ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত অইল ইণ্ডিয়াৰ হাইড্ৰকার্বন অনুসন্ধান

0
621

ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত অইল ইণ্ডিয়াৰ হাইড্ৰকার্বন অনুসন্ধান

পৰিবেশ, বন আৰু জল বায়ু পৰিবর্তন মন্ট্ৰালয় ((MoEF&CC), জিঅআয়ে তিনিচুকীয়া জিলাৰ ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ অর্ন্তগত উত্তৰ পঞ্চিম বাঘজান পিএমএলত অইলইণ্ডিয়া লিমিটেডক ৭ খন তৈলক্ষেত্ৰত হাইড্ৰকার্বন খনন আৰু পৰীক্ষা কৰিবৰ বাবে অনুমতি প্ৰদান(Environmental Clearance)কৰিছে৷এই খবৰটো বাতৰি কাকতৰ বিজ্ঞাপন যোগে ষ্টেক হোল্ডাৰ সকলৰ জ্ঞাতার্থে অবগত কৰা হৈছিল৷
বাতৰিকাকতৰ বিজ্ঞাপন যোগে অবগত কৰাৰ পিচত একাংশ ষ্টেক হোল্ডাৰে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অইলইণ্ডিয়াই কার্যকলাপ (operation)  চলাব বুলি ধাৰণা কৰি তেখেত সকলৰ অনুভব তথা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷এইক্ষেত্রত অইল কর্তৃপক্ষই সকলোৰে জ্ঞাতার্থে জনাব বিচাৰেযে, ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলত অইল ইণ্ডিয়াৰ কার্যকলাপে (operation)কোনো ধৰনৰ প্ৰভাব নেপেলায়৷

১) Extended Reach Drilling (ERD) technology ৰ সহায়ত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত খনন নকৰাকৈ ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভূগর্ভত হাইড্ৰকার্বনৰ সন্ধান কৰিবৰ বাবে ২০১৬ চনতে অইল ইণ্ডিয়া সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা অনুমতি বিচাৰিছিল৷
২)এটা নির্দিষ্ট বিস্তৃত প্ৰক্ৰিয়াৰে ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ ভিতৰত প্ৰবেশ নকৰাকৈ নির্দিষ্ট নিয়মাৱলীৰ যোগেদি পৰিবেশ, বন আৰু জলবায়ু পৰিবর্তন মন্ট্ৰালয় ((MoEF&CC) ৰ পৰা অইল ইণ্ডিয়াই অনুমতি লাভ কৰিছিল৷
৩) অইল ইণ্ডিয়াই Extended Reach Drilling (ERD) technology ৰ যোগেদি হাইড্ৰকার্বনৰ অনুসন্ধান কৰিবলৈ সক্ষম হ’ব৷ Extended Reach Drilling (ERD) technology ৰ যোগেদি ৰির্জাভাৰৰ পৰা দীর্ঘ দূৰত্ব থকি হাইড্ৰকার্বন লক্ষ্যত উপনীত হব পৰা যাব৷এই প্ৰযুক্তিৰ যোগেদি সংৰক্ষিত এলেকাত (operation) প্ৰবেশ নকৰাকৈ প্লিন্থ(Plinth) ৰ পৰা ৪ কিমি দূৰত্বলৈকে তৈলখাদ খনন কৰিব পৰা যাব৷ERD প্ৰযুক্তিৰ যোগেদি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অঞ্চলত প্ৰবেশ নকৰাকৈ ৩.৫ কিমি তলত অইলৰ খনন কার্যকলাপ নচলোৱাকৈ লক্ষ্যত উপনীত হব পাৰিব৷এই কৌশলগত প্ৰযুক্তিৰ যোগেদি গড়ে ১.৫ কিমি নির্দিষ্ট কৰা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ দূৰত্বৰ পৰা খনন পক্ৰিয়া সম্পাদন কৰিব পৰা যাব যিটো যোৱা প্ৰায় পোন্ধৰ বছৰ ধৰি বাঘজান অঞ্চলত কৰি আহিছে৷অইলে পুনৰ বাৰ কবলৈ বিচাৰে যে,
Extended Reach Drilling (ERD) technology বাবে পৰিবেশ বা ডিব্ৰু- চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কোনো ধৰনৰ ঋণাত্মক প্ৰভাব নেপেলায়৷বাণিজ্যিক ভাবে যদি সফল হয়, খাৰুৱা তেল আৰু গেছ উৎপাদনে দেশৰ শক্তিখণ্ডত অৰিহনা যুগুৱাৰ লগতে অঞ্চলটোৰ আর্থ- সামাজিক বিকাশতো অৰিহণা যোগাব৷এই অঞ্চলৰ পৰা ব্যৱসায়িক উৎপাদন হলে প্ৰধানমণ্ট্ৰীৰ১০% আমদানি হ্ৰাস কৰাৰ সপোন বাস্তবায়িত হোৱাৰ লগতে নর্থ ইষ্টভিজন ২০৩০ লক্ষ্যত উপনীত হব৷

https://youtu.be/Kdwu488zCAk?t=1

Mainu Khanikar, Ne India News.

LEAVE A REPLY

Please enter your comment!
Please enter your name here