সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

8

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অভিনন্দন অনুষ্ঠান আৰু কেৰিয়াৰ সজাগতা সভা।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত অতি প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা মৰাণ জনজাতিৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ অন্তৰ্গত তিনিচুকীয়া অঞ্চলিক সমিতিয়ে
আজি তিনিচুকীয়াৰ গেলাপুখুৰিস্থিত তিনিচুকীয়া জাতীয় বিদ্যালয়ৰ প্ৰাংগণত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞপন কৰাৰ উদ্দেশ্যে আয়োজন কৰে এই অনুষ্ঠান।

তিনিচুকীয়া আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ চুতীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে সভাপতি সত্যজিত দুৱৰাই। অনুষ্ঠানত আঞ্চলিক সমিতিখনৰ এলেকাৰ অন্তৰ্গত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মুঠ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে অভিনন্দন পত্ৰ।

অনুষ্ঠানটোত অতিথি হিচাৰে উপস্থিত থাকে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি হেম বৰুৱা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, আলোচনী সম্পাদক মণ্টু মৰাণ, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা সাংবাদিক ৰাণাদ্বীপ দুৱৰাৰ লগতে তিনিচুকীয়া জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জীতেন্দ্ৰ নাথ চেতিয়া, বিপিন বৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক উপস্থিত থাকে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here