স্বাধীন ভাৰতৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব অৰ্পণ কৰা হ’ল।
গান্ধী হত্যাৰ বিচাৰ চলি থাকিল। নাথুৰাম গডছে গান্ধী হত্যাৰ বিচাৰত চাফাই দিলে – গান্ধীয়ে পাকিস্তানক অৰ্থ সাহাৰ্য্য প্ৰদান কৰি ভাৰতক দুৰ্বল কৰাৰ চেষ্টা চলাইছিল বুলি।
স্বাধীন ভাৰতৰ পৰা অপৰাধীৰ ফাঁচীৰ ব্যৱস্থা উঠাই দিছিল যদিয়ো পুনৰ সেই শাস্তি বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল। নাথুৰাম গডছে আৰু নাৰায়ণ আপ্তেক গান্ধী হত্যাৰ অভিযোগত ১৯৪৮ চনত ফাঁচী দিয়া হ’ল।
ভাৰতৰ জনতা সহযাত্ৰী হৈ ৰ’ল এখন নতুন ভাৰতৰ স্বপ্নৰ।
ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here