সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সম্বৰ্ধনা অনুষ্ঠান
শুকুৰবাৰে তিনিচুকীয়াৰ উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ১৫০ শিক্ষাৰ্থী সকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই সম্বৰ্ধনা অনুষ্ঠানৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ নেতৃত্বসকলে । উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মনজিৎ বৰকাকতি , অতিৰিক্ত উপায়ুক্ত , চিন্ময় পাঠক চক্ৰ বিষয়া তিনিচুকীয়া ৰাজহ চক্ৰ , সৰুজ গোহাঁই অধ্যক্ষ মটক স্বায়ত্ব শাসিত পৰিষদ ,জিন্টু বৰগোঁহাই সভাপতি মটক যুৱ ছাত্ৰ সন্মিলন আৰু সঞ্জয় গগৈ সাধাৰণ সম্পাদক তিনিচুকীয়া জিলা সমিতিৰ উপস্থিত থাকে ।