সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

11

সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

সদৌ মৰাণ ছাত্ৰ সন্থা উদ্যোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠান। দেওবাৰে সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ শৈক্ষিক ন্যাসৰ সহযোগত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ১২০ জন কৃতি ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক বঁটা প্ৰদানৰ লগতে অভিনন্দন অনুষ্ঠান আয়োজন কৰে । উক্ত অভিনন্দন অনুষ্ঠানত ভুৱন চুতীয়া শৈক্ষিক বঁটা প্ৰদান কৰে ৰুচনালী দহোতিয়া , ঘনকান্ত মৰাণ শৈক্ষিক বঁটা দিয়ে ধৃতিমান মৰাণক , ৰবীন মৰাণ শৈক্ষিক বঁটা ৰাহুল বৰুৱা আৰু শ্ৰী শ্ৰী লিহিং চন্দ্ৰ মহন্ত (আচাৰ্য) শৈক্ষিক বঁটা প্ৰদান কৰা হয় ময়ুৰী চুতীয়াক । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক অখিল ৰঞ্জন দত্ত ,জিলা উপায়ুক্ত নৰ সিং পাৱাৰ ,মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ নেওগ লগতে মৰাণ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।

ৰন্টু বৰশইকীয়া , তিনিচুকিয়া , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here