সহযাত্রী

0
164
সহযাত্ৰী

সহযাত্রী

(চিয়ান্নবৈ)

১৮৩৬ চনৰ ২৩ মাৰ্চত শদিয়াৰ মাটিত পদাৰ্পণ কৰা আমেৰিকাৰ খ্ৰীষ্টীয়ান ব্যপ্তিষ্ট মিছনেৰী সকলে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কাম-কাজ চলাই থাকি ১৯৮৫ চনলৈ দেৰ শ বছৰ অতিক্ৰম কৰিছিল।
বিগত দেৰ শ বছৰৰ আদি চোৱাৰ পঞ্চাশ বছৰ বাদ দি পিছৰ প্ৰায় এশ বছৰেই ভাৰতৰ মধ্যবিত্ত শ্ৰেণীটোৱে স্বাধীনতা বিচাৰি ইংৰাজৰ বিৰুদ্ধে যুঁজ বাগৰ কৰোঁতেই গ’ল। তাৰ মাজতে দুখনকৈ বিশ্বযুদ্ধই সকলোৰে জীৱন আস্ত-ব্যস্ত কৰি পেলালে। সমাজৰ নিম্ন শ্ৰেণীটোৰ অসহায় অৱস্থাৰ পিনে চাবলৈ কাৰো আহৰিয়েই নোলাল। বৃটিছ চৰকাৰৰ ব্যস্ততা বাঢ়িল কেৱল স্বাধীনতাৰ সংগ্ৰাম নিচ্ছিহ্ন কৰাৰ প্ৰচেষ্টাত। আনহাতে সমগ্ৰ দেশৰ বিত্তশালী আৰু মধ্যবিত্তৰ দৃষ্টিত থাকিল একমাত্ৰ আন্দোলনৰ তীব্ৰতা বৃদ্ধি কৰা ।
অৱশেষত এদিন ভাৰতে স্বাধীনতা লাভ কৰিলে। বৃটিছ উভতি গ’ল তেওঁলোকৰ নিজৰ ঠাইলৈ। সেই সময়ত দেশৰ নেতা সকলে ক্ষমতা লৈ খোৱা-কামোৰাত ব্যস্ত হৈ পৰিল। কিমান যে কথা, কিমান ঘটনা ঘটিবলৈ ধৰিলে ভাৰতবৰ্ষত সেই সময়ত !
দেশ বিভাজনৰ সেই কটা-মৰা, ভাৰত মহাসংঘ গঠনৰ চিন্তা-চৰ্চা , হাইদৰাবাদৰ আকোৰগোজ স্থিতিত চৰ্দাৰ বল্লভভাই পেটেলৰ হস্তক্ষেপ, জম্মু-কাশ্মীৰৰ ওপৰত পাকিস্তানৰ আকস্মিক আক্ৰমণ, ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণ, সংবিধান প্ৰণয় ইত্যাদিত মনোনিৱেশ কৰোঁতে কৰোঁতে সমাজৰ তলৰ শ্ৰেণীটোৱে কাৰো দৃষ্টি আকৰ্ষণ কৰিব পৰা নাছিল।
কিন্তু এমুঠিমান লোকে সমাজৰ পিছপৰা তথা একেবাৰে তলৰ শ্ৰেণীৰ মানুহৰ খবৰ সেই সময়বোৰতো লৈ থাকিল। এই শ্ৰেণীটোৰ শিক্ষা, স্বাস্থ্য আৰু জীৱন ধাৰণৰ পথ দেখুওৱাত তেওঁলোকে ব্ৰতী হৈ উপত্যকাৰ পৰা অগম্য পাহাৰ-পৰ্বত চলাথ কৰিলে। সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰি, শিক্ষাৰ সম্প্ৰসাৰণৰ লগে লগে ধৰ্মৰ বাণী প্ৰচাৰ কৰি তেওঁলোক আগবাঢ়ি গৈ থাকিল- নেফা, নগাভূমি, খাচীয়া-জয়ন্তীয়া পাহাৰ, মিজো পাহাৰ অভিমূখে। সেই ঠাইসমূহত তেওঁলোকে ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰ হিচাপে গীৰ্জা প্ৰতিষ্ঠা কৰিলে। লগে লগে তাত স্থানীয় ভাষাৰ স্কুল খুলিলে। তাৰ সমান্তৰাল ভাবে স্বাস্থ্য সেৱাৰ বাবে হস্পিটেলো আৰম্ভ কৰিলে। ১৯৮৫ চনৰ আগে-পিছে উত্তৰ পূৰ্বাঞ্চলৰ বেছি ভাগ মানুহেই খ্ৰীষ্টীয়ান ধৰ্মক আকোৱালি ল’লে। তাৰ প্ৰকৃত খতিয়ান লোকপিয়ল সমূহে দি আহিছে।
অসমীয়া ভাষাক পুনৰ নিজৰ স্থানত অভিষিক্ত কৰাৰ পিছতো খ্ৰীষ্টীয়ান মিছনেৰী সকল ৰৈ নাথাকি অসমৰ ভিতৰুৱা অঞ্চলৰ পিচ পৰা লোকৰ মাজত, চাহ বাগিছাৰ মজদুৰৰ মাজত, পাহাৰ আৰু ভৈয়ামৰ জনজাতি সকলৰ মাজত শিক্ষা আৰু ধৰ্মৰ প্ৰচাৰ কৰি গ’ল।
আমাৰ অসমৰ ধৰ্মগুৰু সকলে মানুহ হিচাপে গণ্য নকৰা সকলকো তেওঁলোকে আকোৱালি ল’লে। বৈষ্ণৱ ধৰ্ম বৰ ঘৰ – মাজুলীও বাদ নপৰিল।
চৰকাৰে কৰাৰ আগতেই তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত কেইবাখনো হস্পিটেল প্ৰতিষ্ঠা কৰিলে। বৰ্তমানেও গুৱাহাটীত ছাত্ৰীবাৰী, গাৰো হিলচত বাবুপাৰা আৰু তুৰা, নাগালেণ্ডত ইম্পুৰা, মণিপুৰত কাঙ্গুই আৰু যোৰহাটত খ্ৰীষ্টীয়ান মেডিকেল চেন্টাৰ স্থাপন কৰি স্বাস্থ্য সেৱা প্ৰদান কৰি আছে। তাৰোপৰি তেজপুৰৰ দৰে সৰু সৰু চহৰতো একোটা স্বাস্থ্য প্ৰতিষ্ঠান খুলি সকলো প্ৰকাৰৰ ৰোগীৰ কষ্ট লাঘবৰ চেষ্টা কৰি আছে। চাবলৈ গ’লে খ্ৰীষ্টীয়ানতো বাদেই হিন্দু ধৰ্মৰ মানুহো চৰকাৰী হস্পিটেললৈ যোৱাত কৈ এইবোৰ হস্পিটেললৈ গৈহে বেছি নিৰাপত্তা অনুভৱ কৰে।
এনেকুৱা পৰিস্থিতিতে খ্ৰীষ্টীয়ান মিছনেৰী সকলৰ সহযাত্ৰী হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সত্তৰ শতাংশ মানুহে খ্ৰীষ্টীয়ান ধৰ্মত দীক্ষিত হৈছে।

ক্ৰমশঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here