সহযাত্ৰী (উনসত্তৰ)

0
92

সহযাত্ৰী (উনসত্তৰ)

আমেৰিকাই যুদ্ধত অস্ত্ৰ ধাৰণ কৰাৰ লগে লগে যুদ্ধৰ ৰূপ সলনি হৈ গ’ল।
ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা বিচাৰ কৰিবলৈ হলে উভতি চাব লাগিব সময়ৰ কিছুবছৰ পিছলৈ।
১৯২৭ চনত ভাৰতত পদাৰ্পণ কৰা ছাইমন কমিছনে ভাৰতীয় সকলৰ লগতে অসমীয়া সকলকো একত্ৰিত হোৱাৰ এক সুযোগ দিছিল। ছাইমন কমিচনৰ কাৰ্য্য-ক্ৰমণিকাৰ গইনা লৈ বৃটিছ বিৰোধী আন্দোলনে নতুন মাত্ৰা লাভ কৰিলে। বৃটিছৰ ঘূৰণীয়া মেজ মেলৰ প্ৰস্তাৱ কংগ্ৰেছে দ্বাৰা নাকচ কৰাত আৰু ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছে লোৱা পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱত অসমৰ আন্দোলনকাৰী সকলেও নতুন গতি ধাৰাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ সুবিধা পালে। তাৰোপৰি, ১৯৩০ চনৰ ২৬ জানুৱাৰীত উদযাপন কৰা ” স্বাধীনতা দিৱস ” অসমৰ বাবে এক মাইলৰ খুটি হিচাপে পৰিগণিত হৈছিল। বিষ্ণুৰাম মেধি আছিল এই সময়ৰ আন্দোলনটোৰ মূল কাণ্ডাৰী। তেওঁৰ সহযাত্ৰী হৈছিল অমিয় কুমাৰ দাস, হেমচন্দ্ৰ বৰুৱা, সিদ্ধিনাথ শৰ্মা, লক্ষ্মীধৰ শৰ্মা, দেৱেশ্বৰ শৰ্মা, ভূৱনেশ্বৰ বৰুৱা, সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামী, চন্দ্ৰপ্ৰভা শইকীয়ানী, দূৰ্গাপ্ৰভা বৰা, যুৱনেতা মহেন্দ্ৰ মোহন চৌধুৰী, বিজয় চন্দ্ৰ ভাগৱতী, দেবেন্দ্ৰ নাথ শৰ্মা, লক্ষীধৰ বৰা, পূৰ্ণ শৰ্মা, হৰেশ্বৰ বেজবৰুৱা আদি। লক্ষ্যণীয় বিষয়টো হৈছে – অসমত এই আন্দোলনৰ প্ৰেক্ষাপট আছিল এক ছাত্ৰ আন্দোলন। সেয়ে কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে অসমত ছাত্ৰ সন্মিলনৰ দ্বাৰা এক ব্যাপক আন্দোলন গঢ়লৈ উঠিছিল। 
ইতিমধ্যে ১৯৩৫ চনত “বৃটিছ ভাৰত” গঠনৰ বাবে বৃটিছ পাৰ্লিয়ামেন্টত ভাৰতৰ বাবে সুদীৰ্ঘ আইন এখন প্ৰস্তুত হৈছিল। তাৰ নাম আছিল “ভাৰত চৰকাৰ আইন- ১৯৩৫” আৰু তাৰ পৰিপ্ৰেক্ষিতত অসমত নিজা মন্ত্ৰীপৰিষদ গঠন কৰাৰ সুবিধা হৈছিল। এই সুবিধা প্ৰথম গ্ৰহণ কৰিছিল – মুছলীম লীগৰ নেতা ছাৰ চৈয়দ মহম্মদ ছাদুল্লাই। কিন্তু অতিশীঘ্ৰে দেখা গ’ল- ছাদুল্লাই ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব দিয়াতকৈ অসমত পমুৱা মুছলমান সংস্থাপনতহে  গুৰুত্ব আৰোপ কৰিবলৈ ধৰিলে। লগতে চৰকাৰী কৰ্মচাৰীৰ দৰ্মহা কৰ্ত্তণ কৰি, প্ৰতিযোগিতা- প্ৰদৰ্শনীৰ আয়োজন কৰি বৃটিছ চৰকাৰৰ বাবে যুদ্ধৰ পুঁজি সংগ্ৰহত মনোনিবেশ কৰিবলৈ ধৰিলে। চৰকাৰৰ এনেকুৱা কাৰ্যকলাপৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ হবলৈ ধৰিলে। ছাত্ৰ সমাজৰ এনেকুৱা এক প্ৰতিবাদী শোভাযাত্ৰাৰ ওপৰত পুলিচী নিৰ্যাতন চলোৱাত কটন কলেজৰ চল্লিশ জন ছাত্ৰ আঘাত প্ৰাপ্ত হোৱা ঘটনাই ছাদুল্লা চৰকাৰৰ দিন চমুৱাই আনে। আৰু এইবাৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ গঠন হয়।
কিন্তু মহাযুদ্ধৰ তীব্ৰতাই ভাৰত তথা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট জটিল অৱস্থাৰ পিনে ঠেলি দিলে। যুদ্ধৰ প্ৰেক্ষাপট সলনি হ’বলৈ ধৰে, যেতিয়া জাপানে জাৰ্মানীৰ সৈতে যোগ দিলে। চিংগাপুৰ আৰু বাৰ্মালৈ জাপানৰ আগ্ৰাসনে বৃটিছৰ দ্বাৰা ভাৰতৰ সুৰক্ষাত সন্দেহ ঘনীভূত হয়। উপায়বিহীন হৈ বৃটিছ চৰকাৰে ভাৰতলৈ ক্ৰিপ্স মিছন প্ৰেৰণ কৰে, যাতে কিছুমান ৰাজনৈতিক ৰেহাই মূল্যত ভাৰতীয় সকলৰ পৰা যুদ্ধ সহযোগীতা নিশ্চিত কৰিব পাৰি। ১৯৪২ চনত ষ্টেফৰ্ড ক্ৰিপ্সে ভাৰত ভ্ৰমণ কৰি কংগ্ৰেছ আৰু মুছলীম লীগৰ সৈতে সূকীয়া সূকীয়াকৈ আলোচনা কৰে। কিন্তু কোনো এটা দলেই ক্ৰিপ্স মিছনৰ ফুচুলনিত ভোল নগ’ল।
ক্ৰিপ্স মিছনৰ ব্যৰ্থতাই ভাৰতৰ স্বাধীনতা সম্পৰ্কত আটাইতকৈ ডাঙৰ কথাটো হৈছে – বৃটিছ সাম্ৰাজ্য আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ মাজত পুনৰ আলোচনা বা বুজা-পৰাৰ সকলো পথ ৰূদ্ধ হৈ পৰাটো। 
এতিয়া একমাত্ৰ ৰাস্তা – বৃটিছৰ ওভটনি যাত্ৰা! ” বৃটিছ ভাৰত ত্যাগ কৰা “
ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here