সমাজত বিষবাষ্প চটিয়াব বিচৰা চলমান চিষ্টীক গ্ৰেপ্তাৰ
‘মুৰৰ সলনি ঘৰ ‘ দিম বুলি কৰা বক্তব্যৰে সমাজত বিষবাষ্প চটিয়াব বিচৰা আজমেৰৰ খাদিম চলমান চিষ্টীক গ্ৰেপ্তাৰ কৰে আজমেৰ আৰক্ষীয়ে । মঙলবাৰে নিশা নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চলমান চিষ্টীক ।
কিছুদিন পুৰ্বে এক ভিডিওৰ জৰিয়তে বিজেপিৰ প্ৰাক্তন প্ৰবক্তা নুপুৰ শৰ্মাৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিছিল চিষ্টীয়ে । ভিডিও এইটো চলমান চিষ্টীয়ে কৈছিল , নুপুৰ শৰ্মা মুৰটো কাটি যিয়ে আনিব পাৰিব , সেইটোক নিজৰ ঘৰটো লিখি দিব বুলি মন্তব্য কৰিছিল চলমান চিষ্টী ।

চলমান চিষ্টীৰ এই মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । সমাজ অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব বিচৰা এইটো বিকৃত মস্তিস্কৰ চলমান চিষ্টী অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হল ৰাজস্থানৰ আজমেৰৰ আৰক্ষীয়ে । বহুটো অপৰাধৰ লগত জড়িত এই চলমান চিষ্টী পুৰণি ফাইল সমুহো খুলিবলৈ আৰম্ভ কৰিছে আৰক্ষীয়ে ।
National Desk, Ne India News