সম্ভাৱনীয়তা

0
39

 

সম্ভাৱনীয়তা

আজিৰ পৰা কিছুবছৰ আগতে ৰাজস্থানলৈ গৈছিলোঁ। পৰ্য্যটকৰ বাবে মূলতঃ দুবিধ বস্তুৱেই আছে। এবিধ হৈছে তাৰ দূৰ্গবোৰ আৰু আন বিধ হৈছে মৰুভূমি। ৰাজস্থানৰ ভৌগোলিক পৰিবেশে প্ৰাচীন কালতে শাসকসকলক বাধ্য কৰাইছিল সুৰক্ষাৰ বাবে দূৰ্গৰ ব্যৱস্থা কৰিবলৈ। তাৰ ফলতেই গঢ়ি উঠিছিল দূৰ্গৰ সাম্ৰাজ্যৰ। ৰাজগড়, প্ৰতাপ গড়, সিংহ গড়, জয়শালমেৰৰ সোণাৰ কিল্লা বা গোল্ডেন ফোৰ্ট আদিয়ে জয়পুৰৰ সোণালী ইতিহাস বখানি আছে। তাক জীৱন্ত কৰি তুলিছে তাৰ চৰকাৰ আৰু সেই ৰাজ্যৰ লোকসকলে। ফলত আমাৰ দৰে হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰি আছে। সেই কাম কিন্তু চৰকাৰে অকলে কৰা নাই। তাত বৰঙণি আছে তাৰ স্থানীয় লোক সকলৰ।
জয়শালমেৰৰ মৰুভূমিৰ মাজৰ উন্মুক্ত আকাশৰ তলত প্ৰদৰ্শিত হোৱা ৰাজস্থানৰ লোকনৃত্য- Kalbelias আৰু কেম্প ফায়াৰে মোহিত কৰাৰ কৃতিত্ব কিন্তু তাৰ অধিবাসীসকলৰ হে। মৰুভূমিৰ দুৰ্বিসহ জীৱন কেনেকৈ মসৃণ কৰিব পাৰি তাক তেওঁলোকে নিজৰ উদ্ভাৱনী কৌশল আৰু চিন্তাৰ মাজেৰে প্ৰকাশ কৰিছে। লগতে সুদক্ষ হাতেৰে তাক প্ৰতিপালন কৰি আহিছে।
ঠিক সেইদৰে চেন্নাই আৰু গোৱাৰ বিস্তীৰ্ণ উপকূল অঞ্চলত গঢ়ি উঠা বিভিন্ন ব্যৱসায়ে জীপাল কৰি তুলিছে তাৰ অধিবাসী সকলৰ জীৱন। অৱশ্যে গোৱাৰ উপকূল বৃটিছ অহাৰ পূৰ্বৰে পৰাই সমৃদ্ধ হৈ আছে বিভিন্ন ব্যৱসায়ৰ যোগেদি। চেন্নাইৰ সাগৰৰ পাৰলৈ যোৱা বেছি সংখ্যক পৰ্যটক চিকিৎসাৰ বাবে অহা লোক। কিন্তু সেই সকলৰ মাধ্যমতে বিভিন্ন মণি-মুকুতা, শামুক, সাগৰীয় খাদ্যৰ সুন্দৰ ব্যৱসায় চলি আছে।
এই ৰাজ্য তিনিখনৰ তুলনাত আমাৰ অসমত বহুত বেছি সম্ভাৱনা পৰি আছে। কাজিৰঙাক উপলক্ষ কৰি তাত কৰিব পৰা বহুতো কাম আছে। দিনৰ ভাগত বন্য প্ৰাণী চাই আজৰি হোৱা লোকক ওজাপালি, ভাৱৰীয়া, বিহু, ভাওনা, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বাগৰুম্বা, ঐ নিতম আদিৰে এক স্বকীয় মাত্ৰাৰ ব্যৱস্থা কৰিব পাৰি। তাৰ লগতে থিতাতে পাব পৰাকৈ কোমল চাউল, দৈ – চিৰা, লাড়ু-পিঠাৰো সোৱাদ দিব পৰা যায়। অসমৰ জনজাতীয় চাং ঘৰৰ আৰ্হিত কিছুমান হোটেল ৰেষ্টোৰেণ্টৰ ব্যৱস্থাও কৰিব পৰা যায়। কামাখ্যাত আই নাম, ধাই নাম, নাগাৰা নাম, ওজাপালিৰ প্ৰদৰ্শন ব্যৱস্থা কৰাৰ পূৰ্ণ সুবিধা আছে। তাৰোপৰি ৰংঘৰ-কাৰেংঘৰ আদিকো তেনেকৈ গঢ়ি তুলিব পাৰিলে তাত জড়িত মানুহৰ ব্যৱসায়ে সূকীয়া ৰূপ ধাৰণ কৰিব বুলি আমাৰ বিশ্বাস।
ইতিমধ্যে, কাজিৰঙাৰ লগত থকা অৰ্কিড পাৰ্কত বিহু প্ৰদৰ্শন হোৱা দেখিছোঁ। নামেৰীত দিনৰ ভিতৰতে ৰাফ্টিঙৰ ব্যৱস্থাই পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিছে।
আজি-কালি মানুহে টকা খৰচ কৰিব পাৰে, কৰে। কিন্তু সেই ধৰণে সুবিধা পাব লাগিব। আমি বেলেগৰটো চাই বাহ বাহ কৰিলেই নহয়। তাৰ দ্বাৰা অনুপ্ৰাণিত হৈ নিজেও তাত জড়িত হব পৰাতেই সাৰ্থকতা।

আৰ কে বেজবৰুৱা , তেজপুৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here