সমাগত স্বাধীনতা দিৱস ! মঙলদৈৰ কাছাৰী ময়দানত চলিছে প্ৰস্তুতি

6

সমাগত স্বাধীনতা দিৱস ! মঙলদৈৰ কাছাৰী ময়দানত চলিছে প্ৰস্তুতি

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ সকলো জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসুচী বিশেষ ভাৱে পালন কৰিব সমগ্ৰ দেশে । অসমতো ইয়াক জাকমকীয়া ৰুপত পালন কৰিবলৈ প্ৰস্তুতি আৰম্ভ হৈছে । পিচ পৰি থকা নাই দৰং জিলাও । মঙ্গলদৈৰ কাছাৰী ময়দানত চলি আছে প্ৰশাসনৰ কাম কাজ। এজাক বৰষুণৰ ফলতে ডুব যায় কাছাৰী ময়দানৰ পথাৰ খন। সেয়ে এই সময়মতে পথাৰ খনত মাটি পেলোৱা কাম চলি আছে তীব্ৰ গতিত। দৰং জিলাৰ উপায়ুক্তৰ প্ৰনৱ কুমাৰ শৰ্মাৰ তত্ত্বাৱধানত হৈ আছে মাটিৰ কাম। শতাধিক শ্ৰমিকে অহৰহ মাটি নিয়াৰি কৰাত ব্যস্ত আছে ।

পংকজ সৰকাৰ , মঙলদৈ , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here