Thursday, May 25, 2023
HomeAssameseসমুখ সমৰত দুই ঠাকৰে ! উদ্বৱ চৰকাৰক ৩ মেলৈ সময়সীমা ৰাজ ঠাকৰেৰ

সমুখ সমৰত দুই ঠাকৰে ! উদ্বৱ চৰকাৰক ৩ মেলৈ সময়সীমা ৰাজ ঠাকৰেৰ

উত্তাপ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্বৱ ঠাকৰে আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ প্ৰমুখ ৰাজ ঠাকৰে লিপ্ত হৈছে সমুখ সমৰত । মজজিদৰ লাউড স্পিকাৰ বিতৰ্কই ৰাজনীতি গৰম কৰি তুলিছে মহাৰাষ্ট্ৰত ।
৩ মেৰ ভিতৰত মহাৰাষ্ট্ৰৰ সকলো মজজিদৰ পৰা লাউড স্পিকাৰ আতৰ কৰা সময়সীমা বান্ধি দিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ প্ৰমুখ ৰাজ ঠাকৰেই । অন্যথা সকলো মজজিদৰ সন্মুখত লাউড স্পিকাৰত হনুমান চালিচা পাঠ কৰাৰ হুংকাৰ ৰাজ ঠাকৰেৰ ।
এক জনসভাত অংশগ্ৰহণ কৰি ৰাজ ঠাকৰেই কয় , এই সমস্যা সামাজিক , ধাৰ্মিক নহয় । তেওঁ‌ কয় , মই নামাজৰ বিৰুদ্ধে নহয় , নামাজ আপুনি আদায় কৰাওক তাত আপত্তি নাই । কিন্ত চৰকাৰে মজজিদৰ পৰা লাউড স্পিকাৰ আতৰ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক ।
ৰাজ ঠাকৰেৰ এই মন্তব্যৰ পিচতে জাঙুৰ খাই উঠিছে শিৱসেনা । ৰাজ ঠাকৰেক উভতি ধৰিছে শিৱসেনাৰ প্ৰবক্তা সঞ্জয় ৰাওটে । ৰাজ ঠাকৰেক বিজেপিৰ পেপাঁ‌ আখ্যা সঞ্জয় ৰাওতৰ । বিজেপিয়ে এই বিযয়টোত সফল হব নোৱাৰি এতিয়া আগবঢ়াই দিছে ৰাজ ঠাকৰেক ।

National Desk , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments