সদৌ মৰাণ ছাত্ৰ সন্থা, ডুমডুমা আৰু মাকুম আঞ্চলিক সমিতিৰ বিক্ষোভ কাৰ্যসূচী
শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মৰাণ ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিয়ে মাকুমৰ ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল মাকুম ৰেল গেটৰ সমীপত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
মৰাণ জনগোষ্ঠীক জনজাতি কৰণ, ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰি পূৰ্ণ স্বায়ত্ব শাসন প্ৰদান কৰা,তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি অঞ্চলৰ বান খহনীয়াত বিধ্বস্ত ২৪ টা ভূমিহীন পৰিয়ালক সংস্থাপন,অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ সকলৰ লগতে অন্য ৫ জনগোষ্ঠীক জনজাতিকৰণ,বান বিধ্বস্ত পৰিয়াল সমূহক সংস্থাপন আৰু অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যাৰ শীঘ্ৰে সমাধানৰ দাবীৰে পথ অৱৰোধ কৰি বিক্ষোভ কৰে ।

আনহাতে ডুমডুমাতো তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে মৰান ছাত্ৰ সন্থাই । গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে বিক্ষোভকাৰী সকলে । কৰ্দৈগুৰিৰ ২৪ টা ভূমিহীন পৰিয়ালক পুনসংস্থাপনকে ধৰি অৰুণাচল প্ৰদেশত বসবাস কৰি থকা ৬ জনগোষ্ঠীৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান আৰু অসম-অৰুনাচলৰ সীমা বিবাদৰ স্থায়ী সমাধানৰ দাবীত শুকুৰবাৰে সদৌ মৰান ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে এঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ডুমডুমা চৰকাৰী বাছ আস্থানৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাওঁৰ প্ৰতিমূৰ্ত্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনে অংশ গ্ৰহণ কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News